ETV Bharat / bharat

বহিঃৰাজ্যত ধৰ্ষণৰ বলি অসমীয়া যুৱতী - উত্তৰ প্ৰদেশত ধৰ্ষণৰ বলি অসমৰ মডেল

বহিঃৰাজ্যত ধৰ্ষণৰ বলি এগৰাকী অসমীয়া মডেল ৷ উত্তৰ প্ৰদেশত এক অনুষ্ঠানত অংশগ্ৰহণৰ বাবে যাওঁতেই ধৰ্ষণৰ বলি হয় যুৱতীগৰাকী ৷

উত্তৰ প্ৰদেশৰ কানপুৰ
বহিঃৰাজ্যত ধৰ্ষণৰ বলি অসমীয়া যুৱতী
author img

By

Published : Mar 17, 2020, 6:16 PM IST

নেশ্যনেল ডেস্ক, 17 মাৰ্চ : বহিঃৰাজ্যত ধৰ্ষণৰ বলি হ'ল অসমৰ এগৰাকী 25 বৰ্ষীয় মডেল ৷ উত্তৰ প্ৰদেশৰ কানপুৰত এক অনুষ্ঠানত অংশগ্ৰহণৰ বাবে উপস্থিত হোৱা যুৱতীগৰাকীক দেওবাৰে নিশা ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে ৷ এক প্ৰসিদ্ধ ক্লাবৰ প্ৰাক্তন সঞ্চালকে অন্য পাঁচজন লোকৰ উপস্থিতিত অসমৰ যুৱতীগৰাকীক ধৰ্ষণ কৰা বুলি জানিব পৰা গৈছে ৷ এই সন্দৰ্ভত আৰক্ষীয়ে সোধা-পোছাৰ বাবে ঘৰৰ মালিক সমীৰ আগৰৱাল সহিতে চাৰিজনক গ্ৰেপ্তাৰ কৰিছে ৷ আনহাতে, মূল অভিযুক্ত অমিত আগৰৱাল বৰ্তমানেও পলাতক বুলি জানিব পৰা গৈছে ৷

আৰক্ষীৰ মতে, অমিত আগৰৱাল আৰু তেওঁৰ পাঁচ সহযোগীৰ বিৰুদ্ধে IPC ৰ ধাৰা 354 আৰু 120 ৰ অধীনত গোচৰ ৰুজু কৰা হৈছে ৷ ঘটনা সংঘটিত হোৱাৰ পাচত যুৱতীগৰাকীয়ে স্থানীয় লোকক অৱগত কৰাত তেওঁলোকে 111 নম্বৰত আৰক্ষীক জৰুৰীকালীন ফোন কৰে ৷

এই সম্পৰ্কত আৰক্ষী অধীক্ষক অনিল কুমাৰে জনায়, "তিনিজন লোক সক্ষম, সমীৰ আৰু তেওঁলোকৰ উকীল বন্ধুক আটক কৰা হৈছে ৷ যুৱতীগৰাকীয়ে জানিবলৈ দিয়া অনুসৰি ইভেন্ট অৰগেনাইজাৰ সক্ষম চাহুয়ে 15 মাৰ্চত মন্ধনাৰ ৱাটাৰ পাৰ্কত প্ৰদৰ্শনৰ বাবে তেওঁক নিয়োগ কৰিছিল ৷ সেই সূত্ৰেই 13 মাৰ্চত তেওঁ চহৰখনত উপস্থিত হৈছিল ৷ বৰ্তমান তেওঁৰ স্বাস্থ্য পৰীক্ষা কৰা হৈছে ৷"

গুৱালটোলী আৰক্ষী চকীৰ এজন আৰক্ষী বিষয়াই জানিবলৈ দিয়া অনুসৰি, "যুৱতীগৰাকীৰ অভিযোগৰ ওপৰত ভিত্তি কৰি আমি চিচি টিভি ফুটেজ প্ৰত্যক্ষ কৰিছো আৰু ঘটনা সংঘটিত হোৱা ঠাইডোখৰত উপস্থিত হৈছো ৷ ইয়াৰোপৰি, তদন্তৰ বাবে যুৱতীগৰাকীৰ মোবাইল ফোনৰ তথ্যও সংগ্ৰহ কৰিছো ৷"

যুৱতীগৰাকীয়ে ঘৰ নিৰ্মাতা অমিত আগৰৱাল, সমীৰ আগৰৱাল, সক্ষম চাহু আৰু দেহৰক্ষী মনোজ, শোভম আৰু এজন অচিনাক্ত ব্যক্তিৰ কথা উল্লেখ কৰিছে ৷ সমগ্ৰ ঘটনাৰ পাচতে তেওঁ সমীৰ আগৰৱালৰ ঘৰৰ পৰা পলাবলৈ সক্ষম হয় আৰু চিঞৰ-বাখৰ কৰাত স্থানীয় লোকে সহায়ৰ হাত আগবঢ়ায় ৷

আৰু পঢ়ক : ব্ৰাজিলত কৰ'ণা আতংক : কাৰাগাৰৰ পৰা পলায়ন 1,500 বন্দী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.