নিউজ ডেস্ক , 15 ডিচেম্বৰঃ আমুলৰ গ্ৰাহকৰ বাবে দুঃখবৰ ৷ 15 ডিচেম্বৰৰ পৰা প্ৰতি লিটাৰ আমুল গাখীৰত 2 টকাকৈ বৃদ্ধি পাইছে৷ তথ্য অনুসৰি বিগত 3 বছৰত আমুলে দ্বিতীয় বাৰৰ বাবে গাখীৰৰ মূল্য বৃদ্ধি কৰিছে ৷ বিগত বৰ্ষতকৈ এইবৰ্ষত পশু খাদ্যৰ মূল্য 8% বৃদ্ধি পোৱাৰ বাবে আমুলে গাখীৰৰ মূল্য বৃদ্ধি কৰা বুলি জানিব পৰা গৈছে ৷ 15 ডিচেম্বৰৰ পৰা গুজৰাট,দিল্লী,পশ্চিম বংগ,মুম্বাই আৰু মহাৰাষ্ট্ৰত আমুল গাখীৰৰ মূল্য বৃদ্ধি কৰা হ'ব ৷
![Amul Milk](https://etvbharatimages.akamaized.net/etvbharat/prod-images/gj-and-amul-price-increase-avb-7205242_15122019043316_1512f_00000_726.jpg)
লগতে চাওকঃনাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে দিল্লী উত্তাল কৰিলে অসমীয়াই