নিউজ ডেস্ক, ৫ জুনঃ কোভিড-১৯ৰ সংকটৰ সময়তে বিগত পাচ দিনে দিল্লী এইমছত অব্যাহত আছে নাৰ্চ ইউনিয়নৰ প্ৰতিবাদ। কৰ্মস্থলীত উন্নতমানৰ সা-সুবিধা,কোভিড-১৯ সংক্ৰমিত হ'ব পৰা অঞ্চলসমূহত সুৰক্ষা উপকৰণ যোগান ধৰা আদিৰ দাবীত ধৰ্ণাত বহিছিল নাৰ্ছ ইউনিয়নে। এই সময়তেই এইমছৰ ৪৭ গৰাকী নাৰ্ছসহ মুঠ ৩২৯ গৰাকী স্বাস্থ্যকৰ্মীৰ দেহত ধৰা পৰিছে কোভিড-১৯ৰ উপস্থিতি।

নাৰ্ছ ইউনিয়নৰ অধ্যক্ষ হৰীশ কাজলাই উল্লেখ কৰা অনুসৰি পূ্ৰ্বৰ কৰ্মৰ সময় ৬ ঘণ্টাৰ পৰিৱৰ্তে ৭ অথবা ৮ ঘণ্টালৈ বৃদ্ধি কৰা হৈছে। লগতে,পিপিই কিট পিন্ধা আৰু খোলাৰ সময়ত মহিলা কৰ্মীসকলৰ ওপৰত বিশেষ প্ৰভাৱ পৰিছে বুলি অধ্যক্ষগৰাকীয়ে উল্লেখ কৰে। ইয়াৰ উপৰি বহুসময় ধৰি পিপিই কিট পিন্ধি কাম কৰাৰ বাবে মহিলাসকলৰ মাহেকীয়াৰ সকলৰ ছেনিটেৰী পেড সবাল নোৱাৰাৰ বাবে বহু সমস্যাৰ সম্মুখীন হৈছে। এবাৰ এই পিপিই কিট পিন্ধি লোৱাৰ পাছত খোলাতো অসুবিধা বুলি নাৰ্ছ ইউনিয়নৰ অধ্যক্ষগৰাকীয়ে জানিবলৈ দিয়ে।
উল্লেখ্য যে, ১ ফেব্ৰুৱাৰীৰ পৰা এইমছৰ চিকিৎসক,নাৰ্ছ,স্বাস্থ্যকৰ্মীসহ মুঠ ৩২৯ লোক কোভিড-১৯ত আক্ৰান্ত হৈছে। ইয়াৰ ভিতৰত তিনিগৰাকী লোক মৃত্যুমুখত পৰিছে।
লগতে চাওকঃ বিধায়ক শিলাদিত্য দেৱৰ পত্নী আৰু পুত্ৰক হোম কোৱাৰেণ্টাইন