নিউজ ডেস্ক, 18 নৱেম্বৰঃ উত্তৰ প্ৰদেশৰ মিৰাট জিলাৰ ফালাৱাদা অঞ্চলত এক চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত এটা অট্টালিকা খহি পৰাত দুজন লোকৰ মৃত্যু হোৱাৰ লগতে 5 জন লোক আহত হয় ৷ তথ্য অনুসৰি ধ্বংসপ্ৰাপ্ত অট্টালিকাটোৰ পৰা 7 জন লোকক স্থানীয় লোকৰ সহযোগত আৰক্ষীয়ে উদ্ধাৰ কৰে ৷ ইয়াৰ পিচতে আটাইকেইজন লোককে ওচৰতে থকা এখন চিকিৎসালয়ত ভৰ্তি কৰা হয় ৷
বাতৰি সংগ্ৰহ কৰা সময়লৈকে ইতিমধ্যে 7 জন লোকৰ ভিতৰৰ 2 জন লোকৰ মৃত্যু হৈছে ৷ আঘাতপ্ৰাপ্ত বাকী 5 জন লোক সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে বুলি জানিবলৈ দিছে স্থানীয় আৰক্ষীয়ে ৷ তদুপৰি চিলিণ্ডাৰ বিস্ফোৰণৰ কাৰণ তথা কিহৰ বাবে এই ঘটনা সংঘটিত হ'ল সেই তথ্য এতিয়ালৈকে প্ৰকাশ কৰা নাই আৰক্ষীয়ে ৷
লগতে পঢ়কঃৰাজ্যত আকস্মিকভাৱে বৃদ্ধি নিবনুৱাৰ হাৰ