নেশ্যনেল ডেস্ক, ১৯ ডিচেম্বৰ: পশ্চিমবংগ বিধানসভা নিৰ্বাচনক লৈ দলীয় নেতৃত্বৰ কামৰ বুজ ল'বলৈ দুদিনীয়া কাৰ্যসূচীৰে শনিবাৰে পুৱতি নিশা ১ বজাত কলকাতাত উপস্থিত হয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ । কলকাতাত উপস্থিত হৈ কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে টুইট কৰি গুৰুদেৱ টেগৰ, ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰ আৰু শ্যামা প্রসাদ মুখাৰ্জীৰ দৰে মহান নেতাসকলৰ পূজনীয় ভূমিত আহিবলৈ পাই সন্তোষ প্ৰকাশ কৰে ।
অমিত শ্বাহৰ কলকাতা ভ্ৰমণৰ সময়ছোৱাত তৃণমূল কংগ্রেছৰ সদ্য পদত্যাগী নেতা সুভেন্দু অধিকাৰীয়ে বিজেপি দলত যোগদান কৰাৰ সম্ভাৱনা ব্যক্ত কৰা হৈছে । সুভেন্দু অধিকাৰীৰ লগতে আন কেইজনমান অসন্তুষ্ট তৃণমূল কংগ্রেছৰ সদ্য পদত্যাগী নেতা চিলভদ্ৰা দত্ত আৰু জিতেন্দ্ৰ তিৱাৰীয়েও বিজেপি দলত যোগদান কৰাৰ সন্দেহ কৰা হৈছে । অমিত শ্বাহে শনিবাৰে মিদনাপোৰত এক ৰাজহুৱা ৰেলীত অংশগ্ৰহণ কৰিব আৰু ইয়াতে তৃণমূল কংগ্রেছৰ সদ্য পদত্যাগী নেতাকেইজনে বিজেপি দলত যোগদান কৰাৰ সম্ভাৱনা আছে ।
ৰাজ্যখনৰ বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ ঘোষে গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই এপ্ৰিল-মে' মাহত অনুষ্ঠিত হ'বলগীয়া পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ দলীয় নেতৃত্বৰ কামৰ বুজ ল'বলৈ সময়ে সময়ে পশ্চিমবংগ ভ্ৰমণ কৰিব ।
লগতে পঢ়ক : গোৱাৰ স্বাধীনতা দিৱসত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে 19 ডিচেম্বৰত উপস্থিত হ'ব ৰাষ্ট্ৰপতি