ETV Bharat / bharat

'এখন দেশ, দুই ব্যৱস্থা'ক সন্মান নকৰে বেইজিঙে !

author img

By

Published : Jun 3, 2020, 5:07 AM IST

বিগত মাহত বেইজিঙে প্ৰস্তাৱ দিয়া এখন ৰাষ্ট্ৰীয় নিৰাপত্তা আইনক লৈ হংকঙৰ ৰাজপথত প্ৰতিবাদ অব্যাহত আছে । বেইজিঙৰ মতে যোৱা বছৰৰ জুনত হোৱা অবিৰত প্ৰতিবাদত ক্ষমতা দখলৰ ধ্বংসাত্মক উপাদান আছিল । কিন্তু হংকঙৰ ৰাজহুৱা কৰ্মী আৰু গণতান্ত্ৰিক নেতাসকলে এই অভিযোগ নাকচ কৰিছে । ব্ৰিটিছৰ পূৰ্বৰ উপনিৱেশ হংকঙক ১৯৯৭ চনত এক ৰাষ্ট্ৰ, দুই ব্যৱস্থাৰ অধীনত বিশেষ অধিকাৰ আৰু স্বতন্ত্ৰতাসহ চীনৰ হাতত গতাই দিয়া হৈছিল । চীনৰ মূল ভূখণ্ডৰ পৰা পৃথক হংকঙৰ সুকীয়া আইন আৰু ন্যায় ব্যৱস্থা আছে । এই ব্যৱস্থাই হংকংবাসীক মুকলিকৈ একগোট হোৱা আৰু বাক্ স্বাধীনতাৰ অধিকাৰ প্ৰদান কৰে ।

‘One Country, Two Systems’
‘One Country, Two Systems’

বিগত বৰ্ষৰ জুনত প্ৰায় এক লাখ লোকে স্বতস্ফূৰ্ভাৱে ৰাজপথলৈ ওলাই আহি এখন বহিঃসমৰ্পণ বিধেয়কৰ বিৰুদ্ধে অভূতপূৰ্ব সামাজিক বিক্ষোভত ভাগ লৈছিল । পাচত ছেপ্টেম্বৰত প্ৰত্যাহাৰ কৰিবলগীয়া বিধেয়কখন গৃহীত হ’লে পলায়ন কৰা কাৰাবন্দীসকলক মূল চীনলৈ নি শাস্তি প্ৰদান কৰাৰ অনুমতি প্ৰদান কৰিলেহেঁতেন । সমালোচকসকলৰ মতে এই বিধেয়কখন আইনলৈ ৰূপান্তৰিত হ’লে হংকঙৰ ন্যায়িক স্বাধীনতা বংগ কৰাৰ লগতে চীনৰ কৰ্তৃত্বৰ বিৰুদ্ধে মাত মতাসকলৰ জীৱন বিপদাপন্ন কৰিলেহেঁতেন । তেতিয়াৰে পৰা প্ৰতিবাদকাৰীসকলে হংকঙত সম্পূৰ্ণ গণতন্ত্ৰ প্ৰৱৰ্তন আৰু আৰক্ষীৰ নিৰ্যাতনৰ তদন্তৰ দাবীত প্ৰতিবাদ অব্যাহত ৰাখিছে । এই বৰ্ষৰ মে’ত প্ৰস্তাৱ গ্ৰহণ কৰা নতুন ৰাষ্ট্ৰীয় নিৰাপত্তা আইনখনে যেন জ্বলা জুইত ঘিউহে ঢালি দিলে । বিশেষজ্ঞসকল মতে প্ৰতিবাদৰ বাবে চীনত ৰাষ্ট্ৰপতি জি জিনপিঙৰ স্থিতি দুৰ্বল হৈ পৰিছে তথা প্ৰশ্ন উত্থাপন হৈছে । বহু ভাৰতীয় পৰ্যবেক্ষকৰ মতে হংকং আৰু টাইৱানত সংঘটিত ঘটনাক্ৰমৰ ফলতে চীনে ভাৰতৰ সৈতে থকা লাইন অৱ্ এক্সুৱেল কন্ট্ৰল চমুকৈ এল এ চিত আগ্ৰাসন চলাইছে । কিয়নো হংকং আৰু টাইৱানৰ শেহতীয়া ঘটনাক্ৰমৰ ফলত ৰাষ্টৰপতি জিনপিং আৰু চীনা কমিউনিষ্ট পাৰ্টীয়ে অপ্ৰত্যাশিতভাৱে সমালোচনাৰ সন্মুখীন হ’বলগীয়া হৈছে ।

