নেশ্যনেল ডেস্ক, 17 ছেপ্তেম্বৰ : 10 মিনিট পলম হোৱাৰ বাবে এগৰাকী NEET পৰীক্ষাৰ্থীয়ে কলকাতাৰ পৰীক্ষা কেন্দ্ৰত প্ৰৱেশ কৰাৰ অনুমতি লাভ নকৰিলে ৷ 24 ঘন্টা ধৰি 700 কিল'মিটাৰ দূৰ্গম পথ অতিক্ৰম কৰি পৰীক্ষা কেন্দ্ৰত উপস্থিত হৈছিল দাৰভংগাৰ সন্তোষ কুমাৰ যাদৱ নামৰ ছাত্ৰজন ৷
নিজৰ অভিজ্ঞতা সম্পৰ্কত সন্তোষে কয় যে, শনিবাৰে তেওঁ পুৱা 8 বজাত বাছত উঠিছিল কিন্তু মুজফ্ফৰপুৰ আৰু পাটনাৰ মাজত যান-জঁটৰ সৃষ্টি হোৱা বাবে প্ৰায় 6 ঘন্টা খৰছ নষ্ট হয় ৷
তেওঁ কয়, "নিশা 9 বজাত পাটনাৰ পৰা আহি দেওবাৰে দিনৰ 1 বজাত কলকাতাত উপস্থিত হওঁ ৷ তাৰপাচত আমি এখন টেক্সি লও আৰু প্ৰায় 1.40 বজাত পৰীক্ষা কেন্দ্ৰত উপস্থিত হও ৷ যিহেতু 1.30 বজাৰ পৰা পৰীক্ষা আৰম্ভ হৈছে সেয়েহে মোক পৰীক্ষা কেন্দ্ৰত প্ৰৱেশ কৰিবলৈ দিয়া নহ'ল ৷"
তেওঁ লগতে কয় যে, দুদিন ধৰি বাছ টিকেট বুক কৰিবলৈ চেষ্টা কৰি আছিল আৰু শনিবাৰে এটা টিকেট লাভ কৰিছিল ৷ এজন কৃষকৰ পুত্ৰ সন্তোষে কেবত 300 টকা দি পৰীক্ষা কেন্দ্ৰলৈ যাবলৈ লগা হৈছিল ৷
ছাত্ৰগৰাকীয়ে কয়,"মই এটা বহু গুৰুত্বপূৰ্ণ বছৰ হেৰুৱালো ৷ এতিয়া কি হ'ব অপেক্ষা কৰিম...এতিয়া অহা বছৰৰ পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাব লাগিব ৷"
উচ্চতম ন্যায়ালয়ত আবেদন দাখিল
ঘটনা সম্পৰ্কত উচ্চতম ন্যায়ালয়ত এখন আবেদন দাখিল কৰা হৈছে ৷ আবেদনকাৰী তথা উকীল শ্বাশ্বত আনন্দে তেওঁৰ আবেদনৰ জৰিয়তে এনেদৰে পৰীক্ষাৰ পৰা বঞ্চিত ছাত্ৰক খাদ্য,আবাসস্থল,পানী আৰু যাতায়তৰ সুবিধা প্ৰদান কৰিব লাগে বুলি দাবী কৰে ৷ আনন্দে লগতে কয় যে,এনেদৰে পৰীক্ষাৰ পৰা বঞ্চিত ছাত্ৰসকলৰ বাবে সংশ্লিষ্ট কৰ্তৃপক্ষই পুনৰ পৰীক্ষাৰ আয়োজন কৰা উচিত ৷
লগতে পঢ়ক : SSR গোচৰ : দিল্লী উচ্চ ন্যায়ালয়ৰ কাষ চাপিলে অভিনেত্ৰী ৰাকুল