ETV Bharat / bharat

নিৰ্বাচনী ৰণকৌশল প্ৰস্তুতৰ বাবে বিহাৰৰ বিজেপি সাংসদৰে জে পি নাড্ডাৰ বৈঠক - BJP chief to chair meeting of Bihar BJP MPs, senior leaders

নিৰ্বাচনী ৰণকৌশল প্ৰস্তুতৰ বাবে বিহাৰৰ বিজেপি সাংসদৰে দলটোৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ বৈঠক । কেন্দ্ৰীয় মন্ত্ৰী ৰবিশংকৰ প্ৰসাদ, গিৰিৰাজ সিং, আৰ কে সিং, নিত্যানন্দ ৰায়, অশ্বিনী ডুবেকে ধৰি বিহাৰৰ সকলো বিজেপি সাংসদে বৈঠকত অংশগ্ৰহণ কৰিব ।

নিৰ্বাচনী ৰণকৌশল প্ৰস্তুতৰ বাবে বিহাৰৰ বি জে পি সাংসদৰে জে পি নড্ডাৰ বৈঠক

author img

By

Published : Aug 29, 2020, 12:44 PM IST

নেশ্যনেল ডেস্ক, ২৯ আগষ্ট: বিজেপিৰ ৰাজ্যিক সমিতিৰে হোৱা আলোচনাৰ পিছত আজি বিহাৰৰ বিজেপি সাংসদৰে বৈঠকত মিলিত হ'ব দলটোৰ ৰাষ্ট্ৰীয় নেতা জে পি নাড্ডা । দলটোৰ কেইবাগৰাকীও শীৰ্ষ নেতাৰ উপস্থিতিত আগন্তুক বিধানসভা নিৰ্বাচনৰ ৰণনীতি প্ৰস্তুত কৰা হ'ব । কেন্দ্ৰীয় মন্ত্ৰী ৰবিশংকৰ প্ৰসাদ, গিৰিৰাজ সিং, আৰ কে সিং, নিত্যানন্দ ৰায়, অশ্বিনী ডুবেকে ধৰি বিহাৰৰ সকলো বিজেপি সাংসদে বৈঠকত অংশগ্ৰহণ কৰিব বুলি বিশেষ সূত্ৰই প্ৰকাশ কৰিছে ।

ৰাষ্ট্ৰীয় নেতাগৰাকীয়ে ৰাজ্যখনত প্ৰাথমিক পৰ্যায়ত বিজেপিৰ বৰ্তমানৰ স্থিতিৰ বিষয়ে বুজ ল'ব । আসনৰ ভাগ-বতোৱাৰা সম্বন্ধেও সাংসদসকলৰে আলোচনা কৰিব নাড্ডাই । ইতিমধ্যে যোৱা ডিচেম্বৰ মাহত দলটোৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক ভূপেন্দ্ৰ যাদৱক ৰাজ্যখনত দলৰ কাম-কাজ পৰিচালনাৰ দায়িত্ব অৰ্পণ কৰা হৈছে । যোৱা ২৩ আগষ্টত বিহাৰৰ ৰাজ্যিক বিজেপিৰ সমিতি বিষয়ববীয়াৰে সৈতে বৈঠকত মিলিত হৈছিল জে পি নাড্ডা ।

লগতে পঢ়ক : জি এছ টি বকেয়াঃ বিহাৰে জি এছ টি পৰিষদত ৰাজ্যসমূহৰ একতাক বিভাজিত কৰিছে নে কি ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.