নিউজ ডেস্ক,28 অক্টোবৰ : জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা পিডিএফৰ সভাপতি মেহবুবা মুফতিয়ে কিছুদিন পূৰ্বে ৰাষ্ট্ৰীয় পতাকাক লৈ কৰা বিতৰ্কিত মন্তব্যৰ পাচতে এইবাৰ শ্ৰীনগৰৰ বিজেপি কৰ্মীয়ে এই মন্তব্যৰ বিৰোধিতা কৰি ‘তিৰংগা ৰেলী’ উলিয়ায় ৷
বিজেপি কৰ্মীসকলে শ্ৰীনগৰৰ টেগোৰ হলৰ পৰা দালগেটৰ SKICCলৈ এই ৰেলী উলিয়াই প্ৰাক্তন মুখ্যমন্ত্ৰী মেহবুবা মুফতিৰ মন্তব্যৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ৷ ৰেলীত একাধিক বিজেপি কৰ্মীয়ে পতাকা উত্তোলন কৰা পৰিলক্ষিত হয় ৷
প্ৰতিবাদত বিজেপি কৰ্মীসকলে মেহবুবা মুফতিক কয় যে,জম্মু-কাশ্মীৰৰ সহস্ৰাধিক লোকে পতাকা উৰুৱাবলৈ সাজু হৈ আছে ৷ ৰাষ্ট্ৰীয় হিতৰ বিৰুদ্ধে কোৱাসকলৰ ওপৰত এই ৰেলীয়ে প্ৰভাৱ পেলাব বুলি বিজেপিৰ মুখপাত্ৰ আল্তাফ ঠাকুৰে সদৰি কৰে ৷
তেওঁ কয় যে,‘‘মেহবুবা মুফতিয়ে দেশৰ জাতীয় পতাকাক অসন্মান কৰিছে ৷ জম্মু-কাশ্মীৰৰ সহস্ৰাধিক লোকে এই পতাকা উৰুওৱাৰ বাবে সাজু হোৱাতো দেখুৱাবলৈ এই ৰেলীৰ আয়োজন কৰা হৈছে’’ ৷
উল্লেখ্য যে,জম্মু-কাশ্মীৰৰ পূৰ্বৰ পতাকা পুনৰুদ্ধাৰ নকৰা পৰ্যন্ত কোনো পতাকা উত্তেলন নকৰে বুলি শুকুৰবাৰে এই মন্তব্য কৰিছিল পিডিএম সভাপতি মেহবুবা মুফতিয়ে ৷
লগতে পঢ়ক : বিহাৰ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ আৰম্ভ