ETV Bharat / bharat

মোদী আৰু ঝীৰ বৈঠকেহে অৱসান ঘটাব প্ৰকৃত নিয়ন্ত্ৰণৰেখাৰ বিবাদ - সঞ্জীৱ বৰুৱা / নতুন দিল্লী

সঞ্জীৱ বৰুৱা / নতুন দিল্লী

মোদী আৰু ঝীৰ বৈঠকেহে অৱসান ঘটাব প্ৰকৃত নিয়ন্ত্ৰণৰেখাৰ বিবাদ

author img

By

Published : Sep 24, 2020, 2:09 AM IST

পশ্চিম লাডাখত বিগত কেইবামাহত অনুষ্ঠিত হোৱা সৈন্য বাহিনীৰ কামাণ্ডাৰ স্তৰৰ বৈঠকবোৰৰ দৰেই সোমবাৰে ভাৰতীয় সীমাৰ চুচুল চকীৰ মোল্ডোত ১৪ ঘন্টা ধৰি অনুষ্ঠিত হোৱা মাৰাথন আলোচনাও কোনো স্পষ্ট ফলাফল নোহোৱাকৈয়ে সমাপ্ত হয় আৰু গতিৰোধ একেদৰেই অলৰ অচৰ অৱস্থাতেই আছে ৷

প্ৰকৃত নিয়ন্ত্ৰণৰেখাৰ ঘটনা প্ৰৱাহৰ খবৰ ৰখা এক সুত্ৰৰ মতে পশ্চিম লাডাখত চীনা পক্ষ নিজৰ সামৰিক স্থিতি বৰ্তাই ৰখাৰ ক্ষেত্ৰত আকোৰগোজ হৈ আছে আৰু “পাংগং ছ্য হ্রদৰ উত্তৰ পাৰ, ডেপছাং আৰু হট স্প্ৰিং এলেকাত অধিকাৰ কৰি থকা স্থানসমূহৰ পৰা নিষ্ক্ৰীয়কৰণ প্ৰক্ৰিয়াৰ সকলো ধৰণৰ পদ্ধতিক অস্বীকাৰ কৰিছে ৷ তদুপৰি, পিএলএ বিচাৰিছে যে ভাৰতীয় সৈন্যই নতুনকৈ অধিকাৰ কৰা নিজৰ প্ৰভাৱশালী এলেকাবোৰ, মূলতঃ পাংগং ছ্য হ্রদৰ দক্ষিণ পাৰৰ পৰা প্ৰস্থান কৰিব লাগে ৷ যিটো কোনো কাৰণতেই গ্রহণযোগ্য নহয় ৷”

যিহেতু গতিৰোধ শিথিল কৰাৰ পথত কোনো ধৰণৰ অগ্ৰগতি লাভ কৰিব পৰা নগ’ল ৷ গতিকে উভয় পক্ষই পুনৰ এপষেকৰ ভিতৰত বৈঠকত মিলিত হ’বলৈ সন্মত হৈছে ৷ সুত্ৰটোৱে পুনৰ এইদৰে জানিবলৈ দিয়ে ৷ এই বৈঠকখন হৈছে বিগত এপ্ৰিল-মে’ মাহত যুদ্ধ সদৃশ পৰিস্থিতি সৃষ্টি হোৱাৰ পাচৰে পৰা কেইবাটাও স্তৰত অনুষ্ঠিত হোৱা এলানি বৈঠকবোৰৰে এখন ৷

মোদী আৰু ঝীৰ আলোচনা

আলোচনাৰ সকলো পদ্ধতি বন্ধ হৈ যোৱাৰ পাচত এতিয়া কেৱল দেশ দুখনৰ শীৰ্ষ নেতৃত্বৰ ওপৰতহে এই সংঘাটৰ সমাধানৰ আশা ৰৈছে গৈ ৷ এইয়া কেৱল প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ঝী জিংপিঙৰ বাবেহে সম্ভৱপৰ হ’ব ৷ কিয়নো দুয়ো হৈছে শক্তিশালী ৰাষ্ট্ৰীয়তাবাদী নেতা আৰু দুয়োগৰাকীয়েই এই সময়ত ঘৰুৱা জনপ্ৰিয়তাৰ শিখা হাতত লৈ আগুৱাইছে আৰু দুয়োৰে এখন শক্তিশালী চুক্তিৰ প্ৰস্তাৱনা কৰা তথা কাৰ্যকৰী কৰণ কৰাৰ সম্পূৰ্ণ সামৰ্থ্য আছে ৷

