ETV Bharat / bharat

জাৱৰৰ গাড়ীত কঢ়িয়ালে সন্দেহজনক COVID-১৯ আক্ৰান্তৰ মৃতদেহ - বালৰামপুৰৰ আৰক্ষী অধীক্ষক দেৱ ৰঞ্জন বৰ্মা

উত্তৰ প্ৰদেশৰ বালৰামপুৰত চাঞ্চল্য়কৰ ঘটনা । জাৱৰ কঢ়িওৱা গাড়ীত আৰক্ষী আৰু পৌৰ নিগম কৰ্মীয়ে সন্দেহজনক COVID-১৯ ত মৃত্যু হোৱা লোকৰ মৃতদেহ লৈ যোৱা এক ভিডিঅ' সম্প্ৰতি ছ'চিয়েল মিডিয়াত ভাইৰেল । এই ঘটনা সন্দৰ্ভত তদন্ত অব্য়াহত থকাৰ লগতে উচিত ব্যৱস্থা গ্ৰহণ কৰাৰ আশ্বাস শীৰ্ষ আৰক্ষী বিষয়াৰ ।

Body of man carried in garbage van in Uttar Pradesh's Balrampur, probe on, say police

author img

By

Published : Jun 12, 2020, 1:59 PM IST

উত্তৰ প্ৰদেশ, 12 জুনঃ উত্তৰ প্ৰদেশত পোহৰলৈ আহিছে এক চাঞ্চল্য়কৰ ঘটনা । উত্তৰ প্ৰদেশৰ বালাৰামপুৰৰ উট্ৰাওলাত আৰক্ষী আৰু পৌৰ নিগমৰ কৰ্মচাৰীৰ দ্বাৰা এখন জাৱৰ কঢ়িওৱা বাহনত সন্দেহজনক COVID-১৯ আক্ৰান্ত ৰোগীৰ মৃতদেহ লৈ যোৱা ঘটনাৰ তদন্তৰ নিৰ্দেশ ।

ছ'চিয়েল মিডিয়াত সম্প্ৰতি ভাইৰেল হৈ পৰিছে আৰক্ষী আৰু পৌৰনিগমৰ কৰ্মচাৰীয়ে এখন জাৱৰ কঢ়িওৱা বাহনত মৃতদেহ কঢ়িয়াই নিয়া এটা ভিডিঅ' । ইয়াৰ পাচতেই বালৰামপুৰ আৰক্ষীয়ে ঘটনাটো সন্দৰ্ভত তদন্তৰ ঘোষণা কৰে ।

এই সন্দৰ্ভত বালৰামপুৰৰ আৰক্ষী অধীক্ষক দেৱ ৰঞ্জন বৰ্মাই কয়, COVID-১৯ ৰ শংকাৰ বাবেই এনে হ'ব পালে বুলি উল্লেখ কৰি মৃতদেহ কঢ়িওৱা লোক সকলে পিপিই কীট পৰিধান কৰিব লাগিছিল বুলি কয় । লগতে এই বিষয়ে তদন্ত চলি আছে আৰু সোনকালেই ইয়াৰ ওপৰত বিহিত ব্য়ৱস্থা গ্ৰহণ কৰা হ'ব বুলি জানিবলৈ দিয়ে ।

আৰক্ষী অধীক্ষকজনে লগতে কয়, এইয়া আৰক্ষী আৰু পৌৰ নিগম কৰ্মীৰ দ্বাৰা অসাৱধানতা আৰু অ-সংবেদনশীল কৰ্ম । মৃতদেহটো সংক্ৰমিত হ'লেও মৃতদেহ লৈ যোৱা লোক সকলে পিপিই কীট পৰিধান কৰা জৰুৰী আছিল বুলি কয় আৰক্ষী বিষয়াগৰাকীয়ে ।

বালাৰামপুৰৰ উট্ৰাওলাত সংঘটিত হৈছিল এই নাভুত-নাশ্ৰুত কাণ্ডটো । মৃত ব্যক্তিজন আনৱাৰ হিচাপে চিনাক্ত কৰা হৈছে । ইতিমধ্যে এই ঘটনা সন্দৰ্ভত জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনে তিনিগৰাকী পৌৰনিগমৰ কৰ্মচাৰী আৰু তিনিগৰাকী আৰক্ষী কৰ্মীক নিলম্বিত কৰিছে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.