ETV Bharat / bharat

থলুৱা লোকসকলৰ বাবে ‘কেব’ ভয়ংকৰ বিপদঃ বাইছুং ভুটিয়া

‘আমিও নিজৰ সংস্কৃতি আৰু পৰিচয় ৰক্ষাৰ বাবে চেষ্টা অব্যাহত ৰাখিছো ৷ চিক্কিমতো গৰিষ্ঠ সংখ্যক শৰণাৰ্থীৰ সোঁত অব্যাহত আছে ৷ মই অসম আৰু ত্ৰিপুৰা থলুৱা লোকসকলৰ শংকাৰ কথা উপলব্ধি কৰিব পাৰো ৷ যেতিয়া 1975 চনত আমি ভাৰতৰ অন্তৰ্ভুক্ত হৈছিলো সেই সময়ত ইয়াত থলুৱা লোকৰ সংখ্যা আছিল 50 শতাংশ,যি এতিয়া হ্ৰাস পাই 20 শতাংশ হৈছেগৈ৷’-বাইছুং ভুটিয়া

author img

By

Published : Dec 13, 2019, 5:34 PM IST

Baichung Bhutiya reaction on CAB
থলুৱা লোকসকলৰ বাবে ‘কেব’ ভয়ংকৰ বিপদঃবাইছুং ভুটিয়া

নতুন দিল্লী, 13 ডিচেম্বৰঃ ভাৰতীয় ফুটবল দলৰ প্ৰাক্তন অধিনায়ক বাইছুং ভুটিয়াই কেবৰ ওপৰত মন্তব্য কৰি কয় যে,‘নাগৰিকত্ব সংশোধনী আইন’ থলুৱা লোকসকলৰ বাবে ভয়ংকৰ বিপদ’ ৷ "আমি শংকিত যে,নাগালেণ্ড,মণিপুৰ,মিজোৰাম আদিৰ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ দৰে ছিক্কিমৰ কথা বিধেয়কখনত কোনোধৰণৰ উল্লেখ নাই"-এ এন আইৰ সৈতে হোৱা সক্ষাৎকাৰত হামৰো ছিক্কিম পাৰ্টীৰ প্ৰতিষ্ঠাতাগৰাকীয়ে এই বুলি মন্তব্য কৰে ৷

বৃহস্পতিবাৰে মাজনিশা ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে বিধেয়কখনত স্বাক্ষৰ প্ৰাদান কৰাৰ পিছতেই বিধেয়কখন আইনলৈ প্ৰৱৰ্তন হয় ৷ পদ্মশ্ৰী তথা অৰ্জুন বঁটা বিজয়ী খেলুৱৈগৰাকীয়ে কয় যে,‘আমি লিখিতভাৱে বিচাৰো যে আমি বিধেয়কখনৰ পৰা বাহিৰত থাকো ৷ এই ক্ষেত্ৰত আমি হতাশ যে,বিধেয়কখনত লিখিতভাৱে তেনে কোনো কথাৰ উল্লেখ নাই’ ৷ কেবৰ বিৰুদ্ধে হৈ থকা প্ৰতিবাদৰ বিষয়ে সোধা প্ৰশ্নৰ উত্তৰত তেখেতে কয় যে, "এইয়া দুৰ্ভাগ্য" ৷ ‘আমিও নিজৰ সংস্কৃতি আৰু পৰিচয় ৰক্ষাৰ বাবে চেষ্টা অব্যাহত ৰাখিছো ৷ ছিক্কিমতো গৰিষ্ঠ সংখ্যক শৰণাৰ্থীৰ সোঁত অব্যাহত আছে ৷ মই অসম আৰু ত্ৰিপুৰাৰ থলুৱা লোকসকলৰ শংকা উপলব্ধি বুজিব পাৰিছো ৷ যেতিয়া 1975 চনত আমি ভাৰতৰ অন্তৰ্ভুক্ত হৈছিলো সেই সময়ত ইয়াত থলুৱা লোকৰ সংখ্যা আছিল 50 শতাংশ,যি এতিয়া হ্ৰাস পাই 20 শতাংশ হৈছেগৈ ৷’

আনহাতে বিধেয়কখন সংসদত উত্থাপন কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কৈছিল যে,‘আমি ছিক্কিমৰ অধিকাৰত হস্তক্ষেপ নকৰো,কাৰণ ছিক্কিমখন 371এফ অনুচ্ছেদৰ অন্তৰ্ভুক্ত ৷ সংসদে কেবৰ নিয়মসমূহৰ পুষ্টি নকৰা পৰ্যন্ত ছিক্কিম উক্ত অনুচ্ছেদৰ অংশ হৈ থাকিব ৷ গতিকে এইক্ষেত্ৰত তেঁওলোকে উদ্বিগ্ন হোৱাৰ কোনে কাৰণ নাই ৷’ বিভাগীয় তথ্য অনুসৰি উক্ত আইনখনে অসম, মেঘালয়,মিজেৰাম আৰু ত্ৰিপুৰাৰ সংবিধানৰ ষষ্ঠ অনুসূচীৰ অন্তৰ্ভুক্ত জনজাতীয় অঞ্চলসূহৰ লগতে ‘ইনাৰ লাইন’ৰ অনুমতি থকা ঠাইসমূহক অন্তৰ্ভুক্ত নকৰে ৷

উল্লেখ্য যে,কেব গৃহীত হোৱাৰ লগে লগেই উত্তৰ-পূৰ্বাঞ্চলীয় ৰাজ্যসমূহ বিশেষকৈ অসমত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ প্ৰাতিবাদে হিংসাৰ ৰূপ ধাৰণ কৰাৰ বাবে ৰাজ্য খনৰ কেইবাখনো ঠাইতো সান্ধ্য আইন জাৰি কৰা হৈছে ৷

লগতে পঢ়ক- কোনো কাৰণতে কেব মানি নলওঁ : শিল্পী সুদক্ষিণা শৰ্মা

Intro:Body:

BAICHUNG BHUTIA ON CAB

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.