লক ডাউনৰ মাজতে ২২ এপ্ৰিল নতুন দিল্লী তথা সমগ্ৰ বিশ্বৰ বাবে এক ঐতিহাসিক দিন হিচাপে বিবেচিত হ’ব । কিয়নো সম্ভৱতঃ এয়াই চাগে সবাতোকৈ প্ৰদূষণমুক্ত আৰু পৰিস্কাৰ ধৰিত্ৰী দিৱস । ১৯৭০ চনৰে পৰা ধৰিত্ৰী দিৱস পালন কৰি অহা হৈছে । বিষাক্ত মেঘ আৰু ধোৱাবোৰ নেদেখি হয়তো দিনটোৰ আৰম্ভ কৰোতা জন মেককনেলে স্বৰ্গৰ পৰাই হাঁহিব । অক্সিজেন বৃদ্ধি পোৱাৰ বাবে পৰীবোৰো চাগে উৎফুল্লিত হৈ পৰিব ।
এই মহাজাগতিক কথাবোৰ বাদ দি প্ৰশ্ন উত্থাপন যদি কৰো—আমি আমাৰ গ্ৰহটো সুৰক্ষিত ৰাখিব পাৰিমনে ? বায়ু আৰু পানীক পৰিষ্কাৰ ৰাখিয়ে অৰ্থনীতিৰ বিকাশ ঘটাম বুলি আমি সংকল্প গ্ৰহণ কৰিব পাৰোনে?
পাৰমাণৱিক যুদ্ধৰ পাছতে পৰিৱেশৰ অৱক্ষয় মানৱ জাতিৰ বাবে বৃহৎ ভাবুকি । ইয়াৰ অতি গুৰুতৰ ভৌগলিক-ৰাজনৈতিক প্ৰভাৱ আছে । ডেম’ক্ৰেছীৰ নাৱত অলপতে নোৱাম চমস্কিয়ে কৈছে যে ভাৰত আৰু পাকিস্তানে হ্ৰাস পাই অহা জলসম্পদৰ বাবে ভৱিষ্যতে পাৰমাণৱিক যুদ্ধত অৱতীৰ্ণ হ’ব পাৰে ।পৃথিৱীখনৰ ওপৰত ইমানেই অত্যাচাৰ কৰা হৈছে যে ই আৰু অধিক হিংসাৰ বোজা ল’ব নোৱাৰে। মহামাৰী আৰু বেমাৰবোৰৰ দ্বাৰাই যেন প্ৰকৃতিয়ে মনত পেলাই দিয়ে যে পৰিৱেশ ধ্বংসকাৰী কামবোৰৰ পৰা আঁতৰি থকাৰ লগতে এক নতুন অৰ্থনীতি আৰু এখন নতুন পৃথিৱী গঢ়াৰ বাবে এয়াই সময় ।
আমি এখন নতুন পৃথিৱী কেনেদৰে গঢ়িব পাৰো ? আমি বৈষয়িক জগতখন ত্যাগ কৰিব লাগিব নেকি,আমাৰ দায়িত্ববোৰ এৰি দিম নেকি,তথ্য-প্ৰযুক্তি নোহোৱা এটা জীৱন গ্ৰহণ কৰি অৰণ্যত সন্ন্যাসী হ’ম নেকি? কৰ’ণা ভাইৰাছ যদিও এক ভয়াৱহ দুৰ্যোগ,ইয়াৰ ফলত আমি অনাৱশ্যকীয়ভাৱে সম্পদৰ ব্যৱহাৰ হ্ৰাস, পৰিষ্কাৰ বায়ু,পানীৰ এক পৰিৱেশ,আমাৰ চহৰবোৰত আকৌ চৰায়ে গান গোৱাৰ এক পৰিৱেশ ঘূৰাই পাইছো । জলবায়ু পৰিৱৰ্তন আৰু বিলুপ্ত হোৱাৰ পৰা ৰক্ষা পাবলৈ আমি পাঁচটা নীতি মানিব লাগিব—হ্ৰাস কৰা,পুনৰ ব্যৱহাৰ,পুনৰ উৎপাদন, স্বদেশী আৰু কৃষি-পৰৱেশতন্ত্ৰ । ভাৰত আৰু পৃথিৱীখনক পুনৰ ৰ্নিমাণ কৰিবলৈ আমাক এক শক্তিশালী সেউজ অৰ্থনীতি (প্ৰদূষণমুক্ত,নৱীকৰণ ভিত্তিক ইত্যাদি)লাগে । বিগত শতিকাৰ শেষৰ অধিকাংশ সময়েই পৃথিৱীখনক ধ্বংস কৰিবলৈ প্ৰযুক্তিৰ ব্যৱহাৰ কৰা হৈছে,গতিকে আমি দুয়োটাৰে এতিয়া সংযোগ স্থাপন কৰিব লাগিব । শিল্প বিপ্লৱ ৪.০ প্ৰদূষণমুক্ত,ঘূৰণীয়া আৰু নৱীকৰণযোগ্য প্ৰযুক্তিকেন্দ্ৰিক হোৱাটো উচিত ।
কিন্তু এই পথ ক’ত আৰম্ভ হৈছে ?