যদি এইয়াই নহয়গৈ, তেনেহ’লে প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত (এলএছি) পৰিস্থিতি অধিক বেয়াৰ দিশে ঢাল খাবলৈ বাধ্য আৰু ই এখন যুদ্ধৰ পথ মুকলি কৰি দিব ৷ আনকি চীনে অক্টোবৰত ভাৰতক এক সন্মুখ সমৰলৈ থেলি দিয়াৰো পূৰ্ণ সম্ভাৱনা আছে ৷ ই এতিয়া যি পৰিস্থিতিত আছে এনে পৰিস্থিতিত নিষ্ক্ৰীয়কৰণৰ প্ৰক্ৰীয়া আৰু আন সকলো প্ৰট’ক’ল ব্যৰ্থ হৈছে ৷

কেৱল অক্টোবৰ কিয় ?

নৱেম্বৰ মাহৰে পৰা তথা তাৰ পাচত প্ৰকৃত নিয়ন্ত্ৰণৰেখাৰ পৰিস্থিতি যিকোনো মানৱীয় কাৰ্যকলাপৰ বাবেই ভয়ানকভাৱে প্ৰতিকূল হৈ পৰে ৷ সঘন তুষাৰপাত, হাড় গোট মৰা তাপমান, জাৰৰ কাৰকসমূহৰ লগতে কম ঘনত্বৰ বায়ুৰ কথা নকলেও হ’ব; এই সকলোবোৰ মিলি যুদ্ধ কৰাটো বাদেই যিকোনো ধৰণৰ মানৱীয় কাম কাজ সম্পন্ন কৰাটোৱেই অসম্ভৱ হৈ পৰে ৷ আনহাতে, বৰফাবৃত হিমালয়ৰ সু উচ্চতাত বৰফ গলা সময়লৈকে সৈন্য বাহিনীৰ বৰ্দ্ধিত সংখ্যা আৰু যুদ্ধৰ সা-সৰঞ্জামবোৰ পৰিচালনা কৰি ৰখাটো দুয়োখন দেশৰ বাবেই এক অৰ্থনৈতিক বোজাত পৰিণত হ’ব পাৰে ৷ যদিও ভাৰতীয় অৰ্থনীতি বিভিন্ন অৰ্থনৈতিক কাৰণসমূহৰ বাবে নিৰন্তৰভাৱে নিম্নগামী হ’বলৈ ধৰিছে আৰু ক’ভিড ১৯ এও ইয়াক প্ৰচণ্ড আঘাট হানিছে; তথাপি অনাগত উৎসৱৰ ঋতু (অক্টোবৰ-জানুৱাৰী) আৰু আসন্ন ৰবি শস্যৰ উৎপাদনে অৰ্থনীতিক পুনৰুদ্ধাৰ কৰাৰ সম্ভাৱনীয়তা আছে ৷ কিয়নো এইয়া যিহেতু উৎসৱবোৰ উদ্‌যাপন কৰাৰ আৰু বিবাহবোৰ সম্পন্ন হোৱাৰ সময় সেয়েহে গ্ৰাহকৰ মাজত বৃহৎ চাহিদাৰ সৃষ্টি হ’ব ৷ ই অন্তঃত সংকুচিত হ’বলৈ ধৰা ভাৰতীয় অৰ্থনৈতিক ব্যৱস্থাক সকাহ দিয়া আৰু আৱশ্যম্ভাৱি লোকচানবোৰক হ্ৰাস কৰাৰ ক্ষেত্ৰত এক বৃহৎ সুযোগ প্ৰদান কৰিব ৷

