ETV Bharat / bharat

বৰ্ডাৰ গাৰ্ডছ বাংলাদেশৰ সৈতে সংঘৰ্ষত নিহত জেএমবি সন্ত্ৰাসবাদীঃ উদ্ধাৰ অস্ত্ৰ-শস্ত্ৰ

author img

By

Published : Jul 8, 2019, 7:14 PM IST

বিএছএফে প্ৰদান কৰা তথ্যৰ ভিত্তিত বিজিবিয়ে চলোৱা অভিযানত নিহত হয় এটা সন্ত্ৰাসবাদী ৷ দেওবাৰে সোভাপুৰ অঞ্চলৰ 3নং কালিয়াক ব্লকত বিজিবিৰ সৈতে ওৰে নিশা চলা সংঘৰ্ষত নিহত হয় সন্ত্ৰাসবাদীটো ৷

বৰ্ডাৰ গাৰ্ডছ বাংলাদেশৰ সৈতে সংঘৰ্ষত নিহত জেএমবি সন্ত্ৰাসবাদীঃ উদ্ধাৰ অস্ত্ৰ-শস্ত্ৰ

নিউজ ডেস্ক, 8 জুলাইঃ পশ্চিমবংগৰ পৰা নদীপথ হৈ বাংলাদেশলৈ চালান হয় অবৈধ মাৰণাস্ত্ৰ ৷ দেওবাৰে বৰ্ডাৰ গাৰ্ডছ বাংলাদেশৰ সৈতে হোৱা সংঘৰ্ষত এগৰাকী জেএমবি সন্ত্ৰাসবাদী নিহত হোৱাৰ সময়ত পোহৰলৈ আহিছে এই ঘটনা ৷ দীৰ্ঘদিন ধৰি পশ্চিমবংগৰ পৰা এইদৰে বাংলাদেশী সন্ত্ৰাসবাদীলৈ অস্ত্ৰ-শস্ত্ৰৰ সৰবৰাহ হৈ আছিল যদিও ঘটনা ৰোধ কৰাত ব্যৰ্থ হৈছিল ভাৰতীয় বাহিনী ৷ অৱশেষত বিএছএফে প্ৰদান কৰা তথ্যৰ ভিত্তিতে বাংলাদেশৰ বিজিবিয়ে অভিযান চলাই সন্ত্ৰাসবাদীটোক নিহত কৰাৰ উপৰিও জব্দ কৰিবলৈ সক্ষম হয় অস্ত্ৰ-শস্ত্ৰখিনি ৷

ঘটনাস্থলীৰ পৰা বিজিবিয়ে সাতটা পিষ্টল, তিনিটা পাইপ, আঠটা মেগজিন, 36 জাঁই কাৰ্টিজ জব্দ কৰাৰ উপৰিও এখন নাঁও জব্দ কৰে ৷ ইতিমধ্যে বিজিবিয়ে বিএছএফৰ সৈতে অভিযানৰ তথ্য সাল-সলনি কৰাৰ লগতে ভাৰতৰ ভূমিত তিনিজন আহত সন্ত্ৰাসবাদীয়ে আশ্ৰয় লোৱাৰ কথা প্ৰকাশ কৰিছে ৷ আহত সন্ত্ৰাসবাদীৰ সন্ধানত বিএছএফে বৰ্তমানেও অভিযান অব্যাহত ৰাখিছে ৷

Intro:Body:

 Arms recovered by BGB on banks of Ganges.

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.