মুম্বাই, ১৪ মে': যোৱা ২৪ মাৰ্চ মাজ নিশাৰ পৰাই বলৱৎ হোৱা লক্ ডাউনৰ ফলতেই বিভিন্ন ঠাইত হাজাৰ-হাজাৰ লোক আৱদ্ধ হৈ পৰিছিল । শেহতীয়াকৈ আৱদ্ধ হৈ থকা লোক সকলক বিশেষ ৰে'লৰ যোগেদি নিজ-নিজ গন্তব্য স্থানলৈ নিয়াৰ সিদ্ধাত্ব গ্ৰহণ কৰিছে ভাৰতীয় কেন্দ্ৰীয় চৰকাৰে । কিন্তু ইয়াৰ মাজতেই শেহতীয়াকৈ মুম্বাইত সৃষ্টি হৈছে এক উত্তপ্ত পৰিস্থিতিৰ ।
দক্ষিণ মুম্বাইৰ নাগপডাত প্ৰায় এহাজাৰ প্ৰব্ৰজনকাৰী শ্ৰমিকে বুধবাৰে পুৱা এক ধৰ্ণা কাৰ্যসূচী গ্ৰহণ কৰে । বিশেষ ৰে'ল সেৱা দাবী কৰি এই প্ৰতিবাদ সাব্য়স্ত কৰে শ্ৰমিক সকলে । যাৰ বাবে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে লাঠি-চালনা কৰা বুলি জানিব পৰা গৈছে ।
আনহাতে প্ৰায় ১০০ ত কৈ অধিক লোকে হোটেল ৰিপ্পন পেলেছৰ সন্মুখত এক গোট হৈ নিজ-নিজ গৃহভূমিলৈ প্ৰত্যাৱৰ্তনৰ বাবে বিশেষ ৰে'লৰ দাবী কৰা পৰিলক্ষিত হৈছিল । ইয়াৰে বহু সংখ্যক লোকে ইতিমধ্যে নিজৰ নিজৰ তথ্য-প্ৰমাণ পত্ৰ আৰক্ষীক পৰীক্ষণ তথা অন্য়ান্য যাৱতীয় কাম-কাজৰ বাবে জমা দিছে বুলি জানিব পৰা গৈছে ।
কিন্তু বৃহৎ সংখ্যক লোক এনেদৰে ওলাই অহাত পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত আৰক্ষীয়ে লাঠি-চালনা কৰিবলগীয়া পৰিস্থিতৰ উদ্ভৱ হয় । বৰ্তমানে লাঠি চাৰ্জ কৰা এক অভিযোগ পূৰ্ণ (purported video) ভিডিঅ'ও ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ।
আৰক্ষীৰ ফালৰ পৰা কৰা অনুৰোধ অনুসৰি আৱদ্ধ প্ৰব্ৰজনকাৰী শ্ৰমিক সকলক নিয়াৰ বাবে ইতিমধ্য়ে বিশেষ ৰে'লৰ ব্যৱস্থা কৰা হৈছে । মুম্বাই চেণ্ট্ৰেলৰ পৰা উত্তৰ প্ৰদেশলৈ নিশা ৰে'লৰ ব্যৱস্থা কৰা হৈছে বুলি জানিব পৰা গৈছে ।