আমাৰ জীৱনত পৃথিৱী সম্পৰ্কে এক সজাগতা আনি আমি এই যাত্ৰা আৰম্ভ কৰিব পাৰো । পৃথিৱীখন জীয়াই আছে,এতিয়াও সম্পূৰ্ণৰূপে লেতেৰা হৈ পৰা নাই । আমি আমাৰ ভূমি,পৰ্বত-পাহাৰৰ সৈতে পুনৰ সংযোগ স্থাপন কৰি পৃথিৱীৰ বুকুৰ হুমুনিয়াহবোৰ শুনিব লাগিব । ধৰিত্ৰী জীয়াই আছে,ধৰিত্ৰীয়ে দিয়া উপহাৰবোৰো জীয়াই আছে, সেয়ে আমি ধৰিত্ৰীক মৰ্যাদা প্ৰদান কৰিব লাগিব ।
এই সচেতনতা যেতিয়া আমাৰ মনত আহিব তাৰ পাছত পৃথিৱীত আমাৰ প্ৰভাৱ কম কৰাটো হ’ব পৰৱৰ্তী পদক্ষেপ। আমি কৰা প্ৰতিটো কাম,কিনা বা ব্যৱহাৰ কৰা প্ৰতিটো সামগ্ৰীৰ প্ৰভাৱ পৃথিৱীৰ ওপৰত পৰে । আমাৰ সফলতাৰ সকলো মাপকাঠি যেনে—ডাঙৰ ঘৰ,ডাঙৰ গাড়ী আদি পাৰিপাৰ্শ্বিকতাৰ বিৰোধী। পানী, জীৱাশ্ম,ইন্ধন,বিদ্যুতৰ ব্যৱহাৰ কেৱল পৰিৱেশৰ বাবেই নহয়, মিতব্যয়িতাৰো লক্ষণ । আমি জীৱাশ্ম ইন্ধন নিৰ্ভৰশীল অৰ্থনীতিৰ সলনি বিকল্পৰ সন্ধান কৰিব লাগিব । পৃথিৱীখনৰ সীমিত সম্পদ আছে আৰু আমি অত্যধিক ব্যয় কৰি ভৱিষ্যত প্ৰজন্মৰ অংশবোৰ লুট কৰো । আন মানুহ আৰু পৃথিৱীক শোষণ কৰা বস্তুবোৰ আমি ক্ৰয় কৰা আৰু ব্যৱহাৰ কৰাটো বন্ধ কৰিব লাগে ।যেতিয়াই আপুনি কাবা এটা ক্ৰয় কৰে মনত প্ৰশ্ন কৰক—মোক সঁচাকৈয়ে এই বস্তুটো লাগেনে? ই মোৰ লগতে পৃথিৱীখনৰ ক্ষতি কৰে নেকি?
