ETV Bharat / bharat

দিল্লীস্থিত COVID-19 হাস্পতাল ভ্ৰমণ অমিত শ্বাহ আৰু ৰাজনাথ সিঙৰ

author img

By

Published : Jul 6, 2020, 2:24 PM IST

দেওবাৰে দিল্লীস্থিত চৰ্দাৰ বল্লভভাই পাটেল COVID-19 হাস্পতাল ভ্ৰমণ কৰে কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহ আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে । DRDOদ্বাৰা নিৰ্মাণ কৰা এই হাস্পতালখন ১২ দিনত সম্পূৰ্ণ কৰে বুলি মন্তব্য কৰে শ্বাহে ।

চৰ্দাৰ বল্লভভাই পাটেল COVID-19 হাস্পতাল
চৰ্দাৰ বল্লভভাই পাটেল COVID-19 হাস্পতাল

নিউজ ডেস্ক, ৬ জুলাইঃ কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহ আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে দেওবাৰে দিল্লীত DRDOদ্বাৰা নিৰ্মাণ কৰা চৰ্দাৰ বল্লভ ভাই পাটেল COVID-19 হাস্পতাল ভ্ৰমণ কৰে ।

চৰ্দাৰ বল্লভভাই পাটেল COVID-19 হাস্পতাল
দিল্লীস্থিত OVID-19 হাস্পতাল ভ্ৰমণ অমিত শ্বাহ আৰু ৰাজনাথ সিঙৰ

১,০০০ আইচিইউৰ সহিতে ১,০০০ খন বিচনাযুক্ত অস্থায়ী হাস্পতালখনৰ নিৰ্মাণ ১২ দিনৰ ভিতৰত সম্পৰ্ণ কৰি তোলে । হাস্পতালখনত উপস্থিত হৈ অমিত শ্বাহে কয়,প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এই সংকটৰ সময়ত দিল্লীৰ বাসিন্দাসকলৰ সহায়ৰ হাত আগবঢ়াবলৈ প্ৰতিজ্ঞাবদ্ধ । মই DRDO,টাটা আৰু সেনা বাহিনী আৰু চিকিৎসা কৰ্মীসকলক ধন্যৱাদ জ্ঞাপন কৰো যে এই সংকটৰ সময়ত তেওঁলোকে আগবাঢ়ি আহি মহামাৰী প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত সহায় আগবঢ়াইছে ।

আনহাতে,অমিত শ্বাহ আৰু ৰাজনাথ সিঙৰ COVID-19 হাস্পতাল ভ্ৰমণৰ সময়ত উপস্থিত থাকে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী ড০ হৰ্ষবৰ্ধন, গৃহ মন্ত্ৰী কিশন ৰেড্ডী, দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু DRDOৰ মুখ্য অধ্যক্ষ জী সতীশ ৰেড্ডী।

লগতে চাওকঃ কাৰাগাৰত অসুস্থ অখিল গগৈৰ দেহত কৰ’ণাৰ লক্ষণ: উপযুক্ত চিকিৎসা লাভৰ পৰা বঞ্চিত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.