ETV Bharat / bharat

মে' মাহৰ পৰা গ্ৰাহকৰ বাবে মুকলি কৰা হ'ব এয়াৰ ইণ্ডিয়াৰ বুকিং

author img

By

Published : Apr 18, 2020, 8:13 PM IST

4 মে'ৰ পৰা আৰম্ভ হ'ব ঘৰুৱা বিমানৰ বুকিং ৷ আনহাতে, 1 জুনৰ পৰা আৰম্ভ হ'ব আন্তৰাষ্ট্ৰীয় বিমানৰ বুকিং ৷

বিমানত প্ৰতিবন্ধকতা
মে' মাহৰ পৰা গ্ৰাহকৰ বাবে মুকলি কৰা হ'ব এয়াৰ ইণ্ডিয়াৰ বুকিং

নেশ্যনেল ডেস্ক, 18 এপ্ৰিল : শনিবাৰে এয়াৰ ইণ্ডিয়াই ঘোষণা কৰে যে,তেওঁলোকে কিছুমান নিৰ্দিষ্ট ঘৰুৱা আৰু আন্তৰাষ্ট্ৰীয় মাৰ্গৰ বাবে বুকিং মুকলি কৰি দিব ৷ সেই অনুসৰি ঘৰুৱা বুকিঙৰ বাবে 4 মে' আৰু আন্তৰাষ্ট্ৰীয় বুকিঙৰ বাবে 1 জুনৰ পৰা তাৰিখ ধাৰ্য কৰা হৈছে ৷

এয়াৰ ইণ্ডিয়াৰ অফিচিয়েল ৱেবছাইটৰ জৰিয়তে প্ৰকাশ পোৱা অনুসৰি, "বিশ্বজোৰা স্বাস্থ্য সংকটৰ ওপৰত দৃষ্টি ৰাখি আমি ঘৰুৱা বিমানৰ ক্ষেত্ৰত 3 মে', 2020 আৰু আন্তৰাষ্ট্ৰীয় বিমানৰ ক্ষেত্ৰত 31 মে', 2020 লৈ বুকিঙত প্ৰতিবন্ধকতা আৰোপ কৰিছো ৷"

লগতে কয়, "নিৰ্দিষ্ট ঘৰুৱা বিমানৰ বাবে 4 মে' আৰু আন্তৰাষ্ট্ৰীয় বিমানৰ বাবে 1 জুনৰ পৰা পুনৰ বুকিং আৰম্ভ হ'ব ৷"

উল্লেখ্য যে, কৰ'ণা ভাইৰাছ প্ৰতিৰোধৰ বাবে ভাৰতে 25 মাৰ্চৰ পৰা দেশত জাৰি কৰিছিল লক ডাউন ৷ প্ৰথম অৱস্থাত প্ৰধানমন্ত্ৰী মোডীয়ে 25 মাৰ্চৰ পৰা 14 এপ্ৰিললৈ লক ডাউন ঘোষণা কৰিছিল যদিও পাচত এই লকডাউন 3 মে'লৈ বৃদ্ধি কৰে ৷

এই সময়ছোৱাত সকলোবোৰ ঘৰুৱা আৰু আন্তৰাষ্ট্ৰীয় বিমানত প্ৰতিবন্ধকতা আৰোপ কৰা হৈছে ৷ 3 এপ্ৰিলত এয়াৰ ইণ্ডিয়াই ঘোষণা কৰিছিল যে,চলিত মাহৰ অন্তিম দিনলৈকে তেওঁলোকে ঘৰুৱা আৰু আন্তৰাষ্ট্ৰীয় বিমানৰ বুকিং বন্ধ ৰাখিছে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.