ETV Bharat / bharat

সাৱধান : উত্তৰ কোৰিয়াৰ চাইবাৰ অপৰাধী গ্ৰুপৰ হাতত 20 লাখ ভাৰতীয়ৰ তথ্য

উত্তৰ কোৰিয়াৰ হেকাৰ গ্ৰুপ লাজাৰুছে ভাৰতৰ 20 লাখ লোকক লক্ষ্য কৰি লৈছে ৷ ইন্টাৰনেটৰ বহল পৃথিৱীখনত তেওঁলোকে ফিছিঙৰ সহায়ত এইদৰে ভাৰতীয়সকলক আক্ৰমণৰ লক্ষ্য কৰি লৈছে ৷ চাইবাৰ অপৰাধীৰ দ্বাৰা ব্যৱহৃত ফিছিং যদিও এটা অতিকে পুৰনি প্ৰক্ৰিয়া, তথাপি এতিয়াও তাৰ জনপ্ৰিয়তা কম হোৱা নাই ৷ এই পদ্ধতি ব্যৱহাৰ কৰা চাইবাৰ অপৰাধীসকলক আঁতৰত ৰাখিবলৈ একমাত্ৰ উপায় হৈছে তেওঁলোকে ব্যৱহাৰ কৰা কৌশলসমূহৰ বিষয়ে জ্ঞাত থকা ৷

author img

By

Published : Jun 22, 2020, 4:19 PM IST

Updated : Jun 22, 2020, 7:49 PM IST

ফিছিং, চাইবাৰ অপৰাধীৰ জাল
দৰাচলতে কি হয় এই ফিছিং

নিউজ ডেস্ক, 22 জুন : কোভিড-19ৰ নামত ফিছিঙৰ সহায়ত হোৱা চাইবাৰ আক্ৰমণৰ ভিতৰত ছখনকৈ দেশৰ ভিতৰত ভাৰতো হৈছে এখন দেশ ৷ উত্তৰ কোৰিয়াৰ হেকাৰ গ্ৰুপ লাজাৰুছে এইদৰে ভাৰতক নিজৰ চাইবাৰ আক্ৰমণৰ লক্ষ্য কৰি লৈছে ৷

এই আক্ৰমণৰ লাজাৰুছৰ 50 লাখ ব্যক্তিগত তথা ব্যৱসায়িক প্ৰতিষ্ঠানক কৰিবলৈ লোৱা চাইবাৰ আক্ৰমণৰ এটা অংশ মাথো, যাৰ ভিতৰত ভাৰত, ছিংগাপুৰ, দক্ষিণ কোৰিয়া, জাপান আৰু সংযুক্ত গণৰাজ্যৰ ক্ষুদ্ৰ আৰু বৃহৎ এন্টাৰপ্ৰাইজ সোমাই আছে ৷ এই তথ্য বিগত শুকুৰবাৰে ZDNet নামৰ সংস্থাই এক প্ৰতিবেদনত প্ৰকাশ কৰিছিল ৷

ফিছিং, চাইবাৰ অপৰাধীৰ জাল
ফিছিং, চাইবাৰ অপৰাধীৰ জাল

ছিংগাপুৰস্থিত চাইবাৰ-সুৰক্ষা সংস্থাটোৱে প্ৰকাশ কৰা অনুসৰি, উত্তৰ কোৰিয়াৰ হেকাৰ গ্ৰুপটোৱে ইয়াৰ দ্বাৰা বিত্তীয়ভাৱে লাভ উঠোৱাৰ চেষ্টা কৰিব ৷ ইয়াৰ বাবে তেওঁলোকে ইমেইলৰ সহায়ত ভুৱা ৱেবচাইটৰ তথ্য দাখিল কৰি তাৰ দ্বাৰা ব্যক্তিসকল নাইবা ব্যৱসায়িক প্ৰতিষ্ঠানক লোভ দেখুৱাই তেওঁলোকৰ সকলো তথ্য বিশেষকৈ বিত্তীয় তথ্য সংগ্ৰহ কৰিবলৈ চেষ্টা কৰিব ৷

আনহাতে লাজাৰুছৰ হেকাৰসকলে প্ৰকাশ কৰা অনুসৰি, তেওঁলোকৰ হাতত জাপানৰ 11 লাখ, ভাৰতৰ 20 লাখ আৰু সংযুক্ত গণৰাজ্যৰ 1,80,000 টা ইমেইলৰ তথ্য আছে ৷

চাইবাৰ নিৰাপত্তাঃ ভাৰতত চলিছে ফিজিঙৰ আক্ৰমণ

লগতে পঢ়কঃ 150 বিলিয়ন ডলাৰ বজাৰ মূল্যত প্ৰৱেশ কৰা প্ৰথম ভাৰতীয় কোম্পানীৰ তালিকাত ৰিলায়েঞ্চ ইণ্ডাষ্ট্ৰিজ

Last Updated : Jun 22, 2020, 7:49 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.