নেশ্যনেল ডেস্ক, 4 এপ্ৰিলঃ COVID-19ত আক্ৰান্ত হৈ মৃত্যক সাৱটি লোৱাৰ পূৰ্বে এগৰাকী কাশ্মীৰি ব্যৱসায়ীয়ে দিল্লী তথা উত্তৰ প্ৰদেশ আৰু জম্মু-কাশ্মীৰৰ বহু অঞ্চলত বিমান, ৰে'ল আৰু ভিন্ন পথেৰে ভ্ৰমণ কৰিছিল । তেওঁ জম্মু চিকিৎসালয়ৰ এগৰাকী চিকিৎসকৰ লগতে অন্য কেইবাগৰাকীও লোকলৈ এই মহামাৰী বিয়পোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে ।
যিসকল COVID-19ত আক্ৰান্ত ব্যক্তি বহু লোকৰ সংস্পৰ্শত আহে তেওঁলোকক ছুপাৰ স্প্ৰেডাৰ বুলি কোৱা হয় । এইসকলে 100 বা তাতোকৈ অধিক লোকৰ মাজত এই ৰোগ সংক্ৰমিত কৰিব পাৰে । কাশ্মীৰৰ ব্যৱসায়ী গৰাকীয়ে তবলিগী জামাতত অংশগ্ৰহণ কৰিবলৈ দিল্লী অভিমুখে যাত্ৰা কৰিছিল । যি স্থানক বৰ্তমান ভাৰতত বিয়পা COVID-19ৰ কেন্দ্ৰস্থল হিচাপে আখ্যা দিয়া হৈছে । বিষয়া সকলৰ মতে, তেওঁৰ বাবে বৰ্তমান প্ৰায় 300 লোকক কোৱাৰেণ্টাইনত ৰখা হৈছে ।
ছুপাৰ স্প্ৰেডাৰক 19ৰ দশকতে নথিভুক্ত কৰা হৈছিল । যেতিয়া এগৰাকী মহিলাই 51 গৰাকী লোকলৈ টাইফয়ড সংক্ৰমণ কৰিছিল, যদিও তেওঁৰ দেহত সেই ৰোগৰ কোনো লক্ষণ পৰিলক্ষিত হোৱা নাছিল ।
পূব দিল্লীৰ মহল্লা ক্লিনিকৰ এগৰাকী চিকিৎসকে কৰ'ণা আত্ৰান্ত ৰোগী এগৰাকীৰ চিকিৎসা কৰিছিল আৰু তেওঁ নিজেও সেই ৰোগত আক্ৰান্ত হয় । এই কথাই ইয়াকে প্ৰমাণ কৰে যে, এই ৰোগ এজন আক্ৰান্ত ব্যক্তিৰ নিচেই সন্মুখত থকা ব্যক্তিলৈয়ো সংক্ৰমিত হ'ব পাৰে ।
দিল্লীৰ নিজামুদ্দিনত 2000 লোকৰ সমাৱেশত অনুষ্ঠিত তবলিগী জামাতত চৌদি আৰব, মালয়েছিয়া, থাইলেণ্ড আৰু ইণ্ডোনেছিয়াৰ দৰে দেশৰো বহু ধাৰ্মিক লোক উপস্থিত আছিল । এই অনুষ্ঠানে বহুতো কৰ'ণা আক্ৰন্ত লোকৰ উন্মেষ ঘটায় ।
ইটালীৰ বিষয়াসকলৰ মতে, এতিয়াও দেশখনত চিহ্নিত নোহোৱা বহু ছুপাৰ স্প্ৰেডাৰ আছে । যিসকল দেশখনৰ 1,05,792 জন লোকৰ দেহত এই বীজাণু বিয়পোৱা আৰু 12,428 লোকৰ মৃত্যুৰ কাৰণ ।
যুক্তৰাষ্ট্ৰতো এটা হাই প্ৰফাইল ঘটনা পোৱা গৈছে । য'ত এগৰাকী ব্যক্তি ছিংগাপুৰৰ পৰাই এই ভাইৰাছত আক্ৰান্ত হৈ নিজ দেশলৈ ঘুৰি আহিছিল এক দীঘলীয়া যাত্ৰাৰ অন্তত । তাৰ পৰৱৰ্তী সময়ত এইগৰাকী লোক সুস্থ হৈ উঠে যদিও, তেওঁ 11 জন আন ব্যক্তিলৈ এই ৰোগ সংক্ৰমণৰ কাৰণ হৈ পৰে ।
উল্লেখ্য যে, 2002-03 চনত SARS মহামাৰীত বহু লোক আক্ৰান্ত হোৱা নাছিল যদিও, ছিংগাপুৰৰ অহা বহুকেইগৰাকী ছুপাৰ স্প্ৰেডাৰৰ বাবে এই বীজাণু বহু লোকলৈ সংক্ৰমিত হৈছিল ।
লগতে পঢ়কঃ ভাৰতৰ ক'ভিড-19 ৰ শেহতীয়া পৰিসংখ্যা !