অন্ধ্ৰ প্ৰদেশ, 25 জুলাই : শুকুৰবাৰে অন্ধ্ৰ প্ৰদেশৰ অনন্তপুৰ জিলাত হাস্পতাল কৰ্মচাৰীৰ অকৰ্মণ্যতাৰ বাবে এজন লোকৰ মৃত্যু হোৱা ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ ৷
জিলাখনৰ নিবাসী ৰাজু নামৰ এজন লোকক শুকুৰবাৰে পুৱতি নিশা প্ৰায় 3 বজাত চৰকাৰী হাস্পতালত ভৰ্তি কৰোৱা হয় ৷ কিয়নো তেওঁ শ্বাস-প্ৰশ্বাস ৰোগত আক্ৰান্ত হৈ আছিল ৷ তেওঁৰ পত্নীৰ অভিযোগ অনুসৰি, হাস্পতালখনৰ চিকিৎসক আৰু কৰ্মচাৰীলসকল ঘণ্টা-ঘণ্টা ধৰি ৰোগী ৰাজুৰ কাষ নাচাপিলে ৷
ৰাজু আৰু তেওঁৰ পত্নীয়ে কেইবা ঘণ্টা ধৰি হাস্পতালৰ বাহিৰৰ গছৰ তলত অপেক্ষা কৰাৰ পাচতো হাস্পতাল কৰ্তৃপক্ষ আগবাঢ়ি নাহিল ৷ অৱশেষত ৰাজুৰ গৰ্ভৱতী কন্যা আৰু পত্নীয়ে হাস্পতাল কৰ্মচাৰীৰ সৈতে ৰাজুক ভিতৰলৈ লৈ যায় যদিও হাস্পতাল কৰ্তৃপক্ষই ৰাজুক পুনৰ অবজ্ঞা কৰে আৰু 5 ঘণ্টা পাচত ৰাজুৰ মৃত্যু হয় ৷
আনহাতে হাস্পতাল কৰ্তৃপক্ষই জনোৱা মতে, মৃত ৰাজুৰ পৰিয়ালে ৰোগীৰ অৱস্থা সংকটজনক বুলি নজনোৱাকৈ GGH লৈ গৈছিল ৷
লগতে পঢ়ক : চীনে গোপনীয়ভাৱে উত্তৰ-পূৱৰ বিদ্ৰোহী সংগঠনসমূহক ব্যৱহাৰ কৰিছে : আৰ এন ৰবি