ETV Bharat / bharat

বিহাৰ নিৰ্বাচন: আজি প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিব কংগ্ৰেছে - বিহাৰ নিৰ্বাচন প্ৰাৰ্থী তালিকা

কংগ্ৰেছৰ কেন্দ্ৰীয় নিৰ্বাচন কমিটীয়ে বিহাৰ বিধানসভা নিৰ্বাচনৰ বাবে আজি দলটোৰ প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিব । দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে এই তালিকা প্ৰকাশ কৰিব দলটোৱে । মহাগোটবন্ধনৰ পিছতেই দলটোৱে ৭০ খন আসনৰ বাবে আজি তালিকা প্ৰকাশ কৰিব ।

বিহাৰ বিধানসভা নিৰ্বাচন
বিহাৰ বিধানসভা নিৰ্বাচন
author img

By

Published : Oct 14, 2020, 4:04 PM IST

নিউজ ডেস্ক, ১৪ অক্টোবৰ : কংগ্ৰেছৰ অন্তৱৰ্তীকালীন সভানেত্ৰী ছোনিয়া গান্ধীৰ বাসগৃহত আলোচনাত মিলিত হ'ব দলটোৰ কেন্দ্ৰীয় নিৰ্বাচন কমিটী । বিহাৰ বিধানসভা নিৰ্বাচনৰ দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰাৰ্থী তালিকা প্ৰস্তুত কৰিবলৈ এইদৰে আলোচনাত মিলিত হ'ব দলটোৰ কেন্দ্ৰীয় নেতৃত্বৰ লগতে বিহাৰৰ শীৰ্ষ নেতাসকল ।

বিহাৰ বিধানসভা নিৰ্বাচন
বিহাৰ বিধানসভা নিৰ্বাচন

ইয়াৰ পূৰ্বে ৫ অক্টোবৰত প্ৰথম পৰ্যায়ৰ ২১ গৰাকী প্ৰাৰ্থীৰ নাম চূড়ান্ত কৰিবলৈ আলোচনাত মিলিত হৈছিল দলটোৰ শীৰ্ষ নেতাসকল আৰু ৭ অক্টোবৰত প্ৰথম পৰ্যায়ৰ প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিছিল । প্ৰথম পৰ্যায়ৰ প্ৰাৰ্থী তালিকা প্ৰকাশ কৰাৰ পিছতেই দলীয় স্তৰত যথেষ্ট প্ৰত্যাহ্বানৰ সম্মুখীন হৈছিল দলটো ।

অৱশ্যে প্ৰাৰ্থী তালিকা প্ৰস্তুত কৰাৰ সময়ত কোনো ব্যক্তিগত মন্তব্য আৰু পচন্দক গুৰুত্ব দিয়া নহয় বুলি স্পষ্ট কৰিছে শীৰ্ষ নেতৃত্বই ।

আনহাতে ৭০ খন আসনত প্ৰাৰ্থী ভাগ বিতৰণক লৈয়ো দলটোৱে সমস্যাৰ সন্মুখীন হৈছিল । আৰ.জে.দিৰ সৈতে আসন বিতৰণক লৈ বহুকেইগৰাকী কংগ্ৰেছী নেতাই বিৰোধিতা কৰিছিল । আজি কেন্দ্ৰীয় নিৰ্বাচনী কমিটীয়ে ৪৯ গৰাকী প্ৰাৰ্থীৰ নাম প্ৰকাশ কৰিব ।

কংগ্ৰেছে বিহাৰ বিধানসভা নিৰ্বাচনৰ বাবে ইতিমধ্যে ৬খন কমিটী গঠন কৰিছে ।

বিহাৰৰ দলীয় কৰ্মীয়ে ছোনিয়া গান্ধীৰ নেতৃত্বত গঠন কৰা কমিটীৰ ৰনদীপ সুৰেজৱালা আৰু মোহন প্ৰকাশৰ নেতৃত্বক লৈ অসন্তুষ্টি প্ৰকাশ কৰাৰ লগতে তালিকাৰ পৰা বাদ দিয়া হৈছিল মদন মোহন ঝা, সদানন্দ সিং আৰু অখিলেশ প্ৰসাদ সিঙৰ দৰে নেতাক ।

বিগত নিৰ্বাচনত কংগ্ৰেছে ৪১খন আসনত প্ৰতিদ্বন্দিতা আগবঢ়াইছিল আৰু মাত্ৰ ২৭খনত জয়ী হৈছিল। নিৰ্বাচনৰ পিছতেই জে.দি.ইউ দলে মিত্ৰতাৰ পৰা আঁতৰি আহিছিল আৰু কংগ্ৰেছৰ একাংশ নেতাই দলত্যাগ কৰি জে.দি.ইউত যোগদান কৰিছিল । এইবাৰ কংগ্ৰেছে দলত থকা সকলো বিধায়ককে টিকট দিয়াৰ লগতে সদানন্দ সিঙক তেওঁৰ স্থানত নিজা পচন্দৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰিবলৈ সুবিধা দিছে ।

দুয়োটা মিত্ৰজোঁটৰ বাবেই বিধানসভা নিৰ্বাচন প্ৰত্যাহ্বানমূলক হিচাপে দেখা দিছে ।

এনডিএ মিত্ৰজোঁটত লোক জনশক্তি পাৰ্টীয়ে বিজেপি প্ৰাৰ্থীৰ বিৰুদ্ধে নিৰ্বাচনত প্ৰতিদ্বন্দিতা নকৰাৰ সিদ্ধান্ত লোৱাৰ লগতে জনতা দলৰ বিৰুদ্ধে যুঁজ দিব । জে.দি.ইউ আৰু এল.জে.পি দুয়োটা দলেই বিজেপিৰ মিত্ৰ দল ।

উপেন্দ্ৰ কুশৱাহাৰ আৰ.এল.এছ.পিয়ে মহাগোটবন্ধন ত্যাগ কৰি বিএছপিৰ সৈতে একত্ৰিত হৈছে । হিন্দুস্তান আৱাম মৰ্চাৰ ‌প্ৰধান জিতন ৰাম মাঞ্জীয়ে এন.ডি.এৰ সৈতে একত্ৰিত হৈছে । আনহাতে মহাগোটবন্ধনৰ পৰা আঁতৰি আহিছে বিকশীল ইনছান পাৰ্টীৰ প্ৰধান মুকেশ মাঞ্জী ।

ৰাষ্ট্ৰীয় জনতা দলৰ নেতৃত্বত এতিয়া মহাগোটবন্ধনত আছে কংগ্ৰেছৰ লগতে চি.পি.আই আৰু চি.পি.এম ।

২৪৩ সদস্যযুক্ত বিহাৰ বিধানসভা নিৰ্বাচন অক্টোবৰ ২৮, নৱেম্বৰ ৩ আৰু নৱেম্বৰ ৭ত অনুষ্ঠিত হ'ব আৰু ১০ নৱেম্বৰত ভোট গণনা অনুষ্ঠিত হ'ব ।

লগতে পঢ়ক: ভয়ানকঃ মেঘালয়ত ডাইনী সন্দেহত জীৱিত অৱস্থাত পুতিলে বৃদ্ধক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.