নিউজ ডেস্ক, ৩০ জুন : অন্ধ্ৰ প্ৰদেশত প্ৰসৱৰ সময়ত মৃত্যু হোৱা এগৰাকী মহিলাৰ সৎকাৰ কৰিলে অন্ধ্ৰ প্ৰদেশ আৰক্ষীয়ে । কিয়নো স্থানীয় লোকে অন্ধ বিশ্বাসৰ বাবে মহিলা গৰাকীৰ সৎকাৰ কৰিব বিচৰা নাছিল ।
জানিব পৰা মতে, লাবণ্য নামৰ ২৩ বছৰীয়া মহিলা গৰাকীৰ নণ্ডাল চৰকাৰী চিকিৎসালয়ত ভৰ্তী কৰোৱা হৈছিল আৰু শনিবাৰে মৃত্যু হৈছিল । পৰিয়ালৰ লোকে মৃতদেহটো ঘৰলৈ নিছিল যদিও গাঁওবাসীয়ে মৃতদেহটোৰ অন্তিম সৎকাৰত বাধা দিয়াৰ অভিযোগ উখাপন কৰে ।
ৰুদ্ৰমোহন আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰামমোহন ৰেড্ডীয়ে জনোৱা অনুসৰি, গৰ্ভত সন্তান থকা মহিলা গৰাকীৰ মৃতদেহ গাঁওবাসীয়ে সৎকাৰত বাধা দিছে । আৰক্ষীয়ে পুনৰ জনোৱা অনুসৰি, গাঁওবাসীয়ে যেতিয়াই সৎকাৰত বাধা দিছে তেতিয়াই পৰিয়ালৰ লোকে মৃতদেহটো কবলুৰু গাঁৱৰ ওচৰৰ এখন জংঘলত নি এডাল গছত বান্ধি থৈ তাৰ পৰা আঁতৰি আহিছিল । তাৰ পৰৱৰ্তী সময়ত মৃতদেহটোক স্থানীয় লোকে দেখি দেওবাৰে আৰক্ষীক খবৰ দিছিল আৰু আৰক্ষীয়ে সোমবাৰে পৰিয়ালৰ লোক আৰু স্থানীয় ৰাইজৰ উপস্থিতিত মৃতদেহটো সৎকাৰ কৰিছিল ।
ইতিমধ্যে আৰক্ষীয়ে মহিলা গৰাকীৰ সৎকাৰ গাঁৱত কৰিব নিদিয়াৰ বাবে ১৫ গৰাকী লোকক গ্ৰেপ্তাৰ কৰিছে আৰু ভাৰতীয় দণ্ডবিধি আইনৰ অধীনৰ 259, 270, 297 আৰু 504 ধাৰাৰ ভিত্তিত গোচৰ ৰুজু কৰিছে ।