ETV Bharat / bharat

অৰুণাচল প্ৰদেশৰ ৰাজ্যসভাৰ আসন দখল বিজেপি প্ৰাৰ্থী নবাম ৰেবিয়াৰ - অৰুণাচল প্ৰদেশৰ ৰাজ্যসভাৰ একমাত্ৰ আসন

অৰুণাচল প্ৰদেশৰ ৰাজ্যসভাৰ একমাত্ৰ আসনখন দখল কৰিলে বিজেপিয়ে । শুকুৰবাৰে বিজেপি প্ৰাৰ্থী নবাম ৰেবিয়াই দখল কৰে একমাত্ৰ আসনখন । আনহাতে, আগন্তুক ১৯ জুনত মণিপুৰ, মেঘালয় আৰু মিজোৰামত অনুষ্ঠিত হ'ব ৰাজ্যসভা নিৰ্বাচন ।

নবাম ৰেবিয়া
অৰুণাচল প্ৰদেশৰ ৰাজ্যসভাৰ আসন দখল বিজেপি প্ৰাৰ্থী নবাম ৰেবিয়াৰ
author img

By

Published : Jun 13, 2020, 8:49 AM IST

নিউজ ডেস্ক,১৩ জুনঃ শুকুৰবাৰে বিনা প্রতিদ্বন্দ্বিতাৰে অৰুণাচল ৰাজ্যসভাৰ একমাত্ৰ আসনখন দখল কৰে বিজেপি প্ৰাৰ্থী নবাম ৰেবিয়াই ।

ইয়াৰ পূৰ্বে ৰেবিয়াই ১৯৯৬ ৰ পৰা ২০০২ আৰু ২০০২ ৰ পৰা ২০০৮ চনলৈকে একেৰাহে দুবাৰকৈ পূৰ্বোত্তৰ ৰাজ্যত কংগ্ৰেছৰ পৰা প্ৰতিনিধিত্ব কৰি জয় লাভ কৰিছিল । ৫৭ বছৰীয়া পূৰ্বৰ কংগ্ৰেছ তথা বৰ্তমানৰ বিজেপি নেতা গৰাকীয়ে বিধানসভাৰ সদস্য আৰু কেবিনেট মন্ত্ৰী হিচাপেও সেৱা আগবঢ়াইছে ।

আনহাতে, অৰুণাচল প্ৰদেশৰ নিৰ্বাচন আয়োগৰ এজন বিষববীয়াৰ মন্তব্য অনুসৰি একমাত্ৰ ৰাজ্যসভাৰ আসনখনৰ বাবে কোনো দ্বিতীয় গৰাকী তথা কোনো দলৰ প্ৰাৰ্থীয়ে আগবঢ়োৱা নাছিল প্ৰাৰ্থীত্ব ।

নবাম ৰেবিয়া
অৰুণাচল প্ৰদেশৰ ৰাজ্যসভাৰ আসন দখল বিজেপি প্ৰাৰ্থী নবাম ৰেবিয়াৰ

উল্লেখ্য যে, আগন্তুক ১৯ জুনত মণিপুৰ, মেঘালয় আৰু মিজোৰামত ৰাজ্যসভাৰ একমাত্ৰ আসন কেইখনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ'ব ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.