নিউজ ডেস্ক, 18 জুলাইঃ কূলভূষণ যাদৱ সন্দৰ্ভত আন্তঃৰাষ্ট্ৰীয় ন্যায়িক আদালতে আগবঢ়োৱা ৰায় সন্দৰ্ভত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী সুব্ৰমনিয়াম জয়শংকৰে বৃহস্পতিবাৰে সদনৰ মজিয়াত ভাৰতৰ স্থিতি স্পষ্ট কৰে ৷ কুলভূষণ যাদৱক পাকিস্তানৰ পৰা মুক্তিৰ লগতে ভাৰতলৈ ঘূৰাই অনাৰ আগ্ৰহ প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে ৷ চৰকাৰে যাদৱৰ সকলো ধৰণৰ সুৰক্ষাৰ লগতে ভাৰতলৈ প্ৰত্যৰ্পণৰ বাবে কৰিব পৰা সকলো দিশৰ ওপৰত চৰকাৰে গুৰুত্ব দিব বুলিও উল্লেখ কৰে৷
উল্লেখ্য যে আন্তঃৰাষ্ট্ৰীয় ন্যায়িক আদালতে পাকিস্তানক যাদৱৰ মৃত্যুদণ্ডৰ আদেশ সন্দৰ্ভত পুনৰ বিচাৰৰ বাবে আহ্বান জনাইছে ৷ আদালতৰ মুঠ 16 জন বিচাৰকৰে 15 জনেই ভাৰতৰ পক্ষত ন্যায় দিয়ে ৷ আন্তঃৰাষ্ট্ৰীয় ন্যায়িক আদালতৰ মুখ্য ন্যায়াধীশ আব্দুলকবি আহমেদ য়ুছুফে ভাৰতৰ সপক্ষে প্ৰদান কৰে ভাৰতীয় নাগৰিক কুলভুষণ যাদৱৰ গোচৰৰ ৰায়দান ৷ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী সুব্ৰমনিয়াম জয়শংকৰৰ মন্তব্য অনুসৰি ভাৰতীয় নাগৰিক কুলভূষণ যাদৱ নিৰ্দোষী আৰু আন্তঃৰাষ্ট্ৰীয় ন্যায়িক আদালতে দিয়া সিদ্ধান্তৰ প্ৰতি সন্মান জনাই স-সন্মানেৰে কুলভূষণ যাদৱক ঘূৰাই অনাৰ সকলো প্ৰচেষ্টা অব্যাহত ৰখা হ'ব৷