নিউজ ডেস্ক, 24 জানুৱাৰী : কলকাতাৰ ভিক্টোৰীয়া মেম‘ৰিয়েলত শনিবাৰে প্ৰধানমন্ত্ৰী মোডীৰ কাৰ্যসূচীৰ মাজতে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ অসন্তুষ্টি দেখিবলৈ পোৱা গৈছিল ৷ কাৰ্যসূচীত উপস্থিত একাংশ লোকে জয় শ্ৰীৰাম বুলি শ্লোগান দিয়াক কেন্দ্ৰ কৰি অসন্তুষ্ট হৈ পৰিছিল মমতা আৰু ইয়াৰ পাছতে সভাত নিজৰ ভাষণ দিয়াৰ পৰা আঁতৰি গৈছিল মুখ্যমন্ত্ৰীগৰাকী ৷ এই ঘটনাৰ পাছতে মধ্য প্ৰদেশৰ প্ৰ‘টেম স্পীকাৰ তথা বিজেপি নেতা ৰামেশ্বৰ শৰ্মাই পশ্চিম বংগৰ মুখ্যমন্ত্ৰীক আক্ৰমণৰ লক্ষ্য কৰি লৈছে ৷
বিজেপি নেতা ৰামেশ্বৰ শৰ্মাই পশ্চিম বংগৰ মুখ্যমন্ত্ৰীলৈ ৰামচৰিত মানস ৰামায়ণ উপহাৰ হিচাপে প্ৰেৰণ কৰিছে ৷ তেওঁ এই সন্দৰ্ভত কয় যে, " মমতা বাইদেউ জয় শ্ৰীৰাম ধ্বনি দিয়াৰ বাবে অসন্তুষ্ট হৈছে ৷ আপুনি পশ্চিম বংগৰ মুখ্যমন্ত্ৰী, আপুনি ভাৰত বৰ্ষৰ সেই প্ৰান্তৰ মুখ্যমন্ত্ৰী যি পশ্চিম বংগৰ পৰা সৰ্ব প্ৰথম বন্দে মাতৰম ধ্বনিৰ আৰম্ভ হৈছিল ৷ য‘ত ৰামকৃষ্ণ মিছনৰ জন্ম হয়, য‘ত স্বামী বিবেকানন্দৰ জন্ম হয়, বাইদেউ আপুনি জানে যে ভগবান ৰাম এগৰাকী মৰ্যাদা পুৰুষোত্তম ৷ "
তদুপৰি ৰামেশ্বৰ শৰ্মাই মমতা বেনাৰ্জীক প্ৰশ্ন সুধি কয় যে, " আপুনি বাংলাদেশৰ চাপত আছে নেকি ? আপুনি ভাৰতৰ এখন ৰাজ্যৰ মুখ্যমন্ত্ৰী ৷ গৰ্বৰে কওক জয় শ্ৰীৰাম, ৰামৰ বিৰোধ কৰে যদি বাইদেউ সেয়া ঠিক নহয় ৷ বাইদেউৰ ওচৰত মোৰ প্ৰাৰ্থনা যে, আপুনি হিন্দুস্থানৰ এখন ৰাজ্য পশ্চিম বংগৰ মুখ্যমন্ত্ৰী ৷ আপোনাৰ ওপৰত এনেকুৱা বাংলাদেশৰ কি চাপ আছে ? কোন কট্টৰপন্থী মুছলমানৰ চাপ আছে যাৰ বাবে আপুনি জয় শ্ৰীৰাম ধ্বনি উচ্চাৰণ কৰাত ভয় কৰিছে ? "
লগতে পঢ়ক: বিজেপি আৰু আঞ্চলিক শক্তিক ৰুধিব পাৰিবনে কংগ্ৰেছ-এআইইউডিএফে ?