জ্যেষ্ঠ সাংবাদিক স্মিতা শৰ্মাই হংকঙৰ চিভিক পাৰ্টীৰ নেতা তথা বিধায়ক এলভিন ইয়ুঙৰ সৈতে হংকঙৰ বৰ্তমানৰ পৰিস্থিতি, উত্থাপিত দাবীসমূহ আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত ইয়াৰ প্ৰাসংগিকতা আদি বিষয়ত বাৰ্তালাপ কৰিছে । বিগত বৰ্ষৰ নৱেম্বৰত হংকঙৰ স্থানীয় পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত হৈছিল য’ত ওঠৰখন আসনৰ সোতৰখন আসনতেই গণতন্ত্ৰৰ সপক্ষে কৰা আন্দোলনে জয়লাভ কৰিবলৈ সক্ষম হৈছিল । বৰ্তমান সম্পূৰ্ণ গণতন্ত্ৰৰ বাবে যুঁজ দিয়া কাউন্সিলৰসকলে এই নিৰ্বাচনত জয়লাভ কৰিছিল । এলভিন ইয়ুঙৰ মতে হংকঙৰ ৰাইজে ৰাষ্ট্ৰীয় নিৰাপত্তা আইনক নাকচ কৰিছে । কিয়নো এই আইনে তেওঁলোকৰ অধিকাৰ খৰ্ব কৰে । যাৰ ফলত হংকংবাসীয়ে প্ৰাথমিক আইনৰ ভিত্তিত তেওঁলোকৰ যুক্তিসংগত দাবী উত্থাপন কৰিছে । তেওঁৰ মতে ক্ষমতা পৰিৱৰ্তন দাবী গৰিষ্ঠ অংশৰ মাজতে উত্থাপিত হোৱা নাই । কিন্তু বেইজিঙে এক দেশ, দুই ব্যৱস্থা বা স্বতন্ত্ৰতাক সন্মান নকৰে বুলি তেওঁ অভিযোগ উত্থাপন কৰে । হংকঙত প্ৰতিবাদ কৰা লোকসকলে ব্যাপক হাৰাশাস্তিৰ সন্মুখীন হৈছে যদিও এই নেতাবিহীন আন্দোলন অব্যাহত থাকিব । আছুতীয়া সাক্ষাৎকাৰটো সম্পূৰ্ণৰূপে আগবঢ়োৱা হ’ল-

প্ৰশ্ন: বেইজিঙৰ মতে ৰাষ্ট্ৰীয় নিৰাপত্তা সুনিশ্চিত কৰিবলৈ আৰু সন্ত্ৰাসবাদ দমন কৰিবলৈ এই নতুন আইনখনৰ প্ৰয়োজন । এই যুক্তি সন্তৰ্ভত আপোনাৰ মতামত কেনেধৰণৰ ?

এলভিন ইয়ুং - এক দেশ, দুই ব্যৱস্থাৰ অধীনত হংকঙৰ নিজাববীয়া নীতি-নিয়ম আছে । হংকভৰ ক্ষুদ্ৰ সংবিধানৰ প্ৰাথমিক আইনৰ দ্বাৰা আমি পৰিচালিত । এই প্ৰাথমিক আইনত থকা এটা অনুচ্ছেদে স্পষ্টভাৱে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ কথা উল্লেখ কৰে । এই অনুচ্ছেদৰ মতে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ লগত জড়িত আইন হংকং চৰকাৰে নিজে প্ৰণয়ন কৰিব লাগে । অৰ্থাৎ এয়া এক আভ্যন্তৰীণ বিষয় আৰু ইয়াক হংকঙৰ ৰাইজে নিৰ্ধাৰণ কৰিব লাগে । ২০০৩ চনত হংকং চৰকাৰে এখন বিতৰ্কিত ৰাষ্ট্ৰীয় নিৰাপত্তা আইন প্ৰণয়ন কৰিবলৈ ওলাইছিল যদিও প্ৰায় আধা মিলিয়ন লোক ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ কৰি আইনখনৰ বিৰোধিতা কৰিছিল । তেতিয়াৰে পৰা কোনো চৰকাৰে এনেধৰণৰ অনুৰূপ চিন্তা কৰিব পৰা নাই । কিয়নো আমি বুজি পাইছোঁ যে এই বিষয়টো বহু বিতৰ্কিত আৰু ইয়াৰ লগত নাগৰিকৰ অধিকাৰ জড়িত আছে । যিহেতু হংকঙত এতিয়াও সম্পূৰ্ণ গণতন্ত্ৰ নাই আমি আমাৰ নিজৰ মুখ্য কাৰ্যবাহীক নিৰ্বাতন কৰিব নোৱাৰোঁ । মাত্ৰ বিধান মণ্ডলৰ আধা অংশকহে ৰাইজৰ দ্বাৰা নিৰ্বাচন কৰা হয় । গতিকে আপুনি অনুমান কৰিব পাৰিছে যে হংকঙৰ ৰাইজ সুৰক্ষিত নহয় । ৰাইজে ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ বিৰোধিতা কৰি আহিছে কিয়নো ইয়াৰ দ্বাৰা আমাৰ অধিকাৰ খৰ্ব হ’ব ।

