নেশ্যনেল ডেস্ক, ২৯ছেপ্টেম্বৰ: কৃষি আইনৰ বিৰোধিতা কৰিবলৈ গৈ বি জে পিক তীব্ৰ কটাক্ষ কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ। 'কিছান কী বাত' অনুষ্ঠানৰ জৰিয়তে কৃষি আইনৰ বিৰোধিতা কৰা দেশৰ ভিন্ন প্ৰান্তৰ কৃষকৰ সৈতে মত বিনময় কৰে কংগ্ৰেছ নেতাগৰাকীয়ে। মঙলবাৰে 'কিছান কী বাত'ৰ এটা ভিডিঅ' টুইটযোগে শ্বেয়াৰ কৰে। কৃষকৰ সৈতে মত বিনিময় অব্যাহত থকাৰ মাজতে ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ সময়ত বি জে পি ব্ৰিটিছৰ পক্ষত আছিল বুলি অভিযোগ উত্থাপন কৰে ৰাহুল গান্ধীয়ে।
কৃষি আইন কৃষকৰ বুকুত কৰা ছুৰিকাঘাতৰ সমতুল্য বুলি সমালেচনা কৰি কয় যে,বিমুদ্ৰাকৰণ,জি এছ টি, কৃষি আইনৰ মাজত কোনো প্ৰভেদ নাই। বিমুদ্ৰাকৰণ,জি এছ টি নিজৰ ভৰিত কুঠাৰ মৰাৰ দৰে আৰু কৃষি আইন কৃষকৰ বুকুত কৰা ছুৰিকাঘাতৰ দৰে। কৃষকৰ সমস্যাৰ কথা বি জে পিয়ে অনুধাৱন কৰিব নোৱাৰে বুলি মন্তব্য কৰে কংগ্ৰেছ নেতাগৰাকীয়ে। মত-বিনিময়ৰ মাজতে মহাৰাষ্ট্ৰৰ এগৰাকী কৃষকে কয় যে,জাতিৰ পিতা মহাত্মা গান্ধীয়ে ব্ৰিটিছৰ বিৰুদ্ধে অহিংসা আন্দোলন কৰিছিল।
যদি মহাত্মা গান্ধী জীৱিত অৱস্থাত থাকিলহেতেন,তেন্তে কৃষি আইনৰ বিৰোধিতা কৰিলেহেতেন। লগতে পঞ্জাৱ,হাৰিয়ানা,বিহাৰ আৰু মহাৰাষ্ট্ৰৰ কৃষকে কেন্দ্ৰীয় চৰকাৰে এম এছ পি সন্দৰ্ভত আশ্বাস দিয়া নাই বুলিও ক্ষোভ প্ৰকাশ কৰে। কৃষি আইনৰ জৰিয়তে চৰকাৰে কৃষকক শোষণ কৰাৰ বাট মুকলি কৰিছে বুলি মন্তব্য কৰে। আনহাতে এই আইনৰ দ্বাৰা কৃষকৰ যদিহে লাভ হয়,তেন্তে চৰকাৰে এখন এম এছ পি কিয় নিৰ্ধাৰিত নকৰে বুলি প্ৰশ্ন উত্থাপন কৰে হাৰিয়ানাৰ কৃষকে।
লগতে প্ৰকাশ ধনকড় নামৰ এগৰাকী কৃষকে ন্যূনতম সমৰ্থন মূল্যতকৈ কম দামত শস্য ক্ৰয় কৰাতো অপৰাধ হিচাপে গণ্য কৰাৰ দাবী উত্থাপন কৰে। মত-বিনিময়ৰ অন্তিম ক্ষণত ৰাহুল গান্ধীয়ে কয় যে,সাধাৰণ জনতাৰ কণ্ঠ বহুত শক্তিশালী,যিয়ে এসময়ত ভাৰতক স্বাধীন কৰিছিল আৰু এতিয়া এই একতাৰে কৃষকে কৃষি আইনৰ বিৰোধিতা কৰা উচিত।