ETV Bharat / bharat

বিহাৰ নিৰ্বাচন: দ্বিতীয় পৰ্যায়ৰ ৩৪% প্ৰাৰ্থীৰ বিৰুদ্ধে অপৰাধজনিত গোচৰ

author img

By

Published : Oct 27, 2020, 4:26 PM IST

বিহাৰৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ১,৪৬৩ গৰাকী প্ৰাৰ্থীৰ ভিতৰত ৫০২ জন প্ৰাৰ্থীৰ বিৰুদ্ধে অপৰাধজনিত ঘটনাৰে জড়িত থকাৰ অভিযোগ। এনে প্ৰাৰ্থীৰ তালিকাত ৩৬ গৰাকী অভিযুক্ত প্ৰাৰ্থীৰে শীৰ্ষ স্থানত আছে ৰাষ্ট্ৰীয় জনতা দল। বি জে পি দলত আছে ২৯ গৰাকী আৰু এল জে পি দলত এনে ২৮ গৰাকী প্ৰাৰ্থী আছে। এছ'ছিয়েছন অৱ ডেম'ক্ৰেটিক ৰিফৰ্মছৰ প্ৰতিবেদনত প্ৰকাশ পাইছে এই তথ্য।

বিহাৰ নিৰ্বাচন: দ্বিতীয় পৰ্যায়ৰ ৩৪% প্ৰাৰ্থীৰ বিৰুদ্ধে অপৰাধজনিত গোচৰ
বিহাৰ নিৰ্বাচন: দ্বিতীয় পৰ্যায়ৰ ৩৪% প্ৰাৰ্থীৰ বিৰুদ্ধে অপৰাধজনিত গোচৰ

নেশ্যনেল ডেস্ক, ২৭ অক্টোবৰ: বিহাৰ বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ত প্ৰতিদ্বন্দিতা কৰিবলগীয়া ৩৪% প্ৰাৰ্থীৰ বিৰুদ্ধে ৰুজু হৈ আছে অপৰাধজনিত গোচৰ। এছ'ছিয়েছন অৱ ডেম'ক্ৰেটিক ৰিফৰ্মছৰ সমীক্ষাত পোহৰলৈ আহিছে এই তথ্য। মঙলবাৰে প্ৰকাশ কৰা প্ৰতিবেদনত কোৱা হৈছে যে, ৰাষ্ট্ৰীয় জনতা দলৰ বেছি সংখ্যক প্ৰাৰ্থী অপৰাধজনিত ঘটনাৰ অভিযুক্ত। এন ডি আৰে দ্বিতীয় পৰ্যায়ত নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ'বলগীয়া ১,৪৬৩ গৰাকী প্ৰাৰ্থীৰ শপতনামা বিশ্লেষণ কৰিছে।

ইয়াৰে ৫০২ গৰাকী প্ৰাৰ্থীৰ বিৰুদ্ধে অপৰাধজনিত গোচৰ ৰুজু হৈ থকাৰ তথ্য লাভ কৰিছে। দ্বিতীয় পৰ্যায়ত প্ৰতিদ্বন্দিতা কৰিবলগীয়া ৰাষ্ট্ৰীয় জনতা দলৰ ৫৬ গৰাকী প্ৰাৰ্থীৰ ৩৬ গৰাকী, বি জে পিৰ ৪৬গৰাকীৰ ভিতৰত ২৯, কংগ্ৰেছৰ ২৪ গৰাকী প্ৰাৰ্থীৰ ভিতৰত ১৪, এল জে পিৰ ৫২ গৰাকীৰ ভিতৰত ২৮গৰাকী, বি এছ পিৰ ৩৩ গৰাকী প্ৰাৰ্থীৰ ভিতৰত ১৬ গৰাকী আৰু জে ডি ইউৰ ৪৩গৰাকীৰ ভিতৰত ২০ গৰাকী প্ৰাৰ্থীৰ নাম এন ডি আৰৰ তালিকাভুক্ত হৈছে।

আটাইকেইগৰাকীৰ প্ৰাৰ্থীৰ ভিতৰত ২৭ শতাংশৰ বিৰুদ্ধে ধৰ্ষণ, হত্যা, আক্ৰমণৰ দৰে গুৰুতৰ অপৰাধৰ গোচৰ ৰুজু হৈ আছে। উচ্চতম ন্যায়ালয়ে নিৰ্দেশ দিয়াৰ পিছতো কোনো ফল নধৰিল। অপৰাধজনিত ঘটনাৰে জড়িত থকাৰ বিষয়ে জনাৰ পিছতো ৰাজনৈতিক দলসমূহে নিজৰ লাভালাভৰ বাবে ৩৪ শতাংশ প্ৰাৰ্থীক টিকট প্ৰদানৰ পুৰণি পৰম্পৰা অক্ষুণ্ণ ৰাখিলে। প্ৰতিবাদনত উল্লেখ কৰা হৈছে যে, দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত সকলো ৰাজনৈতিক দলে অপৰাধজনিত গোচৰত অভিযুক্ত ৬৪ শতাংশ প্ৰাৰ্থীক ৪৭ শতাংশ টিকট দিছে।

চলিত বৰ্ষৰ ১৩ ফেব্ৰুৱাৰীত উচ্চতম ন্যায়ালয়ে নিৰ্বাচনত অপৰাধৰ সৈতে জড়িত ব্যক্তিক টিকট দিয়াক লৈ প্ৰশ্ন উত্থাপন কৰিছিল। এন ডি আৰৰ তথ্য মতে, বিহাৰৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত যুঁজ দিবলগীয়া এনে প্ৰাৰ্থী প্ৰায় ১,৭২ কোটি টকাৰ সম্পত্তিৰ মালিক। ১,৪৬৩ গৰাকী প্ৰাৰ্থীৰ ভিতৰত ৪৯৫ গৰাকী কোটিপতি। বি জে পিৰ ৪৬ গৰাকী প্ৰাৰ্থীৰ ৩৯ গৰাকী কোটিপতি, কংগ্ৰেছৰ ২৪ গৰাকীৰ ভিতৰত ২০গৰাকী, আৰ জে ডিৰ ৫৬ গৰাকীৰ ভিতৰত ৪৩ গৰাকী প্ৰাৰ্থী কোটিপতি।

লগতে পঢ়ক:মঙলবাৰে হ'ব ভাৰত-আমেৰিকাৰ তৃতীয়লানি 2+2 আন্তঃমন্ত্ৰী আলোচনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.