বিগত বৰ্ষৰ বহিঃসমৰ্পণ বিধেয়কৰ বিৰুদ্ধে কৰা বিক্ষোভৰে পৰা ৰাতপথত আন্দোলন অব্যাহত আছে । তেতিয়াৰে পৰা আমি আৰক্ষীৰ বৰ্বৰতাৰ সন্মুখীন হৈ আহিছোঁ । কিন্তু এইখন চৰকাৰে আৰক্ষীৰ অত্যাচাৰক দেখিও নেদেখাৰ ভাও জোৰাই নহয় আৰক্ষীৰ কাৰ্যকলাপৰ ফলাফলৰ চিন্তা নকৰাকৈয়ে সমৰ্থন জনাই আহিছে । গতিকে বেইজিঙে এতিয়া কৈ আছে যে মই প্ৰাথমিক আইনক খাতিৰ নকৰোঁ, মই প্ৰতিশ্ৰুতিবোৰক খাতিৰ নকৰোঁ, মই আমাৰ বিধান মণ্ডলৰ জৰিয়তে নোযোৱাকৈ মানুহক ‘না’ ক’বলৈ সুযোগ নিদিয়াকৈ হংকঙৰ ৰাইজৰ লগত আলোচনা নকৰাকৈয়ে এই ৰাষ্ট্ৰীয় নিৰাপত্তা আইন জাপি দিম ।

প্ৰশ্ন : চীনে দাবী কৰিছে যে হংকঙৰ অস্থিৰতাৰ আঁৰত বিদেশী শক্তি আছে । তদুপৰি গণতন্ত্ৰৰ সপক্ষে আন্দোলন কৰা প্ৰতিবাদকাৰীসকলক সন্ত্ৰাসবাদী আখ্যা দিয়া হৈছে ।

এলভিন ইয়ুং- সকলো স্বেচ্ছাচাৰী চৰকাৰেই একেই । বিৰোধীসকলৰ লগতে বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলকো তেওঁলোকে বিদেশী শক্তি বুলি কয় । কিন্তু তেওঁলোকে একো প্ৰমাণ দিব নোৱাৰে । তেওঁলোকে কি কৰিছে তাৰ এক আত্ম বিশ্লেষণ কৰিবলৈ তেওঁলোকৰ কাহানিও সাহস নহ’ব । হংকঙৰ ৰাইজৰ চকুলৈ চাই মোৰ ভুল হৈছে, মোৰ চৰকাৰ প্ৰশাসনত ভুল আছে আৰু মই সেইবোৰ নাইকিয়া কৰিবলৈ চেষ্টা কৰিম বুলি ক’বলৈ এইখন চৰকাৰ ব্যৰ্থ হৈছে । তাৰ বিপৰীতে তেওঁলোকে আমাৰ সকলোৰে ওপৰত আঙুলি টোঁৱাইছে । বিগত বৰ্ষত তেওঁলোকে একেধৰণৰে এখন বিতৰ্কিত বিধেয়ক গৃহীত কৰাত মুখ থেকেচা খাইছিল। এই বৰ্ষত তাতোকৈ ভয়ংকৰ এখন আইনৰ প্ৰৱৰ্তন কৰিবলৈ তেওঁলোকে চেষ্টা চলাইছে ।

প্ৰশ্ন : প্ৰতিবাদকাৰীসকলৰ দাবীসমূহ কি কি? ক্ষমতা পৰিৱৰ্তনৰ বাবেও দাবী উত্থাপন হৈছে নেকি ?

