ETV Bharat / bharat

অন্ধ্ৰপ্ৰদেশৰ ধৰ্ষণ : আৰক্ষীৰ বিৰুদ্ধে বিজেপি নেতাৰ বিক্ষোভ

বিগত শুকুৰবাৰে অন্ধ্ৰপ্ৰদেশৰ বেলুগোড্ডুৰত এগৰাকী আদিবাসী মহিলাৰ সৈতে সংঘটিত হৈছিল ধৰ্ষণ কাণ্ড ৷ ঘটনা সন্দৰ্ভত ভুক্তভোগীয়ে সোমবাৰে স্থানীয় আৰক্ষী চকীত দাখিল কৰে এক এজাহাৰ ৷ কিন্তু ভুক্তভোগীৰ পৰিয়ালবৰ্গই দাবী উত্থাপন কৰা অনুসৰি আৰক্ষীয়ে এই ঘটনা সম্পৰ্কত সম্পূৰ্ণৰূপে নীৰৱ ভূমিকা পালন কৰিছে ৷

author img

By

Published : Aug 5, 2020, 9:39 AM IST

andhra pradesh bjp protest against sub inspector negligence in gang rape case si sent on vr dsp assures stern Etv Bharat news
অন্ধ্ৰপ্ৰদেশৰ দলবদ্ধ ধৰ্ষণ

কুৰ্নুল, 5 আগষ্ট: এইবাৰ ধৰ্ষণৰ বিৰুদ্ধে সৰৱ হৈছে বিজেপি নেতা ৰামচন্দৰ নাইক ৷ অন্ধ্ৰপ্ৰদেশ বিজেপিৰ উপাধ্যক্ষ তথা অনুসূচিত জাতি-জনজাতি মৰ্চাৰ দায়িত্বত থকা নেতাগৰাকীয়ে একাংশ দলীয় নেতা-কৰ্মীৰ সৈতে এত্মাদপুৰ চহৰস্থিত উপ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সন্মুখত প্ৰদৰ্শন কৰে বিক্ষোভ ৷ বিজেপি নেতাগৰাকীয়ে ৰাজ্যখনত সংঘটিত এক ধৰ্ষণৰ ঘটনাত আৰক্ষীৰ নিষ্ক্ৰিয় ভূমিকাৰ বিৰুদ্ধে এই বিক্ষোভ প্ৰদৰ্শন কৰে ৷ উক্ত বিক্ষোভত অংশগ্ৰহণ কৰা বিজেপিৰ কুৰনুল জিলাৰ অধ্যক্ষ লক্ষ্মীকান্ত ৰেড্ডীয়ে এই প্ৰসংগত বেলুগোড্ডুৰ উপ-নিৰীক্ষক ৰাজা ৰেড্ডীয়ে সত্তাৰুঢ় দলৰ হকে কাম কৰি ধৰ্ষণ কাণ্ডটোক গাপ দিবলৈ চেষ্টা চলোৱা বুলি অভিযোগ উত্থাপন কৰে ৷

উল্লেখ্য যে, বিগত শুকুৰবাৰে বেলুগোড্ডুৰ এগৰাকী আদিবাসী মহিলাৰ সৈতে এই দলবদ্ধ ধৰ্ষণ কাণ্ড সংঘটিত হোৱাৰ কথা পোহৰলৈ আহিছে ৷ ঘটনা সন্দৰ্ভত ভুক্তভোগীয়ে সোমবাৰে স্থানীয় আৰক্ষী চকীত দাখিল কৰিছে এক এজাহাৰ ৷ কিন্তু ভুক্তভোগীৰ পৰিয়ালবৰ্গই দাবী উত্থাপন কৰা অনুসৰি আৰক্ষীয়ে এই ঘটনা সম্পৰ্কত সম্পূৰ্ণৰূপে নীৰৱ ভূমিকা পালন কৰিছে ৷ অভিযোগ অনুসৰি, ধৰ্ষণকাণ্ড জড়িত অভিযুক্তসকলে প্ৰথমে মহিলাগৰাকীৰ ঘৰত প্ৰৱেশ কৰি স্বামীক মাৰপিট কৰি মহিলাগৰাকীৰ সৈতে অনৈতিক কৰ্মত লিপ্ত হয় ৷

ইফালে বিষয়টো সম্প্ৰতি ৰাজনৈতিক মেৰপেচত সোমাই পৰিছে ৷ বিজেপি নেতা লক্ষ্মীকান্ত ৰেড্ডীয়ে অভিযোগ উত্থাপন কৰা অনুসৰি ধৰ্ষণ কাণ্ডত জড়িত আটাইকেইজন অভিযুক্ত সত্তাৰুঢ় দলৰ সদস্য ৷ অভিযুক্তসকল একমাত্ৰ ৰাজনৈতিক দলৰ সদস্য হোৱাৰ সুবাদতে আৰক্ষীয়ে ঘটনাটোক গাপ দিয়াৰ চেষ্টা চলাইছে ৷ ঘটনা প্ৰংসগত এটমাকুৰুৰ উপ-আৰক্ষী অধীক্ষক ভেংকটৰাৱে এনেদৰে কয় যে, ঘটনা সন্দৰ্ভত ইতিমধ্যে গোচৰ ৰুজু হৈছে আৰু দুগৰাকী অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে ৷ তদুপৰি ভাৰতীয় দণ্ডবিধিৰ অধীনত অভিযুক্তসকলৰ বিৰুদ্ধে 324,354 এ ধাৰাত ৰুজু কৰা হৈছিল গোচৰ ৷ পৰৱৰ্তী সময়ত ভুক্তভোগী মহিলাৰ অভিযোগৰ ভিত্তিত পুনৰ নতুনকৈ 376 বি আৰু 506 ধাৰাৰ অধীনত ৰুজু কৰা হৈছে গোচৰ ৷ ভুক্তভোগীৰ ইতিমধ্যে স্বাস্থ্য পৰীক্ষা সম্পন্ন কৰা হৈছে ৷ মঙলবাৰে পুৱা আৰক্ষীয়ে অভিযুক্তক গ্ৰেপ্তাৰ কৰে ৷

সম্প্ৰতি সমগ্ৰ ঘটনাটোত তৃতীয় পক্ষ জড়িত থকাৰ আশংকা প্ৰকাশ কৰা হৈছে ৷ ভেংকটৰাৱে ঘটনা সন্দৰ্ভত জিলা আৰক্ষী অধীক্ষকে অভিযুক্তক সোধ-পোচৰ অন্তত এক প্ৰতিবেদন প্ৰস্তুত কৰি পঠিয়াবলৈ নিৰ্দেশ প্ৰদান কৰাৰ কথা জানিবলৈ দিয়ে ৷

লগতে চাওকঃ অনুচ্ছেদ 370 প্ৰত্যাহাৰৰ এবছৰ, জম্মু-কাশ্মীৰৰ পৰিৱৰ্তনৰ ধাৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.