ইম্ফল: মণিপুৰৰ ম'ৰে চহৰত আইন শৃংখলা অটুট ৰাখিবলৈ ভাৰত-ম্যানমাৰ সীমান্ত ছীল কৰে আছাম ৰাইফলছে ৷ আৰক্ষী সূত্ৰে প্ৰকাশ কৰা মতে, মঙলবাৰে ম্যানমাৰ সীমান্তৰ পৰা মণিপুৰৰ টেংন'পাল জিলাৰ ম'ৰে চহৰলৈকে 10 কিলোমিটাৰ পৰ্যন্ত ছীল কৰে আছাম ৰাইফলছে ৷
সোমবাৰে এটা বিস্ফোৰণৰ ঘটনা সংঘটিত হয় ম'ৰে চহৰৰ এচ আই বি কাৰ্যালয়ৰ সমীপত ৷ বিগত শনিবাৰে নিশাও এটা বোমা বিস্ফোৰণ সংঘটিত হয় ম'ৰে আৰক্ষী থানাৰ সমীপত ৷ বিস্ফোৰণত কোনো লোকৰ হতাহত হোৱা নাই ৷
আসাম ৰাইফলছ হৈছে সকলোতকৈ পুৰণি অৰ্ধসামৰিক বাহিনী ৷ যিয়ে ৰাজ্য খনৰ আইন শৃংখলা পৰিস্থিতি অটুট ৰাখিবলৈ নিজৰ দায়িত্ব পালন কৰি সুৰক্ষা প্ৰদান কৰি আহিছে ভাৰত-ম্যানমাৰ সীমান্তত ৷
টেংন'পাল জিলাৰ আৰক্ষী অধীক্ষক বিক্ৰমজিৎ সিঙে প্ৰকাশ কৰা মতে, সীমান্তৰ যি দুখন গেট খোলা আছিল, 'গেট নম্বৰ এক' আৰু 'গেট নম্বৰ দুই' সম্প্ৰতি বন্ধ কৰি দিয়া হৈছে ৷ উল্লেখ্য যে, প্ৰায় এশ কিলোমিটাৰ পৰ্যন্ত আন্তঃৰাষ্ট্ৰীয় সীমা আছে মণিপুৰত ৷