নিউজ ডেস্ক, 7 নৱেম্বৰঃ উচ্চতম ন্যায়ালয়ৰ বহু প্ৰত্যাশিত 'ৰাম জনমভূমি-বাবৰি মছজিদ' শীৰ্ষক মোকৰ্দমাৰ ৰায়দানৰ পূৰ্বে, বৃহস্পতিবাৰে উত্তৰপ্ৰদেশ চৰকাৰে ৰাজ্যখনৰ আম্বেদকাৰ নগৰ জিলাৰ ভিন্ন মহাবিদ্যালয়ত 8 খন অস্থায়ী কাৰাগাৰ স্থাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ আম্বেদকাৰ নগৰৰ জিলা বিদ্যালয় পৰিদৰ্শকে পত্ৰযোগে জিলাখনৰ তিনিখন মহাবিদ্যালয়ৰ মুৰব্বীক অস্থায়ী কাৰাগাৰ স্থাপনৰ অৰ্থে মহাবিদ্যালয়ৰ আৱাস সমূহ আৰক্ষী কৰ্তৃপক্ষক হস্তান্তৰ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে ৷
যোৱা 5 নৱেম্বৰত আৰ.এছ.এছৰ কাৰ্যকৰ্তাৰ লগতে কেইবাগৰাকীও বিজেপি নেতাই সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী 'মুখতাৰ আব্বাছ নাক্ভি'ক সাক্ষাৎ কৰি ৰায়দানৰ পাচতো যাতে শান্তি-সম্প্ৰীতি অটুত থাকে এই বিষয়ত আলোচনা কৰে ৷
ইতিমধ্যে অযোধ্যাৰ জিলা বিচাৰপতি 'অনুজ কুমাৰ ঝা'ই অক্টোবৰ মাহতেই 144 ধাৰা আৰোপ কৰিছে ৷ আইন শৃংখলাজনিত পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি 10 ডিচেম্বৰলৈ অব্যাহত থাকিব এই নিৰ্দেশনা ৷ উল্লেখ্য যে, উচ্চতম ন্যায়ালয়ে 17 নৱেম্বৰৰ পূৰ্বেই 'অযোধ্যা' মোকৰ্দমাৰ শুনানি ঘোষণাৰ কথা সদৰী কৰিছে ৷
লগতে পঢ়ক : ত্ৰিপুৰাত ভয়ংকৰ মানৱীয় সংকট, খাদ্য সংকট মৃত্যু শিশুসহ ছয়জনৰ