নিউজ ডেস্ক, ১২ জুলাইঃ মহামাৰী COVID-19 ত আক্ৰান্ত বলিউডৰ বিশিষ্ট অভিনেতা তথা বিগ বি খ্যাত অমিতাভ বচ্চন আৰু পুত্ৰ অভিষেক বচ্চন । দুয়োগৰাকী অভিনেতা পিতৃ-পুত্ৰক ইতিমধ্যে ভৰ্তি কৰোৱা হৈছে চিকিৎসালয়ত । তাৰোপৰি বৃহান মুম্বাইৰ পৌৰ নিগমৰ এটা দলে ইতিমধ্যে বচ্চন পৰিয়ালৰ জুহু চহৰত থকা জলসা বাসগৃহত উপস্থিত হয় । বৃহান মুম্বাইৰ পৌৰ নিগমৰ এই দলটোৱে ছেনিটাইজ কৰে বচ্চন পৰিয়ালৰ জলসা বাসগৃহটো ।
-
Maharashtra: Sanitisation workers of the Brihanmumbai Municipal Corporation (BMC) arrive at 'Jalsa', the residence of actor Amitabh Bachchan in Mumbai.
— ANI (@ANI) July 12, 2020 " class="align-text-top noRightClick twitterSection" data="
Actor Amitabh Bachchan and son Abhishek Bachchan tested #COVID19 positive and both have been admitted to a hospital. pic.twitter.com/X3KZ3nziwI
">Maharashtra: Sanitisation workers of the Brihanmumbai Municipal Corporation (BMC) arrive at 'Jalsa', the residence of actor Amitabh Bachchan in Mumbai.
— ANI (@ANI) July 12, 2020
Actor Amitabh Bachchan and son Abhishek Bachchan tested #COVID19 positive and both have been admitted to a hospital. pic.twitter.com/X3KZ3nziwIMaharashtra: Sanitisation workers of the Brihanmumbai Municipal Corporation (BMC) arrive at 'Jalsa', the residence of actor Amitabh Bachchan in Mumbai.
— ANI (@ANI) July 12, 2020
Actor Amitabh Bachchan and son Abhishek Bachchan tested #COVID19 positive and both have been admitted to a hospital. pic.twitter.com/X3KZ3nziwI
উল্লেখ্য যে, শনিবাৰে সন্ধিয়া বিগ বি অমিতাভ বচ্চনৰ দেহত ধৰা পৰে মহামাৰী COVID-19 ৰ উপস্থিতি । বিশিষ্ট তথা বৰ্ষীয়ান অভিনেতা গৰাকীৰ দেহত COVID-19ৰ উপস্থিতি ধৰা পৰা পাচতে ভৰ্তি কৰোৱা হয় মুম্বাইৰ নানাৱতী ছুপাৰ স্পেছিয়েলিষ্ট হাস্পতালত । ৭৭ বছৰীয়া অভিনেতা গৰাকীয়ে নিজে টুইটযোগে তেখেতৰ COVID-19ৰ পৰীক্ষাৰ ৰিজাল্ট পজিটিভ অহা বুলি কোৱাৰ উপৰিও বিগত ১০ দিন ধৰি তেখেতৰ সংস্পৰ্শত অহা ব্যক্তিসকলক COVID-19 ৰ পৰীক্ষা কৰিবলৈ অনুৰোধ জনাই ।
লগতে পঢ়ক : বিগ বি অমিতাভ বচ্চন আৰু পুত্ৰ অভিষেক বচ্চন কোভিড-19ত আক্ৰান্ত