ETV Bharat / bharat

2020 চনৰ এপ্ৰিলত বাবৰি মছজিদ ধংস গোচৰৰ ৰায়দান !!

author img

By

Published : Nov 9, 2019, 11:05 PM IST

বাবৰি মছজিদ ধংস কৰা কাৰ্যক 'আইনৰ ভয়ংকৰ উলংঘন' বুলি মন্তব্য কৰিছে উচ্চতম ন্যায়ালয়ে ৷ বাবৰি মছজিদ ধংস গোচৰৰ 2020 চনৰ এপ্ৰিল মাহত ৰায়দান হোৱাৰ সম্ভাৱনা আছে ৷

উচ্চতম ন্যায়ালয়

নেশ্বনেল ডেস্ক, 9 নৱেম্বৰ : শনিবাৰে উচ্চতম ন্যায়ালয়ে বাবৰি মছজিদ ধংস কৰা কাণ্ডক 'আইনৰ ভয়ংকৰ উলংঘন' বুলি মন্তব্য কৰে ৷ অযোধ্যা বিবাদ সম্পৰ্কত ৰায়দানৰ সময়ত উচ্চতম ন্যায়ালয়ে কয় যে, "1992 চনৰ 6 ডিচেম্বৰত বাবৰি মছজিদ ধংস কৰা হৈছিল ৷ মছজিদ ধংস কৰাৰ ফলত আইনৰ উলংঘন হৈছিল ৷ মুছলমানৰ নিৰ্মাণকাৰ্যক এনেদৰে ধংস কৰাটো এক ভয়ংকৰ আইন উলংঘন ৷"

উল্লেখ্য যে, বাবৰি মছজিদ ধংস গোচৰৰ 2020 চনৰ এপ্ৰিল মাহত ৰায়দান হোৱাৰ সম্ভাৱনা আছে ৷ উচ্চতম ন্যায়ালয়ে এই বিবাদৰ ৰায়দানৰ বাবে আগন্তক বৰ্ষৰ 18 এপ্ৰিলৰ দিন ধাৰ্য কৰিছে ৷ এই বিষয়ৰ ওপৰত শুনানি গ্ৰহণ কৰি থকা বিশেষ আদালতৰ অনুৰোধত 9 মাহৰ সময় প্ৰদান কৰিছে উচ্চতম ন্যায়ালয়ে ৷ এই গোচৰত চিবিআইয়ে প্ৰাক্তন উপ-প্ৰধানমন্ত্ৰী লালকৃষ্ণ আদৱানী, মুৰলী মনোহৰ জোশী, কল্যান সিং, উমা ভাৰতী আৰু বিনয় কটিয়াৰ লগতে 32 জনৰ বিৰুদ্ধে সাক্ষী প্ৰদান কৰিব ৷ এই গোচৰ সন্দৰ্ভত চিবিআইয়ে বিশেষ আদালতৰ সন্মুখত বৰ্তমানলৈকে 337 জন সাক্ষী প্ৰদান কৰিছে ৷

শনিবাৰে দিনৰ 10.30 বজাত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ নেতৃত্বত পাঁচজনীয়া বিচাৰকৰ দলে অযোধ্যাৰ বিতৰ্কিত গোচৰৰ ৰায়দান কৰে ৷ ৰায়দান অনুসৰি, বিবাদিত ভূমিত ৰাম মন্দিৰ নিৰ্মাণ কৰা হ'ব আৰু মছজিদ নিৰ্মাণ কৰিবৰ বাবে 5 একৰ ভূমি প্ৰদান কৰা হ'ব ৷ পাঁচজনীয়া বিচাৰকৰ দলত আছিল মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ, এছ. এ. ববডে, দি. ৱাই চন্দ্ৰচুদ, অশোক ভূষণ আৰু এছ. আব্দুল নাজিৰ ৷

Intro:Body:Conclusion:

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.