ETV Bharat / bharat

অৰুণাচলৰ উজনি সোৱণশিৰিৰ পিচত এইবাৰ টাৱাঙত চীনৰ বিৰুদ্ধে প্ৰতিবাদ - জলবিদ্যুৎ উৎপাদন

অৰুণাচল প্ৰদেশৰ উজনি সোৱণশিৰীৰ পিছত এইবাৰ টাৱাংত চীনৰ বিৰুদ্ধে প্ৰতিবাদ । টাৱাঙত এক বৃহৎ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে বুলি এক স্থানীয় সূত্ৰৰ পৰা জানিব পৰা গৈছে ।

Arunachal protest against china
অৰুণাচল প্ৰদেশৰ উজনি সোৱণশিৰিৰ পিচত এইবাৰ টাৱাঙত চীনৰ বিৰুদ্ধে প্ৰতিবাদ
author img

By

Published : Jan 22, 2021, 9:48 PM IST

তেজপুৰ, 22 জানুৱাৰী : অৰুণাচল প্ৰদেশৰ উজনি সোৱণশিৰি জিলাৰ পিচত এইবাৰ ৰঙা চীনৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী লৈছে পশ্চিম অৰুণাচল প্ৰদেশৰ টাৱাং জিলাত । শনিবাৰে টাৱাঙত এক বৃহৎ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে বুলি এক স্থানীয় সূত্ৰৰ পৰা জানিব পৰা গৈছে ।

ৰঙা চীনে শেহতীয়াকৈ অৰুণাচল প্ৰদেশৰ পূব প্ৰান্তত উজনি সোৱণশিৰিৰ জিলাত পুনৰ অবৈধভাৱে দখল কৰি লেন্সি নদীৰ পাৰত নতুন হাইদ্ৰ পাৱাৰ প্ৰজেক্ট আৰু গাঁও নিৰ্মান কৰা বিষয়ে 'মিনিস্ত্ৰী অফ এক্সটৰনেল এফেয়াৰ্চ' আৰু তেজপুৰ গজৰাজ কৰৰ প্ৰতিৰক্ষা মুখপাত্ৰ লে. কৰ্ণেল হৰ্ষ বৰ্ধন পাণ্ডে নস্যাৎ কৰাৰ পিচতে অৰুণাচল প্ৰদেশৰ উজনিৰ সোৱণশিৰী জিলাত তাগিন যুৱ সন্থাই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ।

Arunachal protest against china
টাৱাঙত চীনৰ বিৰুদ্ধে প্ৰতিবাদ

19 জানুৱাৰীত ইটিভি ভাৰতৰ লগত হোৱা এক সাক্ষাৎকাৰত পাণ্ডে কয় যে, চীনা সৈন্যই ভাৰতৰ ভূমিত অধিগ্ৰহণ কৰি গাঁও স্থাপন কৰা বিষয়টো সম্পূৰ্ণ মিছা আৰু ভিত্তিহীন । এনে ধৰণৰ কোনো ঘটনা সংঘটিত হোৱা নাই । যি গাঁও নিৰ্মাণৰ কথা সংবাদ মাধ্যমত প্ৰকাশ পাইছে সেয়া চীনৰ নিজৰ সীমাৰ ভিতৰত আছে । তেওঁ পুনৰ কয় যে, ইতিমধ্যে এটা কথা স্পষ্টকৈ চৰকাৰৰ তৰফৰ পৰা জনোৱা হৈছে (MEA) যে চীনে তেওঁলোকৰ সীমাত এখন গাঁও প্ৰস্তুত কৰিছে আৰু সেইয়া পৰ্যটনৰ ক্ষেত্ৰত উন্নত কৰি উক্ত স্থানত পৰ্যটনৰ যোগাযোগ ব্যৱস্থা কৰিছে বুলি মন্তব্য প্ৰদান কৰে বিষয়া গৰাকীয়ে । কিন্তু অৰুণাচল প্ৰদেশৰ বাসিন্দাসকলে উজনি সোৱণশিৰি জিলাৰ ডিবাং ভেলি বিভিন্ন ঠাইত চীনা ৰাষ্ট্ৰপতি জিং পিং ৰ প্ৰতিমূৰ্তি দাহ কৰিলে আৰু সীমান্ত অতিক্ৰম কৰি অৰুণাচল প্ৰদেশৰ ভিতৰত 101 টা পঁকী ঘৰ নিৰ্মান কৰি এখন গাঁও স্থাপন কৰা বিষয়টো সহজভাৱে লব পৰা নাই অৰুণাচল প্ৰদেশৰ লোকে ।

