ETV Bharat / bharat

কলকাতাৰ পৰা উত্তৰ পূৰ্বাঞ্চললৈ এয়াৰ ইণ্ডিয়াৰ সাপ্তাহিক মালবাহী সেৱা

author img

By

Published : Sep 17, 2020, 7:32 PM IST

এয়াৰ ইণ্ডিয়াই পোন প্ৰথমে উত্তৰ-পূৰ্বাঞ্চলৰ আগৰতলা আৰু আৰু ইম্ফল বিমানবন্দৰলৈ আৰম্ভ কৰিছে সাপ্তাহিক মালবাহী সেৱা ৷

Air India starts weekly freighter services  from Kolkata to NE airports
কলকাতাৰ পৰা উত্তৰ পূৰ্বাঞ্চললৈ এয়াৰ ইণ্ডিয়াই আৰম্ভ কৰিছে সাপ্তাহিক মালবাহী সেৱা

গুৱাহাটী, 17 ছেপ্তেম্বৰ :বুধবাৰৰ পৰা এয়াৰ ইণ্ডিয়াই আৰম্ভ কৰিছে কলকাতাৰ পৰা উত্তৰ পূৰ্বাঞ্চলৰ বিমানবন্দৰলৈ সাপ্তাহিক মালবাহী সেৱা ৷ 16 ছেপ্তেম্বৰত ইম্ফল আৰু আগৰতলা বিমানবন্দৰত সফলতাপূৰ্বক ভাৱে অৱতৰণ কৰে মালবাহী A-321 বিমানখনে ৷ এয়াৰ ইণ্ডিয়াই পোন প্ৰথমে উত্তৰ-পূৰ্বাঞ্চলৰ আগৰতলা আৰু আৰু ইম্ফল বিমানবন্দৰলৈ আৰম্ভ কৰিছে সাপ্তাহিক মালবাহী সেৱা ৷

এয়াৰ ইণ্ডিয়াই আৰম্ভ কৰিছে সাপ্তাহিক মালবাহী সেৱা

এয়াৰ ইণ্ডিয়াই উত্তৰ পূৰ্বাঞ্চলৰ অন্য বিমানবন্দৰ যেনেকৈ গুৱাহাটী, আইজল, ডিব্ৰুগড়, ডিমাপুৰ, শিলচৰ, লিলাবাৰী আৰু তেজপুৰ বিমানবন্দৰলৈ যাত্ৰীবাহী বিমানেৰে সেৱা আগবঢ়াই আহিছে ৷

বুধবাৰে ইম্ফল আৰু আগৰতলা বিমানবন্দৰত অৱতৰণ কৰা বিমানত আছিল কুকুৰা পোৱালি, হাঁহ পোৱালি, শুকান মাছ, চিকিৎসা সা-সৰঞ্জাম কীট ইত্যাদি ৷

ত্ৰিপুৰা ৰাজ্যখনৰ বাবে আগৰতলা বিমান বন্দৰত 2500 কেজি অত্যাৱশকীয় চিকিৎসা সা-সৰঞ্জাম আৰু ইম্ফল বিমানবন্দৰত মাছৰ সামগ্ৰীৰ লগতে কুকুৰা পোৱালি, হাঁহ পোৱালি, শুকান মাছ, চিকিৎসা সা-সৰঞ্জাম কীট ইত্যাদি অনা হৈছিল ৷

কাৰ্গো টৰ্মিনেল এএআইৰ সহায়ত আগৰতলা, ইম্ফল, শিলচৰ, গুৱাহাটী আৰু ডিব্ৰুগড়ত পূৰ্ণ সেৱা আগবঢ়োৱাৰ বাবে সকলো বিমানবন্দৰ সাজু আছে বুলি কয় Cargo Logistic and Allied Services Ltd. ৰ এএআই উত্তৰ-পূৰ্বাঞ্চল ক্ষেত্ৰৰ শ্ৰী জে.টি ৰাধাকৃষ্ণণ আঞ্চলিক কাৰ্যবাহী নিৰ্দেশকে ৷

লগতে চাওক-UAE ত আইপিএল 2020

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.