চীনে তেওঁলোকৰ ৰণনৈতিক কৌশলৰ পৰিকল্পনা প্ৰস্তুত কৰাৰ জৰিয়তে ভাৰতে নিজৰ অৰ্থনীতিক পুনৰুদ্ধাৰ কৰিবলৈ লোৱা উপায়বোৰক ধ্বংস কৰিবলৈ চেষ্টা চলাব পাৰে আৰু সেয়ে প্ৰকৃত নিয়ন্ত্ৰণৰেখাত যুদ্ধ সদৃশ পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে ৷ উদাহৰণ স্বৰূপে কব পাৰি যে গধুৰ সামৰিক সা-সৰঞ্জামবোৰৰ সৈতে ৪০ হাজাৰৰ এক অতিৰিক্ত বাহিনীক পৰিচালনা কৰি থকাটো অৰ্থনীতিৰ ওপৰত ইতিমধ্যেই এক ডাঙৰ বোজা হিচাপে প্ৰমাণিত হোৱা দেখা গৈছে ৷

বিভিন্ন স্তৰৰ আলোচনাসমূহ

যি সময়ত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে তেওঁৰ চীনা সমকক্ষ ৱেই ফেঙেৰ সৈতে যোৱা ৪ ছেপ্তেম্বৰত মস্কোত বৈঠকত বহিছিল; ঠিক তাৰ পাচতেই যোৱা ১০ জুনত এছ জয়শংকৰেও তেওঁৰ চীনা সমকক্ষ ৱাং য়িৰ লগত মস্কোতেই আলোচনাত মিলিত হৈছিল ৷ চীন সম্পৰ্কত ভাৰতৰ বিশেষ প্ৰতিনিধি তথা ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা অজিত ডোভালেও যোৱা ৬ জুলাইত তেওঁৰে চীনা সমকক্ষ তথা এছ আৰ ৱাং য়িৰ সৈতে এক ভাৰ্ছুৱেল বৈঠকত মিলিত হৈছিল ৷

যোৱা সোমবাৰে অনুষ্ঠিত হোৱা বৈঠকখন আছিল ষষ্ঠখন লেফটেনেন্ট জেনেৰেল স্তৰৰ বৈঠক ৷ ইয়াৰ পূৰ্ৱে, সৈন্য বাহিনীৰ কামাণ্ডাৰ স্তৰৰ আন পাঁচখন বৈঠক ক্ৰমান্বয়ে ৬ জুন, ২২ জুন, ৩০ জুন, ১৪ জুলাই আৰু আগষ্টৰ ২ তাৰিখে চুচুল আৰু মোল্ডোত অনুষ্ঠিত হৈ যায় ৷

কিন্তু এই বৈঠকখনৰ বিশেষত্বটো আছিল, ইয়াত ১৪ ক’ৰৰ কামাণ্ডাৰ, লেফটেনেন্ট জেনেৰেল হৰিন্দৰ সিং আৰু লেফটেনেন্ট জেনৰেল পি জি কে মেননে ভাগ লোৱাৰ উপৰিও চীনৰ দায়িত্বত থকা ভাৰতীয় বৈদেশিক মন্ত্ৰালয়ৰ যুটীয়া সচিব নৱীন শ্ৰীবাস্তৱেও ভাগ লৈছিল ৷ উল্লেখ্য যে পি জি কে মেননে অহা অক্টোবৰ মাহত লেফটেনেন্ট জেনেৰেল সিঙৰ পৰা দায়িত্বভাৰ গ্ৰহণ কৰিব ৷

