ETV Bharat / bharat

ন্যায়পালিকাক প্ৰশ্ন কৰি বিপদত বিহাৰ উচ্চ ন্যায়ালয়ৰ অধিবক্তা !

বিহাৰ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে জাননী জাৰি কৰি ন্যায়ালয়ৰ ন্যায়াধীশ ৰাকেশ কুমাৰে ওকালতি কৰি থকা সকলো গোচৰ উঠাই লোৱাৰ নিৰ্দেশ প্ৰদান কৰিছে ৷ ৰাকেশ কুমাৰে এগৰাকী সৰ্বভাৰতীয় অসামৰিক সেৱা বিষয়াৰ গোচৰৰ শুনানিৰ সময়ত ন্যায়পালিকাৰ বিৰুদ্ধে ৰাজহুৱাভাৱে দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰিছিল ৷

ন্যায়পালিকাক প্ৰশ্ন কৰি বিপদত বিহাৰ উচ্চ ন্যায়ালয়ৰ অধিবক্তা
author img

By

Published : Aug 29, 2019, 7:28 PM IST

নিউজ ডেস্ক, 29 আগষ্টঃ দুৰ্নীতিক লৈ মন্তব্য কৰি বিপদ পাটনা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ ৰাকেশ কুমাৰ ৷ ইতিমধ্যে বিহাৰৰ মুখ্য ন্যায়াধীশে জাৰি কৰা নিৰ্দেশনাত পোহৰলৈ আহিছে এই তথ্য ৷ এগৰাকী জ্যেষ্ঠ সৰ্বভাৰতীয় অসামৰিক সেৱাৰ বিষয়াৰ এক গোচৰৰ শুনানিক লৈ বুধবাৰে ৰাজহুৱাভাৱে ন্যায়পালিকাৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰিছিল ন্যায়াধীশগৰাকীয়ে ৷ বিহাৰৰ মুখ্য ন্যায়াধীশে তৎকালীনভাৱে ৰাকেশ কুমাৰে শুনানি লৈ থকা সকলো অভিযোগ তথা গোচৰ উঠাই লোৱাৰ লগতে পৰৱৰ্তী নিৰ্দেশনা জাৰি নকৰালৈকে তেওঁৰ সকলো কাম বন্ধ কৰি ৰখাৰ নিৰ্দেশ প্ৰদান কৰে ৷

ন্যায়পালিকাক প্ৰশ্ন কৰি বিপদত বিহাৰ উচ্চ ন্যায়ালয়ৰ অধিবক্তা

ৰাকেশ কুমাৰে বুধবাৰে ৰাজহুৱাভাৱে বিহাৰৰ ন্যায়পালিকাত দুৰ্নীতি চলি থকাৰ কথা প্ৰকাশ কৰিছিল ৷ ইয়াৰ উপৰিও ৰাজ্যখনৰ সকলো নিম্ন আদালতত দু্ৰ্নীতিৰ দ্বাৰাই সকলো অভিযোগৰ শুনানি চলি থকাৰ কথা উল্লেখ কৰিছিল ৰাকেশ কুমাৰে ৷ সৰ্বভাৰতীয় অসামৰিক সেৱাৰ বিষয়া কেপি ৰামাইয়াৰ জামিন আবেদনৰ শুনানিৰ সময়তে কিদৰে বিষয়াগৰাকীয়ে নিম্ন আদালত তথা উচ্চতম ন্যায়ালয়ৰ পৰা জামিন লাভ কৰিবলৈ সক্ষম হ'ল তাক লৈ প্ৰশ্ন উত্থাপন কৰিছিল ৷ ভিজিলেন্স আদালতে নিয়মীয়া ন্যায়াধীশ উপস্থিত নথকাৰ সময়ত অস্থায়ী ন্যায়াধীশে ৰামাইয়াৰ দৰে দুৰ্নীতিগ্ৰস্থ বিষয়াক জামিন প্ৰদান কৰিছিল বুলি উল্লেখ কৰে ৷ উল্লেখ্য যে, বিহাৰ মহাদলিত বিকাশ মিছনৰ 5কোটি টকাৰ কেলেংকাৰী গোচৰত অভিযুক্ত হৈছিল সৰ্বভাৰতীয় অসামৰিক সেৱাৰ বিষয়া কেপি ৰামাইয়া ৷

ন্যায়াধীশগৰাকীয়ে অভিযোগ উত্থাপন কৰে যে, পাটনা উচ্চ ন্যায়ালয়ৰ পূৰ্ণ বিচাৰপীঠে নিম্ন আদালতৰ পৰা অহা সকলো গোচৰে উদাসীনভাৱে গ্ৰহণ কৰে ৷ মই অনুৰোধ কৰাৰ পিচতো এনেকুৱা গম্ভীৰ অভিযোগ থকা ন্যায়াধীশৰ বিৰুদ্ধে কঠোৰ শাস্তিৰ বিপৰীতে সাধাৰণ শাস্তি প্ৰদান কৰিয়ে এৰি দিয়া হৈছিল ৷ ইয়াৰ উপৰিও উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশসকলে ৰাইজৰ টকাৰ অপচয় কৰি চৰকাৰী বাসভৱনত থকাৰ বিপৰীতে গেষ্ট হাউচত আশ্ৰয় গ্ৰহণ কৰি আছে ৷ সমগ্ৰ বিষয়টো সন্দৰ্ভত ৰাকেশ কুমাৰে এটা প্ৰতিলিপি দেশৰ মুখ্য ন্যায়াধীশ, প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় আৰু কেন্দ্ৰীয় আইন মন্ত্ৰালয়লৈ প্ৰেৰণ কৰিবলৈ নিৰ্দেশনা জাৰি কৰিছিল ৷

[21/08, 11:41] Anand Verma: राजधानी पटना में महिलाओं व लड़कियों के सार्वजनिक बसों में सफर में असुरक्षा और छेड़खानी के मामलें पर पटना हाईकोर्ट ने सुनवाई करते हुए डीएम,पटना को कार्रवाई करने का निर्देश दिया ।अधिवक्ता प्रकाश सहाय की जनहित याचिका पर जस्टिस शिवा जी पांडेय की खंडपीठ ने सुनवाई की।कोर्ट को बताया गया कि इन सार्वजनिक वाहनों में सफर करने वाली लड़कियों के लिए   पर्याप्त सुरक्षा व्यवस्था नहीं हैं।इस कारण मनचले और असामाजिक तत्त्व इनके साथ बद्तमीजी और छेड़खानी करते हैं ।इससे ये सार्वजनिक वाहनों में इनके लिए सफर करना सुरक्षित नहीं है।
[21/08, 11:42] Anand Verma: Slug. Travel by Public transport.
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.