এলভিন ইয়ুং- কিছুসংখ্যক লোকে এনেধৰণৰ দাবী কৰিছে যদিও গৰিষ্ঠ সংখ্যকে সেয়া উত্থাপন কৰা নাই । যোৱা বছৰৰে পৰা হংকঙৰ ৰাইজে পাঁচটা দাবী কৰি আহিছে । আমাৰ চৰকাৰ নিৰ্বাচন কৰিবলৈ সকলোৱে সাৰ্বজনীন ভোটাধিকাৰৰ দাবী কৰিছে । প্ৰাথমিক আইনৰ অধীনত ইয়াৰ প্ৰতিশ্ৰুতি দিয়া হৈছে । আমি কোনো চন্দ্ৰ-তৰা বিচৰা নাই । আৰক্ষীৰ বৰ্বৰতাৰ বিৰুদ্ধে আমাক এক স্বাধীনচিতীয়া তদন্ত লাগে । কিন্তু তাৰ বাবে এখন সমিতি গঠন কৰিবলৈ এইখন চৰকাৰে অমান্তি হৈছে । এয়া নিতান্তই হতাশাজনক । ৰাজনৈতিক অভিযোগক সাধাৰণ নাগৰিকক হাৰাশাস্তি নকৰিবলৈ আমি চৰকাৰৰ ওচৰত দাবী জনাইছোঁ । এনেধৰণৰ কাৰ্য সম্পূৰ্ণৰূপে অনুচিত । এই দাবীসমূহ কোনোবাই যুক্তিসংগত নহয় বুলি ক’ব পাৰিবনে? নিশ্চয় নোৱাৰে । এখন সাধাৰণ মুক্ত পৃথিৱীত এখন চৰকাৰে ৰাইজে দাবী নকৰাকৈয়ে এইখিনি অধিকাৰ প্ৰদান কৰিলেহেঁতেন ।

প্ৰশ্ন : আন্তঃৰাষ্ট্ৰীয় সংস্থাসমূহ ত্যাগ কৰি আমেৰিকা যুক্তৰাষ্ট্ৰই নিজৰ গোলকীয় দায়িত্বৰ পৰা হাত সৰাৰ চেষ্টা চলাইছে । এনে পৰিস্থিতিত আমেৰিকাৰ মন্তব্যই আপোনালোকৰ দাবীৰ ক্ষেত্ৰত কিবা সহায় কৰিছেনে, নে ইয়াৰ ফলত পৰিস্থিতি অধিক জটিল হৈ হৈছে ?

এলভিন ইয়ুং- হংকং এখন আন্তঃৰাষ্ট্ৰীয় মহানগৰ । ভাৰতৰ লগতে বহু দেশৰ হংকঙৰ প্ৰতি আগ্ৰহ আছে । আপোনালোকৰ যেনেদৰে ইয়াত বিনিয়োগ আছে আৰু বহুসংখ্যক ভাৰতীয় নাগৰিকে আমাৰ চহৰখনত বাস কৰে একে কথা আমেৰিকা বা পৃথিৱীৰ আন দেশসমূহৰ ক্ষেত্ৰতো খাতে । প্ৰায় দেৰ শতিকা ধৰি হংকঙে বিভিন্ন দেশ আৰু বিনিয়োগকাৰীৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক ৰক্ষা কৰি আহিছে । আমেৰিকা তাৰে ভিতৰত অন্যতম । আমেৰিকা যুক্তৰাষ্ট্ৰৰ হংকং পলিচী আইনৰ জৰিয়তে ১৯৯২ চনত দেশখনে হংকঙক বিশেষ মৰ্যাদা প্ৰদান কৰিছিল । এই আইনৰ অধীনত প্ৰতিশ্ৰুতি প্ৰদান কৰা হৈছিল যে যদি হংকং সুকীয়া হৈ থাকে তেন্তে চীনৰ পৰা পৃথক হিচাপে ইয়াক গণ্য কৰা হ’ব । কিন্তু বেইজিঙৰ ওচৰত হস্তান্তৰ কৰাৰে পৰা আমি দেখিছোঁ যে বেইজিঙে এক দেশ, দুই ব্যৱস্থাক কোনোপধ্যে সন্মান নকৰে । বেইজিঙে স্বতন্ত্ৰতাক সমৰ্থন বা সন্মান নকৰে । গতিকে আমেৰিকাই কৈছে যে আমি এই উপহাৰ ওভোতাই ল’বলৈ বাধ্য হৈছোঁ । যদি বেইজিঙে হংকঙক পৃথক আৰু বিশেষ হিচাপে ৰাখিব খোজে তেতিয়া বেইজিং আৰু হংকং চৰকাৰে কৰিব পৰা বহু কাম আছে । প্ৰথমতে ৰাষ্ট্ৰীয় নিৰাপত্তা আইন প্ৰত্যাহাৰ কৰক আৰু পৃথিৱীখনক প্ৰমাণ কৰি দেখুৱাওক যে বেইজিঙে সঁচাকৈয়ে হংকঙক বিশেষ হিচাপে গণ্য কৰে ।