ব্যৱহাৰ হ্ৰাস কৰাৰ একেবাৰে সৰল উপায় হৈছে সামগ্ৰীবোৰ পুনৰ ব্যৱহাৰ কৰাটো । আৰ অ’ আউটলেটৰ পানীবোৰৰ গেলনবোৰ গছ-গছনিত দিবলৈ বা বাচন-বৰ্তন ধুবলৈ আমি ব্যৱহাৰ কৰিব পাৰো । পুৰণি কাপোৰবোৰক কম্বল হিচাপে ৰূপান্তৰিত কৰিব পাৰো। সামগ্ৰী পুনৰ নিৰ্মাণ আৰু পুনৰ ব্যৱহাৰ সম্পৰ্কে ভাৰতত বহু অভিনৱ ধাৰণা আছে । ব্যক্তিগতভাৱে আমি জাৱৰবোৰ পৃথক কৰো আৰু কেইবা মাহৰ পৰা পাকঘৰৰ আৱৰ্জনাবোৰ পেলাই দিয়া নাই । ইয়াৰ সলনি আমি পচন সাৰ সৃষ্টি কৰো বা ৰাস্তাৰ গৰুবোৰক খাবলৈ দিও। চহৰৰ ঘৰবোৰৰ বাগিছাৰ বাবে জীৱ-জন্তুৰ মলমূত্ৰক সাৰ হিচাপেও ব্যৱহাৰ কৰি পাৰি । এই সাৰ ইউৰিয়া আৰু ফছফেট সমৃদ্ধ । যিবোৰ বস্তু পুনৰ ব্যৱহাৰ কৰিব পাৰি সেইবোৰ যিমান পাৰি সিমান পেলাই নিদিবলৈ চেষ্টা কৰক । পেলাই দিয়াৰ আগতে এবাৰ চিন্তা কৰক—এইখিনি বস্তুটো মই কেনেদৰে পুনৰ ব্যৱহাৰ কৰিব পাৰো ?
দুটা নেতিবাচক ধাৰণা ত্যাগ কৰিলে পৰিৱেশৰ ওপৰত বহু ইতিবাচক প্ৰভাৱ পৰিব । মানুহ পৃথিৱীখনৰ গৰাকী নহয় । আমেৰিকাৰ বিখ্যাত পৰিৱেশ সুৰক্ষা কৰ্মী এল্ডো লিঅ’পল্ডৰ মতে মাত্ৰ পৃথিৱীখনৰ সাধাৰণ উপাদান । আমি এই পৃথিৱীখন আমাৰ পূৰ্বপুৰুষৰ পৰা লাভ কৰিছো, কিন্তু আমাৰ পৰৱৰ্তী প্ৰজন্মৰ পৰা ধাৰে লৈছো। বায়ু,পানী,মাটিক লুট কৰা আৰু সুবিধা গ্ৰহণ কৰা আমাৰ লক্ষ্য নহয় । কাৰ্বন হ্ৰাস কৰাই একমাত্ৰ উপায় নহয় । আমি পুনৰ ব্যৱহাৰৰ প্ৰতি এক ইতিবাচক দৃষ্টিভংগী গ্ৰহণ কৰিব লাগিব । আমাৰ উদ্দেশ্য জীৱাশ্ম ইন্ধনৰ অৰ্থনীতিৰ ঠাইত জৈৱ ইন্ধন বা কম কাৰ্বনযুক্ত প্ৰযুক্তিৰ ব্যৱহাৰ কৰাটো নহয়,বৰঞ্চ তাৰ সলনি পুনৰ নিৰ্মাণ আৰু ব্যৱহাৰৰ নীতিৰে আমাৰ অৰ্থনীতি আৰু জীৱনক পুনৰুজ্জীৱিত কৰিব লাগিব । আমাৰ জীৱনৰ প্ৰতিটো