নিউজ ডেস্ক, ১১ জুনঃ জম্মু কাশ্মীৰৰ পুঞ্চ জিলাৰ ৰাজৌৰি চেক্তৰৰ নিয়ন্ত্ৰণ ৰেখাত পুনৰ যুদ্ধবিৰতি উলংঘন পাকিস্তানৰ। ভাৰতীয় সেনা তথা সীমান্তত বসবাস কৰা নাগৰিকক উদ্দেশ্যি ধাৰাষাৰ গুলীবৰ্ষণ পাক সেনাৰ । পাক সেনাৰ এই আক্ৰমনত এজন সেনা জোৱান নিহত হোৱাৰ বিপৰীতে এজন সাধাৰণ নাগৰিক আহত হয়। সেনাৰ সূত্ৰই প্ৰকাশ কৰে এই তথ্য । বিগত চাৰিদিন ধৰি ধাৰাবাহিকভাৱে জম্মু কাশ্মীৰৰ সীমান্তত গুলী চলাই আছে পাক সেনাই।
বৃহস্পতিবাৰে পুৱাৰে পৰা নাওচেৰা চেক্তৰত এটা জনবসতিপূৰ্ণ অঞলত ধাৰাষাৰ গুলীবৰ্ষণ কৰে পাকিস্তানে । ভাৰতীয় সেনায়ো এই যুদ্ধবিৰতি উলংঘনৰ উচিত প্ৰত্যুত্তৰ দিয়ে পাক সেনাক। পাক সেনাৰ আক্ৰমনত অঞ্চলটোৰ কেইৱাটাও বাসগৃহ ক্ষতিগ্ৰস্থ হয় ।
উল্লেখ্য যে, বুধবাৰে নিশাও সীমান্ত অঞ্চলত পাক সেনাই সৰু অস্ত্ৰ তথা মৰ্টাৰেৰে আক্ৰমন কৰে । সীমান্তৰ নাওচেৰা, বালাকোট আদি চেক্তৰৰ নিয়ন্ত্ৰণ ৰেখাৰ সমীপত থকা প্ৰায় ১২ খনৰো অধিক গাঁৱত পাক সেনাই আক্ৰমন চলাইছে বুলি ভাৰতীয় সেনাৰ সূ্ত্ৰই প্ৰকাশ কৰে।