নিউজ ডেস্ক, ২৩ জুনঃ স্থল সেনা বাহিনীৰ মুখ্য জেনেৰেল মনোজ মুকুন্দ নাৰভানে মঙলবাৰে পৰিদৰ্শন কৰিব ভাৰত-চীনৰ মাজত হোৱা সংঘৰ্ষত ২০ গৰাকীকৈ শ্বহীদ হোৱা লেহৰ সীমান্ত অঞ্চল। বৰ্তমান সময়ত ভাৰত-চীনৰ পৰিস্থিতি সন্দৰ্ভত সেনা বাহিনীৰ সৈতে জেনেৰেল মনোজ মুকুন্দ নাৰভানে এখন বিশেষ বৈঠক অনুষ্ঠিত কৰাৰ পাচতেই লেহৰ গালৱান ভেলী পৰিদৰ্শন কৰিব বুলি জানিবলৈ দিয়ে এক বিশেষ সূত্ৰই ।
তথ্য অনুসৰি,সেনা প্ৰধান গৰাকীয়ে সোমবাৰে দিল্লীত সেনা বাহিনীৰ শীৰ্ষ কামাণ্ডোলকৰ লগত সুৰক্ষা স্থিতি সন্দৰ্ভত বৈঠক অনুষ্ঠিত কৰে। স্থল সেনা বাহিনীৰ মুখ্য জেনেৰেল মনোজ মুকুন্দ নাৰভানৰ সৈতে হোৱা বৈঠকৰ বাবেই পূৰ্বৰ পৰাই কমাণ্ডোসকলে দিল্লীত বাহৰ পাতিছিল বুলিও জানিবলৈ দিয়ে।
উত্তৰী-পশ্চিম উভয় প্ৰান্তৰ পৰিস্থিতি সন্দৰ্ভত পৰ্যালোচনা কৰাৰ বাবে ২২-২৩ জুনত কমাণ্ডোসকলৰ বাবে বৈঠক অনুষ্ঠিত কৰা হয়। ইয়াৰ পূৰ্বেও বিগত ৬ জুনত একেটা স্থানত আয়োজন কৰা হৈছিল বৈঠকৰ। আৰু তাৰ পৰাই গালৱান ভেলীত ভাৰত-চীনৰ মাজত হোৱা সংঘৰ্ষৰ সন্দৰ্ভত আলোচনা চলিছিল বুলিও সদৰি কৰে এগৰাকী সেনা বিষয়াই ।
লগতে চাওকঃ কৰ'ণাত আক্ৰান্ত উত্তৰ পূৱ সীমান্ত ৰে’লৱেৰ শীৰ্ষ বিষয়া