ETV Bharat / bharat

অৰুণাচলৰ জংঘলত উদ্ধাৰ বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ - অৰুণাচল আৰক্ষী

সেনা আৰু অৰুণাচল আৰক্ষীৰ যুটীয়া অভিযানত ৰাজ্যখনৰ চাংলাং জিলাৰ মিয়াও বাম ৰিজাৰ্ভ ফৰেষ্টৰ পৰা উদ্ধাৰ হয় অস্ত্ৰ-শস্ত্ৰখিনি ৷

অৰুণাচলৰ জংঘলত উদ্ধাৰ বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ

author img

By

Published : May 28, 2020, 1:31 PM IST

নিউজ ডেস্ক, 28 মে' : ভাৰতীয় স্থলসেনাৰ এটা দলে অৰুণাচল আৰক্ষীৰ সৈতে চলোৱা যুটীয়া অভিযানত উদ্ধাৰ কৰিবলৈ সক্ষম হয় বহুপৰিমানৰ অস্ত্ৰ-শস্ত্ৰ ৷ অৰুণাচল জিলাৰ চাংলাং জিলাৰ মিয়াও বাম ৰিজাৰ্ভ ফৰেষ্টৰ পৰা অভিযানকাৰী দলটোৱে উদ্ধাৰ কৰে অবৈধ তথা নিষিদ্ধ অস্ত্ৰ-শস্ত্ৰখিনি ৷

অভিযানকাৰী দলটো
অভিযানকাৰী দলটো

গুৱাহাটীস্থিত সুৰক্ষা মুখপাত্ৰ লেফ. কৰ্ণেল পি. খোংছাই সংবাদমাধ্যমৰ আগত এই কথা প্ৰকাশ কৰিছে ৷ বিষয়াগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি, মঙলবাৰে উদ্ধাৰ কৰা অস্ত্ৰ-শস্ত্ৰখিনি নিষিদ্ধঘোষিত বিদ্ৰোহী সংগঠন এনএছচিএন(আইএম)ৰ বুলি জানিব পৰা গৈছে ৷ প্ৰথম অৱস্থাত জংঘলত বিদ্ৰোহী সদস্যৰ উপস্থিতিৰ তথ্য লাভ কৰিছিল সেনাই ৷ সেই তথ্যৰ আঁত ধৰি চলোৱা অভিযানতে উদ্ধাৰ হয় অবৈধ অস্ত্ৰ-শস্ত্ৰখিনি ৷

জংঘলত উদ্ধাৰ হোৱা অস্ত্ৰ-শস্ত্ৰখিনি
জংঘলত উদ্ধাৰ হোৱা অস্ত্ৰ-শস্ত্ৰখিনি

উদ্ধাৰ হোৱা অস্ত্ৰ-শস্ত্ৰখিনিৰ ভিতৰত তিনিটা মেগজিনৰ সৈতে এটা একে-56 ৰাইফল আৰু ইয়াৰ 115 জাঁই সজীৱ গুলি, এটা মেগজিনসহ এটা পইন্ট 22 পিষ্টল আৰু ইয়াৰ তিনি জাঁই সজীৱ গুলি, এটা আণ্ডাৰ বেৰেল গ্ৰেনেড লান্সাৰ, এটা হেণ্ড গ্ৰেনেড আৰু এক কিলোগ্ৰাম বিষ্ফোৰক সামগ্ৰী আছে বুলি বিষয়াগৰাকীয়ে প্ৰকাশ কৰিছে ৷ উদ্ধাৰ হোৱা অস্ত্ৰ-শস্ত্ৰখিনি চাংলাং আৰক্ষীক গটাই দিয়া হৈছে বুলি প্ৰতিৰক্ষা বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে ৷ ঘটনা সন্দৰ্ভত অৰুণাচল আৰক্ষীয়ে পৰৱৰ্তী অনুসন্ধান অব্যাহত ৰাখিছে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.