উপাদানৰ প্ৰতিয়েই এক সচেতন দৃষ্টিভংগী থাকিব লাগিব । আমাৰ অৰ্থনীতি আৰু চৰকাৰী দৃষ্টিভংগী বায়’মিমিক্ৰী,বায়’ফিলিক,ইক’লজিকেল আৰু চাৰ্কুলাৰ ডিজাইনৰ দ্বাৰা পৰিচালিত হ’ব লাগিব । এগৰাকী ব্যক্তি হিচাপে আপোনাৰ কাম-কাজক একক বুলি ভবাৰ সলনি সমগ্ৰ পৃথিৱীকে প্ৰতিনিধিত্ব কৰা বুলি ভাবি লওক ।
মহাত্মা গান্ধীয়ে এশ বছৰ পূৰ্বে আমাৰ বাবে সমস্যাৰ সমাধানৰ বাট দেখুৱাই থৈ গৈছে । তেওঁ ইয়াক স্বদেশী অৰ্থনীতি বুলি আখ্যা দিছে ।
এই ব্যৱস্থা যিমানখিনি প্ৰয়োজন সিমানখিনি ব্যৱহাৰ কৰা,মৰ্যদা,সহযোগিতাৰ আধাৰত প্ৰতিষ্ঠিত । পৰিৱেশৰ ওপৰত ইয়াৰ কম বা ইতিবাচক প্ৰভাৱ পৰে । তেওঁ গাঁওবোৰক স্বনিৰ্ভৰশীল কৰি তুলিবলৈ যথেষ্ট লিখিছিল । তেওঁৰ মতে ইয়াৰ জৰিয়তে সমগ্ৰ পৃথিৱীখনকে ৰক্ষা কৰিব পাৰি । এই অৰ্থনীতি হৈছে বিকেন্দ্ৰীক উৎপাদনৰ ওপৰত আধাৰিত,ইয়াৰ জৰিয়তে অতিৰিক্তবোৰ আনৰ লগত ভগোৱা হয় আৰু নিজে উৎপাদন কৰিব নোৱৰাখিনি আনৰ পৰা লয় । ইক’লজিকেল প্ৰযুক্তিৰ সহাত ভাৰতত স্বদেশী ২.০ গ্ৰহণ কৰাটো এয়াই সময় । বয়কট বা ঘৃণা বিয়পাৰ সলনি স্বনিৰ্ভৰশীলতা গঢ়াৰ বাবে এয়া এক ইতিবাচক আন্দোলনহে, এয়া নেতিবাচক প্ৰক্ৰিয়া নহয় । পৰিয়ালৰ সদস্য হিচাপে আৰু দেশ হিচাপে আমি যিবোৰ পাৰো নিজেই উৎপাদন কৰিব লাগে । ঔষধৰ পৰা খাদ্যলৈকে সকলো আমাৰ কাষতেই উৎপাদন কৰা উচিত। আমাৰ সকলোৰে নিজৰ সিদ্ধান্ত লোৱাৰ সক্ষমতা আছে । আমি যিমান পাৰো স্থানীয় আৰু বহনক্ষম সামগ্ৰী ব্যৱহাৰ কৰিব লাগে । স্বদেশী আৰু বহনক্ষমতাত আমি বিনিয়োগ কৰাটো উচিত । যিকোনো সামগ্ৰী ক্ৰয় কৰাৰ পূৰ্বে আপুনি নিজকে সোধক—ইয়াৰ সলনি মই স্থানীয়ভাৱে আৰু বহনক্ষম ধাৰণাৰে প্ৰস্তুত কৰা আন সামগ্ৰী কিনিব পাৰো নেকি?
