ETV Bharat / bharat

বিশাখাপট্টনমত গেছ নিৰ্গমন কাণ্ডঃ শিশুসহ মৃত্যু 10 গৰাকীৰ - At least three dead following gas leak from chemical plant in Visakhapatnam

এটা ৰাসায়নিক প্লাণ্টৰ পৰা গেছ লিক হোৱাৰ ফলত বিশাখাপট্টনমত শিশুসহ মৃত্যুক সাৱটি লয় 10 গৰাকী লোকে ।

At least three dead after gas leak from chemical plant in Visakhapatnam

author img

By

Published : May 7, 2020, 9:48 AM IST

Updated : May 7, 2020, 3:13 PM IST

নেশ্যনেল ডেস্ক, 7 মে': বৃহস্পতিবাৰে বিশাখাপট্টনমৰ এটা ৰাসায়নিক প্লাণ্টৰ পৰা গেছ লিক হোৱাৰ ফলত এটি 8 বছৰীয়া শিশুসহ 10 গৰাকী লোকৰ মৃত্যু হয় । ইয়াৰোপৰি এই ঘটনাৰ ফলত আক্ৰান্ত হয় 100 গৰাকীতকৈয়ো অধিক লোক ।

গোপালাপট্টনমৰ আৰ.আৰ ভেঙ্কটাপুৰাম গাঁৱৰ এল.জি পলিমাৰ উদ্যোগৰ পৰা ঘটনাৰ উদ্ভৱ হোৱা বুলি জানিবলৈ দিয়ে, বিশাখাপট্টনমৰ জিলা চিকিৎসা বিষয়াই ।

গ্ৰেটাৰ বিশাখাপট্টনম পৌৰ নিগমৰ বিষয়ববীয়া সকলে জানিবলৈ দিয়া মতে, তেওঁলোকে পানী ব্যৱহাৰ কৰি গেছ লিকৰ প্ৰভাৱ কিছু হ্ৰাস কৰিবলৈ চেষ্টা চলাইছে আৰু স্থানীয় বাসিন্দাসকলক মাস্ক ব্যৱহাৰ কৰিবলৈ নিৰ্দেশ দিছে ।

উল্লেখ্য যে, মুখ্যমন্ত্ৰী ৱাই.এছ জগন মোহন ৰেড্ডীয়ে জিলা কৰ্মকৰ্তাসকলৰ জীৱন ৰক্ষাৰ্থে আৰু পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে যৎপৰোনাস্তি চেষ্টা অব্যাহত ৰাখিছে বুলি জানিবলৈ দিয়ে ।

দক্ষিণ কোৰিয়াৰ কোম্পানী এল.জি পলিমাৰ্চে পলিষ্টাৰিন আৰু এক্সপেনডেবল পলিষ্টাৰিন নিৰ্মাণ কৰে । যি বহুমুখী প্লাষ্টিক, খেলনা আদিৰ দৰে বিভিন্ন উপকৰণ নিৰ্মাণৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয় । 1961 চনৰ পৰাই এই উদ্যোগ চলি আছে ।

এই ঘটনাৰ ফলত চকু জ্বলা পুৰা কৰা আৰু শ্বাস-প্ৰশ্বাসত কষ্ট পোৱা বহুকেইগৰাকী লোকক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় । ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী, অগ্নিনিৰ্বাপক বাহিনীৰ লোক উপস্থিত হৈছে ।

লগতে পঢ়কঃ আতচবাজী বিস্ফোৰণৰ ফলত নিহত দুই শিশু

Last Updated : May 7, 2020, 3:13 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.