নিউজ ডেস্ক, ৩০ এপ্ৰিলঃ অসমৰ কাছাৰ জিলাত অবৈধভাৱে প্ৰৱেশ কৰাৰ অপৰাধ কাৰাদণ্ডিত বাংলাদেশৰ ইনামুদ্দীন নামৰ ব্যক্তিজন ।

উল্লেখ্য যে, বিগত ৭ বছৰ পূৰ্বে অৰ্থাৎ ২০১৩ চনত 5 এপ্ৰিলত ভাৰতত অবৈধভাৱে প্ৰৱেশ কৰিছিল বাংলাদেশৰ হবীগঞ্জ জিলাৰ নিবাসী ইনামুদ্দীন নামৰ ব্যক্তিজন । বিএছএফৰ জোৱানে অসমৰ কাছাৰ জিলাৰ কিনোকল সীমান্তত অবৈধভাৱে প্ৰৱেশ কৰাৰ অপৰাধত কৰায়ত্ত কৰি স্থানীয় আৰক্ষীক গতাই দিয়ে ইনামুদ্দীনক ।
কাছাৰৰ কটোৰিয়াহ আৰক্ষী থানাই ইনামুদ্দীনৰ বিৰুদ্ধে আপোৰ কৰা বিদেশী আইন ভংগ কৰা গোচৰৰ ভিত্তিতে কাছাৰ জিলা আদালতে ৩ বছৰৰ বাবে কাৰাদণ্ডিত কৰাৰ উপৰিও ৫০০ টকা জৰিমনা বিহে ।