ETV Bharat / bharat

ফিৰোজশ্বাহ কোটলা ষ্টেডিয়ামত অৰুণ জে'টলীৰ প্ৰতিমূৰ্তি উন্মোচন কৰে গৃহ মন্ত্ৰী অমিত শ্বাহে - Amit Shah

কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে সোমবাৰে ফিৰোজশ্বাহ কোটলা ষ্টেডিয়ামত প্ৰয়াত মন্ত্ৰী অৰুণ জে'টলীৰ এটি প্ৰতিমূৰ্তি উন্মোচন কৰে ৷ অৰুণ জে'টলীৰ 68 তম জন্মবাৰ্ষিকী অনুষ্ঠানৰ লগত সংগতি ৰাখি প্ৰতিমূৰ্তিটো উন্মোচন কৰাৰ লগতে মন্ত্ৰী গৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷

Amit Shah unveils Arun Jaitley's statue at Ferozshah Kotla stadium
ফিৰোজশ্বাহ কোটলা ষ্টেডিয়ামত অৰুণ জে'টলীৰ প্ৰতিমূৰ্তি উন্মোচন কৰে গৃহ মন্ত্ৰী অমিত শ্বাহে
author img

By

Published : Dec 28, 2020, 2:03 PM IST

নতুন দিল্লী,28 ডিচেম্বৰ: সোমবাৰে ফিৰোজশ্বাহ কোটলা ষ্টেডিয়ামত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে অৰুণ জে'টলীৰ এটি প্ৰতিমূৰ্তি উন্মোচন কৰে ৷ প্ৰয়াত মন্ত্ৰী অৰুণ জে'টলীৰ 68 তম জন্মবাৰ্ষিকী অনুষ্ঠানৰ লগত সংগতি ৰাখি প্ৰতিমূৰ্তি উন্মোচন কৰাৰ লগতে প্ৰয়াত মন্ত্ৰী গৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷

দিল্লীৰ ফিৰোজশ্বাহ কোটলা ক্ৰিকেট গ্ৰাউণ্ডত দিল্লী জিলা ক্ৰিকেট সন্মিলনৰ (ডিডিচিএ) এক অনুষ্ঠানত ভাষণ প্ৰসংগত শ্বাহে কয়, "এয়া মোৰ বাবে অতি সৌভাগ্য আৰু আনন্দৰ বিষয় যে মই ফেৰোজশ্বাহ কোটলা ষ্টেডিয়ামত আছো, যিখন ষ্টেডিয়াম অতীতৰ বহু কেইখন ঐতিহাসিক ক্ৰিকেট খেলৰ সাক্ষী ৷

ক্ৰিকেট প্ৰশাসন ত্যাগ কৰাৰ আগতে অৰুণ জে'টলী 1999 চনৰ পৰা 2013 চনলৈ 14 বছৰৰ বাবে ডিডিচিএ ৰ সভাপতি আছিল ৷ সেই বাবে মন্ত্ৰী গৰাকীৰ প্ৰতি সন্মান জনাই কোটলাত এটি ছয় ফুট উচ্চতাৰ প্ৰতিমূৰ্তি স্থাপন কৰিছে ৷

লগতে পঢ়ক: কৃষি আইন বাতিল নকৰিলে পুনৰ অনশনত বহিব আন্না হাজাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.