নিউজ ডেস্ক,14 আগষ্টঃ এলাহাবাদ বজৰংগ দলে মঙলবাৰে নিশা পাকিস্তানৰ স্বাধীনতা দিৱস উপলক্ষে অখণ্ড ভাৰতৰ সংসল্প লয় ৷ ভাৰত মাতাৰ এখন ডাঙৰ পোষ্টাৰৰ আগত মাটিৰ চাকি জ্বলাই এখন অখণ্ড ভাৰতৰ সংকল্প লয় তেওঁলোকে ৷ পোষ্টাৰখনত অখণ্ড ভাৰতৰ ভৌগলিক সীমা পূবত বাংলাদেশলৈ আৰু পশ্চিমত আফগানিস্তানলৈ ধৰা হৈছে ৷ ধাৰা 370 আৰু 35A উঠাই লোৱাৰ পিছত বিশ্ব হিন্দু পৰিষদ আৰু বজৰংগ দলে পাকিস্তান অধিকৃত কাশ্মীৰক ভাৰতৰ লগত চামিল কৰাৰ দাবী ইত্থাপন কৰি আহিছে ৷
![ETV BHARAT ASSAM](https://etvbharatimages.akamaized.net/etvbharat/prod-images/bajrang_dalaug141565759870796-26_1408email_1565759882_632.jpg)