প্ৰশ্ন : মিনিয়াৰলিছত জৰ্জ ফ্লয়ডৰ ঘটনাকলৈ আমেৰিকা যুক্তৰাষ্ট্ৰৰ বহু কেইখন চহৰত বৰ্ণ বৈষম্য আৰু আৰক্ষীৰ বৰ্বৰতাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ অব্যাহত আছে । চীনৰ চৰকাৰী মুখপাত্ৰ আৰু চৰকাৰী সংবাদ মাধ্যমে আমেৰিকাৰ বিৰুদ্ধে আক্ৰমণাত্মক মন্তব্য প্ৰদান কৰিছে । শনিবাৰে গ্লোবেল টাইমছৰ মুখ্য সম্পাদক হু ছিজিনে এনেদৰে লিখিছে— “হংকঙৰ গোড়া বিদ্ৰোহীসকল যেন আমেৰিকাৰ পৰা ক’ৰবাত প্ৰভাৱিত হৈছে আৰু যোৱা বছৰৰ দৰে এইবাৰো একেই অস্থিৰতাৰ সৃষ্টি কৰিছে । " আমেৰিকাৰ আৰক্ষীতকৈ হংকং আৰক্ষী বহু পৰিমাণে নিয়ন্ত্ৰিত বুলি চীনে কোৱাটোক আপুনি কেনেদৰে চায় ?

এলভিন ইয়ুং- এখন স্বেচ্ছাচাৰী চৰকাৰৰ কোনো প্ৰতিনিধি যিয়ে কাহানিও বাক্ স্বাধীনতা উপভোগ কৰা নাই, কেতিয়াও তেওঁলোকৰ পৰা কিবা ভাল বা উচিত কথা আপুনি আশা কৰিব নোৱাৰে ।গ্লোবেল টাইমছৰ সম্পাদক হুৱে কেতিয়াবা কিবা প্ৰতিবাদত ভাগ লৈছেনে বা তেওঁ আৰক্ষীৰ বৰ্বৰতা দেখিছেনে? তেওঁৰ দৰে মানুহৰ কোনো কথা কোৱাৰ কোনো স্থিতিয়েই নাই । এখন মুক্ত পৃথিৱীত ঘটি থকা ঘটনাবোৰৰ বিষয়ে কথা কোৱাৰ বাবে তেওঁলোক কোনোপধ্যে উপযুক্ত নহয় ।

প্ৰশ্ন: আপোনাৰ আটাইতকৈ ডাঙৰ ভয় কি ? মাত মতাৰ বাবে ইয়াতকৈ বেছি নিৰ্যাতনৰ সন্মুখীন হ’ব বুলি আপুনি ভয় খায়নে ?

এলভিন ইয়ুং- মোৰ একেবাৰে ভয় নাই বুলি ক’লে মিছা কথা কোৱা হ’ব । কিন্তু হংকং মোৰ ঘৰ । বিগত কিছু বছৰৰ পৰা মানুহক সেৱা কৰিবলৈ পাই মই গৰ্বিত । মই যদি তেওঁলোকক সেৱা কৰাৰ সুযোগ লাভ কৰি থাকোঁ মই নিশ্চিতভাৱে কৰি যাম । যোৱা বছৰ হংকঙৰ লোকসকলে নিজৰ সাহসৰ প্ৰমাণ দিছে । অনাগত দিনবোৰ চাগে প্ৰত্যাহ্বানেৰে ভৰা হ’ব । এয়া এক কঠিন যুদ্ধ । কিন্তু হংকঙৰ মানুহে সহজে যুদ্ধক্ষেত্ৰ ত্যাগ নকৰে ।

প্ৰশ্ন : প্ৰতিবাদ যাতে শান্তিপূৰ্ণ হৈ থাকে আৰু সশস্ত্ৰ হৈ নপৰে সেয়া আপুনি কেনেদৰে নিশ্চিত কৰিছে ?