এই সংকল্পৰ চূড়ান্ত স্তম্ভ হৈছে এগ্ৰ’ ইক’লজী । ঔদ্যোগিক খাদ্য ব্যৱস্থা যেনে জীৱ-জন্তু বা হাঁহ-কুকুৰাৰ ফাৰ্মে মানুহৰ স্বাস্থ্য ধ্বংস কৰাই নহয়,বিশ্বখনক কৰ্কটেৰে কোঙা কৰি পেলাইছে । কৃষকৰ আত্মহত্যা,কৃষকৰ লোকচান,গ্ৰাম্য সমাজত অপৰাধ বৃদ্ধি আদি ইয়াৰ লক্ষণ। সাৰ আৰু কীটনাশকেৰে আমাৰ নদীবোৰ প্ৰদূষিত হৈ পৰিছে আৰু গ্ৰাহকসকলে বিভিন্ন ৰোগত ভুগিবলগীয়া হৈছে যেনে—মধুমেহ,অক্ষমতা,কৰ্কট আদি । কিন্তু এই সাৰৰ ৰাজ সাহাৰ্যৰ বাবে ভাৰতৰ কৰ দাতাসকলে বহু পৰিমাণে কৰ আদায় দিবলগীয়া হয় ।
কিন্তু ‘CIMMYT’ ৰ মুখ্য বিজ্ঞানী এম এল জাটে এক গৱেষণ পত্ৰত প্ৰমাণ কৰামতে এগ্ৰ’ ইক’লজী পৰিৱেশ অনুকূল । ই কেৱল স্বাস্থ্য সন্মত খাদ্য প্ৰদান কৰাই নহয়, ই আমাৰ খাদ্য ব্যৱস্থাত ৰাসায়নিক আৰু জীৱাশ্ম ইন্ধনৰ উপস্থিতি হ্ৰাস কৰে । পানী পৰিষ্কাৰ কৰি,কাৰ্বন হ্ৰাস কৰি নাইট্ৰজেন চক্ৰ আৰু সোৱাদযুক্ত খাদ্য স্বাভাৱিক কৰি ই এক পৰিস্থিতি তন্ত্ৰ অনুকূল ব্যৱস্থাৰ সৃষ্টি কৰে ।
গতিকে আমি ক’ৰ পৰা আৰম্ভ কৰিব পাৰো ? আপোনাৰ ঘৰতেই প্ৰথমতে আৰম্ভ কৰক । আপোনাৰ ঘৰত ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ নকৰাকৈ পাত্ৰত শাক-পাচলিৰ খেতিৰ বাগিছা আৰম্ভ কৰক । আপুনি খোৱা পাচলিবোৰৰ খেতি কৰক । আপুনি যদি নিজে কৰিব নোৱাৰে জৈৱিকভাৱে খেতি কৰিব পৰা খেতিয়ক এজনৰ কাষ চাপক । চহৰত বাস কৰাসকলে এনে বাগিছাৰ ব্যৱস্থা কৰিব লাগে য’ত আমি শিশুসকলক দেখাব পাৰো যে আমি খোৱা পাচলিবোৰ ৰেফ্ৰিজাৰেটৰৰ পৰা নহয়,গছৰ পৰা আহে ।
এই সকলোবোৰ হৈছে সেউজ অৰ্থনীতিৰ আধাৰ । যিহেতু পৃথিৱীখনে এখন অন্ধকাৰ অৰ্থনীতিত ইতিমধ্যে ভৰি থৈছে,ভাৰতবৰ্ষই ভগ্ন অৰ্থনীতি আৰু ঔদ্যোগিক ব্যৱস্থাৰ ছাঁইৰ পৰা এক নতুন ব্যৱস্থা আদৰি ল’ব লাগে,সেয়া হ’ল—সেউজ অৰ্থনীতি । মহাত্মা গান্ধীয়ে কোৱাৰ দৰে স্বদেশী অৰ্থনীতিৰ ধাৰণাটো ইতিমধ্যে আমাৰ মাজত আছে । এই ধৰিত্ৰী দিৱসত আমি বাসুদেৱ কুটুম্বকম পৰিয়ালৰ ধাৰণাক গ্ৰহণ কৰি বিজ্ঞান,উদ্যমিতা আৰু পৃথিৱীৰ বাবে এক নতুন পথত ভৰি দিব লাগিব ।
লেখকঃ ইন্দ্ৰ শেখৰ সিং
(সঞ্চালক—পলিচী এণ্ড আউটৰিচ, নেশ্বনেল ছীড এশ্ব’চিয়েশ্বন ফৰ্ ইণ্ডিয়া)
লগতে চাওকঃ লক ডাউনঃ দুগুণ বৃদ্ধি পশুখাদ্যৰ মূল্য