ETV Bharat / bharat

LoC ত দ খাৱৈত খাদত পৰি মৃত্যু জোৱানৰ - সেনা

জম্মু-কাশ্মীৰৰ গুৰেজ চেক্টৰৰ নিয়ন্ত্ৰণ সীমাত কৰ্তব্যৰত এগৰাকী জোৱানে দ খাৱৈত পৰি মৃত্যুক সাৱটি লয় ।

Army jawan dies after falling into gorge along LoC in J-K

author img

By

Published : Jun 13, 2020, 10:36 PM IST

নেশ্যনেল ডেস্ক, ১৩ জুনঃ শনিবাৰে সেনাৰ এগৰাকী বিষয়াই জানিবলৈ দিয়া অনুসৰি,জম্মু-কাশ্মীৰৰ গুৰেজ চেক্টৰৰ নিয়ন্ত্ৰণ সীমাত কৰ্তব্যৰত এগৰাকী জোৱানে দ খাৱৈত পৰি মৃত্যুক সাৱটি লয় ।

চুবেদাৰ যমুনা প্ৰসাদ পানেৰু (36)ৱে বৃহস্পতিবাৰে নিয়ন্ত্ৰণ ৰেখাৰ ওচৰত এটা টহলদাৰী সেনাৰ দলক নেতৃত্ব প্ৰদান কৰি আছিল । তেনে সময়তে তেওঁ পিছলি পৰি প্ৰায় ১০০ মিটাৰ দ খাৱৈ এটাত পৰি যায় ।

বিষয়া সকলে জানিবলৈ দিয়া মতে, জোৱান গৰাকীক তৎক্ষণাতে তেওঁৰ সতীৰ্থসকলে উদ্ধাৰ কৰি প্ৰাথমিক চিকিৎসা প্ৰদান কৰে আৰু সেই স্থানৰ পৰা তেওঁক চিকিৎসালয়লৈ প্ৰেৰণ কৰে । কিন্তু চিকিৎসাধীন অৱস্থাতে গভীৰ আঘাতৰ বাবে জোৱানগৰাকীৰ মৃত্যু হয় ।

মৃত জোৱানগৰাকী উত্তৰাখণ্ডৰ নৈনিতাল জিলাৰ পদ্মপুৰ গাঁৱৰ বাসিন্দা আছিল । তেওঁ ২০০২ বৰ্ষত ভাৰতীয় সেনাত যোগদান কৰিছিল । মৃত্যুৰ সময়ত তেওঁ পুত্ৰ,কন্যাসহ পত্নীক এৰি যায় । তেওঁ এগৰাকী পৰ্বতাৰোহীও আছিল বুলি সেনা বিষয়াসকলে জানিবলৈ দিয়ে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.