লগতে পঢ়ক : 27 জানুৱাৰীত বন্ধ থাকিব বিটিআৰৰ চাৰি জিলা

আনহাতে, সোমাবাৰে পূব অৰুণাচল প্ৰদেশৰ বিজেপিৰ সাংসদ তাপীৰ গাঁৱয়ে ইটিভি ভাৰতক জনাই যে, এইয়া কোনো নতুন নহয়, 1984 চনৰ পৰা একাদিক্ৰমে অধিগ্ৰহণ কৰি বৰ্তমান অৰুণাচল প্ৰদেশৰ ভূমিত নিৰ্মাণ কাৰ্য সাধন কৰিছে । তেওঁ জনাইছিল যে, উজনি সোৱণশিৰি জিলাৰ বিসা নামৰ ঠাইত লেন্সি নদীৰ পাৰত নিৰ্মাণ কৰিছে জলবিদ্যুৎ উৎপাদন প্ৰকল্প আৰু সমান্তৰালভাৱে নিৰ্মাণ কৰিলে ঘাইপথ । ইয়াৰ পূৰ্বে চীনে পশ্চিম অৰুণাচল প্ৰদেশৰ টাৱাং জিলাত বুমলা পাছৰ সমীপত কেইবাটাও ঘৰৰ সৈতে এখন গাঁও স্থাপন কৰাৰ তথ্য পোহৰলৈ আহিছে । তাৰ সমান্তৰালভাৱে চীনে অৰুণাচল প্ৰদেশৰ বিভিন্ন ঠাইত ভাৰতীয় সীমা অতিক্ৰম কৰি পথ নিৰ্মাণ, গাঁও স্থাপন আৰু শেহতীয়াকৈ জলবিদ্যুৎ উৎপাদন প্ৰকল্পৰ নিৰ্মাণৰ কথা সদৰি কৰে সাংসদ তাপীৰ গাঁওবাসীয়ে । তেওঁ কয় যে, পুৰণি মজা নামৰ ঠাইখন ভাৰতীয় সেনাৰ দখলত আছিল যদিও বৰ্তমান চীনা সেনাৰ অধীনত বুলি তেওঁ জানিবলৈ দিয়ে । পাণ্ডেয়ে জনাই যে, 1959 চনত বনোৱা লাইন অফ একচুৱেল কংট্ৰল (LAC) বৰ্তমান "মেক মোহন লাইনৰ", সিপাৰে চীনে তেওঁলোকৰ কংষ্ট্ৰাকচন বনাইছে আৰু এই খবৰ সম্পূৰ্ণ ভিত্তিহীন বুলি জানিব দিয়ে ।

উল্লেখযোগ্য যে, এই সমগ্ৰ বিষয়টোৰ প্ৰকৃত ৰহস্য কি সেই বিষয়ে কেন্দ্ৰীয় চৰকাৰে এক মাত্ৰ স্পষ্টীকৰণেৰে সামৰি থোৱা বিষয়টোক সহজভাৱে লব পৰা নাই স্থানীয় বাসিন্দা সকলে ।

লগতে পঢ়ক : ৰাইজৰ দল আৰু AJPক মহাজোঁটৰ অংশীদাৰ হ’বলৈ আহ্বান বদৰুদ্দিনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.