ETV Bharat / bharat

সংকটত দেশৰ চাহ উদ্যোগ, অনিশ্চিত চাহ শ্ৰমিকৰ ভৱিষ্যত : কি হ’ব ভৱিষ্যত ?

author img

By

Published : Aug 3, 2019, 8:10 PM IST

Updated : Aug 4, 2019, 12:40 PM IST

সংকটত দেশৰ চাহ উদ্যোগ, ইণ্ডিয়ান টি এচছিয়েছন(ITA)ৰ মুকলি প্ৰস্তাৱে উন্মোচিত কৰিছে উদ্যোগটোৰ ভয়ংকৰ ছবি ৷

সংকটত দেশৰ চাহ উদ্যোগ, অনিশ্চিত চাহ শ্ৰমিকৰ ভৱিষ্যত

নিউজ ডেস্ক,3 আগষ্টঃ যোৱা সপ্তাহত 24 ঘণ্টাৰ ভিতৰত "গুৱাহাটী চাহ নিলাম কেন্দ্ৰ" সাক্ষী হ'ল দুটাকৈ বিৰল অভিলেখৰ ৷ মঙ্গলবাৰে "গুৱাহাটী চাহ নিলাম কেন্দ্ৰত" এক কেজি মনোহাৰী চাহ 50000 টকাত বিক্ৰীৰে সৰ্বাধিক দামত চাহ বিক্ৰীৰ অভিলেখ সৃষ্টি কৰিছিল ৷ কিন্তু ঠিক এদিন পাছতেই 79501 টকাত এক কেজি চাহ নিলামে ভঙ্গ কৰিলে সেই অভিলেখ ৷ নিলামত সৰ্বাধিক মূল্য লাভে অসমৰ চাহ ব্যৱসায়লৈ ভাল খবৰ আনিছে বুলি সততে ভবাৰ থল আছে যদিও যোৱা এক আগষ্ট তাৰিখে "ইণ্ডিয়ান টি এচছিয়েছনে(ITA)" য়ে চৰকাৰলৈ মুকলিকৈ জনোৱা আৱেদনে উদঙাইছে অন্য এক ৰূপ ৷ আৱেদনখনত এটা কথা স্পষ্টকৈ উল্লেখ আছে যে বৰ্তমান সময়ত চাহ উদ্যোগৰ অৱস্থা একেবাৰেই শোচনীয় ৷ উৎপাদন ব্যয় বৃদ্ধিৰ বাবে বিগত বছৰত লাভাম্বিত হ'ব পৰা নাই উদ্যোগসমূহ ৷ ইয়াৰ বাবে চৰকাৰক কিছু উল্লিখিত পদক্ষেপ ল'বলৈ অনুৰোধ জনাইছে সংস্থাটোৱে ৷ তেওঁলোকৰ অনুৰোধসমূহ আছিল -

  • অনাগত 3 টা বছৰৰ বাবে চাহ উদ্যোগৰ সম্প্ৰসাৰণ বন্ধ কৰিব লাগে ৷
  • চাহপাতৰ নিলামৰ ক্ষেত্ৰত ন্যূনতম মূল্য ধাৰ্য কৰিব লাগে ৷
  • ব্ৰেণ্ড হিচাপে নহয়, সামুহিকভাৱে চাহপাতৰ বিজ্ঞাপনৰ ব্যৱস্থা কৰিব লাগে
  • শ্ৰমিকৰ ভৱিষ্যনিধিৰ ধনৰ আৱন্টন চাহ উদ্যোগৰ পৰিৱৰ্তে অনাগত 3 বছৰৰ বাবে চৰকাৰে বহন কৰিব লাগে

শ্ৰমিকৰ ভৱিষ্যত নিধি ধনৰ আবন্টন চাহ উদ্যোগৰ পৰিৰ্ৱতে চৰকাৰক অন্গত 3 বছৰৰ বাবে বহন কৰিবলৈ দিয়া প্ৰস্তাৱক লৈ বিভিন্ন মহলৰ মাজত সৃষ্টি হৈছে তুমুল বিৰ্তকৰ ৷ যি সময়ত ৰাজ্যৰ চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ দাবী বিষয়টোৱে গুৰুত্ব লাভ কৰি আহিছে , সেই সময়ত ভাৰতৰ ভিতৰতে আটাইতকৈ বেছি কৰ্মচাৰী থকা ব্যক্তিগত খণ্ডৰ উদ্যোগটোৱে নিজে শ্ৰমিকৰ ভৱিষ্যনিধিৰ ধন বহন কৰিব নোৱাৰি চৰকাৰলৈ প্ৰস্তাৱ আগবঢ়োৱা কাৰ্যই উদ্যোগটোৰ সংকটাপন্ন অৱস্থাৰ কথাকে প্ৰমাই কৰে ৷ এই বিষয়টোৱে ইতিমধ্যে দেশৰ সংবাদ মাধ্যমত বিশেষ চৰ্চা লাভ কৰিছে ৷

উল্লেখ্য যে, "ইণ্ডিয়ান টি এচছিয়েছন"ৰ এটা সঁজাতি দলে এই বিষয়ত বিশেষ ভূমিকা পালন কৰিবৰ বাবে অসম চৰকাৰক সাক্ষাৎ কৰে ৷ মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰে যে, চাহপাতৰ ব্যৱসায়ৰ উন্নতিৰ স্বাৰ্থত আগন্তুক 3 বছৰৰ বাবে সেউজীয়া পাতৰ ওপৰত থকা কৰ কৰ্তন কৰিবলৈ তেওঁলোকে ইতিমধ্যে বিধানসভাত এখন বিল গৃহীত কৰিছে ৷
আনফালে নগাওঁ সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়েও লোকসভাত উত্থাপন কৰিছে এই প্ৰসংগ ৷ ভাৰতীয় চাহ বৰ্ডৰ অধ্যক্ষ অৰুণ কুমাৰ ৰয়ক উজনি অসমৰ কেইবাজনো চাহ ব্যৱসায়ীয়ে দিয়া এখন স্মাৰক পত্ৰত উল্লেখ কৰিছে যে, বিগত বৰ্ষত তেওঁলোকে সৰ্বাধিক লোকচানৰ সন্মুখীন হৈছে ৷ কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে বহু বেছি দিনলৈ বৰ্তি থাকিব নোৱাৰিব এই উদ্যোগটো ৷ এনে প্ৰেক্ষাপটত এহাতে চাহ উদ্যোগৰ ৰক্ষা আৰু আনহাতে চাহ শ্ৰমিকৰ ভৱিষ্যত সুৰক্ষা এই দুয়োটা বিষয়ত বিভাগীয় কৰ্তৃপক্ষই কেনেদৰে মোকাবিলা কৰিব সেয়া নিশ্চিতভাৱে লক্ষণীয় হ'ব ৷

sample description
Last Updated : Aug 4, 2019, 12:40 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.