নিউজ ডেস্ক, 16 এপ্ৰিলঃ অৰুণাচল প্ৰদেশৰ প্ৰথমগৰাকী কৰ’ণা আক্ৰান্ত ৰোগীয়ে আৰোগ্য লাভ কৰিবলৈ সক্ষম হৈছে ৷ বিগত 13 দিন ধৰি চিকিৎসকৰ নিৰীক্ষণত থকাৰ পিচতে বুধবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে ব্যক্তিগৰাকীয়ে আৰোগ্য় লাভ কৰিছে বুলি প্ৰকাশ কৰে ৷
-
#CoronaVirusUpdate :
— Pema Khandu (@PemaKhanduBJP) April 15, 2020 " class="align-text-top noRightClick twitterSection" data="
The first Positive case of Arunachal has tested Negative today after conducting 3rd test.
He was kept in isolation for 13 days under observation of doctors. Repeat sample is being collected today again. #IndiaFightsCorona #StayHomeStaySafe @DDNewslive
">#CoronaVirusUpdate :
— Pema Khandu (@PemaKhanduBJP) April 15, 2020
The first Positive case of Arunachal has tested Negative today after conducting 3rd test.
He was kept in isolation for 13 days under observation of doctors. Repeat sample is being collected today again. #IndiaFightsCorona #StayHomeStaySafe @DDNewslive#CoronaVirusUpdate :
— Pema Khandu (@PemaKhanduBJP) April 15, 2020
The first Positive case of Arunachal has tested Negative today after conducting 3rd test.
He was kept in isolation for 13 days under observation of doctors. Repeat sample is being collected today again. #IndiaFightsCorona #StayHomeStaySafe @DDNewslive
ইয়াক লৈ অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে টুইট কৰিছে ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে টুইটটোত,"অৰুণাচল প্ৰদেশৰ প্ৰথমটো কৰ’ণা পজিটিভ ঘটনা তৃতীয়টো পৰীক্ষা সম্পন্ন হোৱাৰ পিচত নিগেটিভ বুলি ফলাফল আহিছে ৷ বিগত 13 দিনে তেওঁক চিকিৎসকৰ নিৰীক্ষণত ৰখা হৈছিল ৷ আজি পুনৰবাৰৰ বাবে আকৌ তেওঁৰ তেজৰ নমুনা সংগ্ৰহ কৰা হৈছে ৷" বুলি প্ৰকাশ কৰে ৷
কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ প্ৰতিবেদন অনুসৰি,ৰাজ্যখনত এতিয়ালৈকে এগৰাকী ব্যক্তি কৰ’ণা ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈ আছে ৷ সমগ্ৰ ভাৰতবৰ্ষত এই মুহূৰ্তলৈকে 12,561 গৰাকী লোক এই ভাইৰাছত আক্ৰান্ত হৈছে আৰু 1,513 গৰাকীয়ে আৰোগ্য লাভ কৰিবলৈ সক্ষম হৈছে ৷ আনহাতে কৰ’ণা ভাইৰাছৰ ফলত এতিয়ালৈকে ভাৰতত 426 গৰাকীয়ে মৃত্যুমুখত পৰিছে ৷