যুটীয়া বিবৃতি

সোমবাৰৰ বৈঠকখনৰ গুৰুত্বপূৰ্ণ বিষয়টো আছিল, এচিয়াৰ দুয়োখন বৃহৎ শক্তিধৰ ৰাষ্ট্ৰৰ বৈদেশিক মন্ত্ৰী দুগৰাকীয়ে ১০ ছেপ্টেম্বৰৰ “ফাইভ পইন্ট”ক সমাধানৰ ভিত্তি হিচাপে গ্ৰহণ কৰিবলৈ এক যুটীয়া বিবৃতিৰ জৰিয়তে ঐক্যমতত উপনীত হয় ৷ আমোদজনক বিষয়টো হ’ল, যুটীয়া বিবৃতিটোৰ প্ৰথমটো দফাত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু চীনা ৰাষ্ট্ৰপতি ঝী জিংপিঙ মাজত ৱুহান (২০১৮ চনৰ ২৭-২৮ এপ্ৰিল) আৰু মামাল্লাপুৰমত (১২ অক্টোবৰ, ২০১৯) অনুষ্ঠিত হোৱা তেওঁলোকৰ ‘অনানুষ্ঠানিক’ শিখৰ সন্মিলন দুখনৰ সময়ত সম্পন্ন হোৱা চুক্তিবোৰৰ ব্যাপক চৰ্তসমূহৰ সন্দৰ্ভত স্পষ্টভাৱে উল্লেখ কৰি “নেতা সকলৰ” “ঐক্যমতৰ শৃংখলা”ৰ ওপৰত জোৰ দিয়া হৈছিল ৷

যি সময়ত সীমা সংঘাট সমাধান কৰাত সাম্ভাব্য সকলো প্ৰচেষ্টাই স্পষ্টভাৱে ব্যৰ্থ হৈছে সেই সময়তে এনেদৰে মোদী আৰু ঝীৰ বৈঠকৰ বিষয়টি উল্লেখ হোৱা কাৰ্যই ইয়াকো সূচাই যে মোদী আৰু ঝীৰ স্তৰৰ আলোচনালৈ পুনৰ উভতি যোৱাৰ প্ৰয়োজনীয়তা আছে ৷ ভাৰত আৰু চীনৰ মাজত থকা সমস্যাসমূহৰ প্ৰকৃতি এনেকুৱা যে ইয়াক দুয়ো দেশৰে উচ্চস্তৰৰ বিষয়ববীয়া সকলৰ দ্বাৰাহে সম্বোধন কৰিব পাৰি আৰু যিসকলৰ হাতত প্ৰয়োজনীয় সামৰ্থ্য আৰু প্ৰশাসনিক ক্ষমতা আছে তেওঁলোকেহে এই দীৰ্ঘ সময়জুৰি চলি থকা সমস্যাসমূহ সমাধান কৰিব পাৰিব ৷ এইয়া হৈছে ঔপনিবেশিকবাদৰ ফলত উত্তৰাধিকাৰী সুত্ৰে পোৱা এক সমস্যা, যাক সামৰিক নাইবা কূটনৈতিক স্তৰত আলোচনা কৰিয়েই সম্পূৰ্ণৰূপে সমাধান কৰিব পৰা নাযাব ৷

ঐতিহাসিকভাৱে সৈন্য সঞ্চালন কৰি থকা হৈছে

সমগ্ৰ হিমালয়জুৰি অভূতপূৰ্ৱভাৱে সৈন্য সঞ্চালন কৰা, সামৰিক সা-সজুলি সমূহ তথা ৰচদ পাতিসমূহৰ ব্যাপক হাৰত যোগাৰ কৰি থকাৰ মাজতেই ভাৰত আৰু চীনৰ মাজত আলোচনাসমূহ অনুষ্ঠিত হৈ আছে ৷ এই মুহূৰ্তত এক লাখতকৈও অধিক সৈন্যই প্ৰকৃত নিয়ন্ত্ৰণৰেখাৰ দুয়োপাৰে পত্যন্তৰ অঞ্চলবোৰত নিযুক্ত হৈ আছে ৷ এই প্ৰস্তুতিৰ ফলত ৰচদ পাতি যোগান ধৰা তথা আন্তঃগাঠনি নিৰ্মাণৰ কাম দূৰন্ত গতিত বৃদ্ধি পাইছে ৷

যি সময়ত চীনে প্ৰকৃত নিয়ন্ত্ৰণৰেখাত প্ৰথমবাৰৰ বাবে বৃহৎ সংখ্যক সৈন্য সঞ্চালন কৰিছে; সেই একে সময়তে ভাৰতেও পাকিস্তানক ধ্যানত ৰাখি প্ৰস্তুত কৰা ৰণকৌশলৰ পৰিৱৰ্তন ঘটাই এক চীনা কেন্দ্ৰিক ৰণনীতি নিৰ্মাণ কৰাত মনোনিৱেশ কৰিছে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.