বিহাৰ বিধানসভা নিৰ্বাচনৰ মুঠ 243খন আসনৰ বাবে হোৱা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হৈছে ৷ বিহাৰৰ নিৰ্বাচনত পুনৰ এবাৰ NDA ই সংখ্যাগৰিষ্ঠ আসন লাভ কৰে ৷ আনহাতে RJD সবাতোকৈ ডাঙৰ দল হিচাপে আত্মপ্ৰকাশ কৰিছে ৷
নীতিশ কুমাৰৰ নেতৃত্বত থকা NDA ই মুঠ 125 খন আসনত জয়লাভ কৰিছে ৷ NDA ত অন্তৰ্ভুক্ত বিজেপিয়ে 74খন আসন, JDU য়ে 43 খন, হিন্দুস্তান আৱাম মৰ্চা তথা বিকাশশীল ইন্সান পাৰ্টীয়ে 4-4 খন আসন লাভ কৰে ৷
ইফালে মহাজোঁটবন্ধনে তীব্ৰ যুঁজ দিও চৰকাৰ বনোৱাৰ দৌৰৰ পৰা বাহিৰ হবলগীয় হয় ৷ RJD নেতা তেজস্বীৰ নেতৃত্বত মহাজোঁটবন্ধনে মুঠ 110 খন আসনত জয় লাভ কৰিবলৈ সক্ষম হয় ৷ মহাজোঁটবন্ধনৰ RJD য়ে 75, কংগ্ৰেছ 19, চিপিআই(মালে) 12, চিপিএম আৰু চিপিআইয়ে দুখন-দুখন আসন লাভ কৰে ৷
আনহাতে AIMIM য়ে পাঁচখন আসনত বিজয় সাব্যস্ত কৰে ৷ বছপা আৰু এলজেপিয়ে এখন এখন আৰু নিৰ্দলীয় প্ৰাৰ্থীয়ে এখন আসনত জয়লাভ কৰিবলৈ সক্ষম হৈছে ৷