ETV Bharat / bharat

ভাৰত-চীন সীমা বিবাদঃ কানছোক ষ্টানজিনৰ সৈতে ইটিভি ভাৰতৰ বিশেষ সাক্ষাৎকাৰ - কাৰ্যবাহী কাউন্সিলৰ কানছোক ষ্টানজিন

ইটিভি ভাৰতৰ জ্যেষ্ঠ সম্পাদক বিলাল ভাটৰ সৈতে এক আছুতীয়া সাক্ষাৎকাৰত অংশগ্ৰহণ কৰে লাডাখ পাহাৰীয়া স্বায়ত্বশাসিত উন্নয়ন পৰিষদৰ কাৰ্যবাহী কাউন্সিলৰ কানছোক ষ্টানজিন ৷ ভাৰত-চীন সীমা বিবাদক লৈ দুয়োৰে মাজত হোৱা সাক্ষাৎকাৰৰ সম্পাদিক ৰূপ আগবঢ়োৱা হ'ল এই প্ৰতিবেদনত ৷

কানছোক ষ্টানজিনৰ সৈতে ইটিভি ভাৰতৰ বিশেষ সাক্ষাৎকাৰ

author img

By

Published : Jun 6, 2020, 10:45 PM IST

ভাৰত-চীন সীমা বিবাদৰ মাজতে ইটিভি ভাৰতৰ সৈতে সাক্ষাৎকাৰত মিলিত হয় লাডাখৰ পাহাৰীয়া স্বায়ত্বশাসিত উন্নয়ন পৰিষদৰ কাৰ্যবাহী কাউন্সিলৰ ৷ কাউন্সিলৰ কানছোক ষ্টানজিনে ইটিভি ভাৰতৰ জ্যেষ্ঠ সম্পাদক বিলাল ভাটৰ সৈতে মিলিত হয় সাক্ষাৎকাৰত ৷ এই সাক্ষাৎকাৰতে কেবাটাও বিষয়ত গুৰুত্বপূৰ্ণ মন্তব্য কৰে ষ্টানজোক ৷ বিলাল ভাটৰ প্ৰশ্নৰ উত্তৰত ভাৰতৰ ভূমিত চীনা সৈন্যৰ প্ৰৱেশৰ বাতৰিৰ সঁচা বুলি উল্লেখ কৰে ষ্টানজিনে ৷

বিলাল ভাটৰ সৈতে কানছোক ষ্টানজিন

ভাৰত-চীনৰ সেনাৰ মাজত শেহতীয়াকৈ সংঘটিত ঘটনাই লাডাখৰ সাধাৰণ জীৱনৰ ওপৰতো প্ৰভাৱ পেলাইছে বুলি জানিবলৈ দিয়ে ষ্টানজিনে ৷ আন্তঃগাঁথনিগত কামকে ধৰি কৃষিলৈকে সকলোতে ভাৰত-চীনৰ সীমা বিবাদে প্ৰভাৱ বিস্তাৰ কৰাৰ কথা মুকলিকৈ প্ৰকাশ কৰে ষ্টানজিনে ৷ লাইন অৱ এক্সুৱেল কন্ট্ৰলৰ প্ৰায় 7খন গাঁৱত ইয়াৰ প্ৰভাৱ যথেষ্ট পৰিমানে পৰিছে বুলি জানিবলৈ দিয়ে ষ্টানজিনে ৷ ষ্টানজিনে জনোৱা অনুসৰি, উক্ত অঞ্চলটোত সেনাৰ তহল সাধাৰণ নৈমিত্তিক ঘটনা যদিও কেতিয়াবা এই তহল বহুত দীৰ্ঘসময়লৈ বৰ্তি থাকে ৷ গালভান ভেলি অথবা ফিংগাৰ ফৰ এলেকাত সাধাৰণ জনতাৰ প্ৰৱেশ তেনেদৰে নহয় বুলি ষ্টানজিনে ইটিভি ভাৰতৰ আগত প্ৰকাশ কৰে ৷ ষ্টানজিনে কয় যে, চীনা সৈন্যই ভাৰতৰ ভূমিত অনাধিকাৰ প্ৰৱেশ কৰি এতিয়ালৈকে উভটি যোৱা নাই ৷ এলএচিত যি ঘটি আছে তাৰ দ্বাৰা সাতখনকৈ গাঁৱৰ প্ৰায় 1,100 লোক প্ৰভাৱিত হৈছে বুলি ষ্টানজিনে প্ৰকাশ কৰে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.