এলভিন ইয়ুং- বৰ্তমান সমময়ত হংকঙৰ প্ৰতিবাদৰ আঁৰত একো নাই, কোনো নেতা নাই । এয়া নেতাবিহীন এক আন্দোলন । যেতিয়া ৰাজপথলৈ একৰ পৰা দুই মিলিয়ন লোক ওলাই আহিছিল তেতিয়াই শান্তিপূৰ্ণভাৱে এই আন্দোলন আৰম্ভ হৈছিল । কিন্তু যেতিয়া এই চৰকাৰখনে ৰাইজৰ দাবীক আওকাণ কৰিবলৈ ল’লে, কিছুসংখ্যক লোক হতাশ হৈ পৰে আৰু আৰক্ষীয়ে তেওঁলোকৰ ওপৰত কন্দুৱা গেছ, ৰবৰৰ বুলেট প্ৰয়োগ কৰিবলৈ লয় । ৰাইজ তেতিয়া ক্ষোভিত হৈ উঠে । বিগত দিনসমূহত আমি সাক্ষী হোৱা আৰক্ষীৰ অত্যাচাৰৰ অসংখ্য ঘটনাই ৰাইজক অতিষ্ঠ কৰি তুলিছে । মই আশা কৰোঁ আমি শান্তিপূৰ্ণ হৈ থাকিম । কিন্তু ৰাইজ ৰাজপথত কিয় অগ্নিশৰ্মা হৈ উঠে সেয়া মই উপলব্ধি কৰিব পাৰোঁ ।

প্ৰশ্ন : মূল সুঁতিৰ চীনৰ লোকসকলৰ মাজত আপোনালোকৰ প্ৰতি আপুনি কিবা সহানুভূতি বা ভাতৃত্ববোধ অনুভৱ কৰেনে? কিয়নো তেওঁলোকেও ৰাষ্ট্ৰপতি জিনপিঙক বিভিন্ন ক্ষেত্ৰত বৰ্তমান সমালোচনা কৰি আহিছে ?

এলভিন ইয়ুং- চেন্সৰশ্বিপ বা নিৰীক্ষণৰ ভয় নোহোৱাকৈ চীনৰ লোকসকলৰ সৈতে প্ৰত্যক্ষ যোগাযোগ কৰাটো সহজ নহয় । কিন্তু মই জানো যে সীমান্তত থকা অসংখ্য লোকে হংকঙৰ জনগণৰ স্বাধীনতা আন্দোলনক সমৰ্থন কৰে । কিন্তু তেওঁলোকৰ অৱস্থা হংকঙৰ তুলনাত অধিক জটিল । আমি অন্ততঃ এতিয়াও মুকলিভাৱে ইণ্টাৰনেট ব্যৱহাৰ কৰিব পাৰোঁ । কিন্তু চীনত ফায়াৰৱাল আছে । ফায়াৰৱাল পাৰ হ’বলৈ তেওঁলোকে ভি পি এন বা বিভিন্ন উপায় অৱলম্বন কৰিবলগীয়া হয় । এয়া তেওঁলোকৰ বাবে সঁচাকৈয়ে ডাঙৰ সমস্যা । আমি তেওঁলোকক শুভেচ্ছা জনাইছোঁ ।

প্ৰশ্ন : এল এ চিত চীন আৰু ভাৰতৰ মাজত সংঘাত বৃদ্ধি পাইছে । চীনত জিনপিঙে দেখুওৱা সপোনৰ গতি হ্ৰাস পোৱাৰ বাবে আৰু দেশখনত নিজৰ স্থিতি পুনৰ সবল কৰিবলৈ এই আগ্ৰাসনৰ সিদ্ধান্ত চীনে গ্ৰহণ কৰিছে নেকি ?

এলভিন ইয়ুং- আজিৰ এই পৃথিৱীত কাৰোবাৰ যোগাযোগৰ মাধ্যমেৰে সমস্যা সমাধান কৰাৰ শক্তি আছেনে নাই সেয়া চাওঁ, তেওঁ লাগিলে যিয়ে হওক। বিশেষকৈ ইণ্টাৰনেটৰ জৰিয়তে আমি যিকোনো তথ্য সোনকালে লাভ কৰোঁ । গতিকে যদি এজন নেতাই আন নেতাসকলৰ লগতে বিশ্বৰ নাগৰিকসকলৰ লগত সংযোগ স্থাপনত ব্যৰ্থ হয় গতিকে তেওঁৰ দ্বাৰা শান্তি স্থাপন নহ’ব বা কাৰো ভাল নহ’ব ।

লগতে পঢ়ক : মোডী-ট্ৰাম্পৰ আলোচনাত ভাৰত-চীন সীমান্তৰ প্ৰসংগ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.