পাটনা, 3 অক্টোবৰ: অক্টোবৰৰ শেষত বিহাৰৰ নিৰ্বাচনক কেন্দ্ৰ কৰি বিহাৰৰ চহৰ আৰু গাঁও সমূহত আৰম্ভ হৈছে নিৰ্বাচনী তৎপৰতাৰ ৷ চহৰ তথা গাঁৱৰ বিভিন্ন স্থানসমূহত ৰাজনৈতিক দল সমূহৰ মাজত নিৰ্বাচনী সম্ভাৱনা বোৰকলৈ আৰম্ভ হৈছে চৰ্চাৰ ৷
নিৰ্বাচনী ঋতুৰ আন এটা শাখা হৈছে যে, 'নেতা' হিচাপে স্বীকৃতি পাবলৈ আগ্ৰহী দলৰ কৰ্মীসকলে 'ৰাজনৈতিক পোছাক' পায়জামা, কুৰ্তা আৰু জেকেট ক্ৰয় কৰাত ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে ৷
বিহাৰৰ ৰাজধানী পাটনাৰ পৰা আৰম্ভ কৰি ভিতৰুৱা অঞ্চলৰ চহৰ, গাঁৱৰ ৰাজনৈতিক কৰ্মী আৰু নেতাসকলে খাদি কুৰ্তা আৰু পাইজামা কিনিবলৈ খাদী আৰু দৰ্জীৰ দোকানত উপস্থিত হৈছে । তেওঁলোকে তেওঁলোকৰ ব্যক্তিত্বৰ সৈতে মিলা সঠিক ৰং বাছনি কৰি আছে ।
ভাৰতীয় জনতা পাৰ্টিৰ কৰ্মীসকলে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বস্ত্ৰশৈলীক অনুকৰণ কৰি কুৰ্তা ক্ৰয় কৰি আছে, আনহাতে পূৰ্বৰ কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীৰ শৈলীত কংগ্ৰেছ নেতা আৰু কৰ্মীসকলে পছন্দ অনুসৰি পায়জামা আৰু কুৰ্তা ক্ৰয় কৰি আছে ।
পাটনাৰ বীৰচান্দ পেটেল পথৰ ওচৰৰ খাদি দোকানবোৰে গ্ৰাহকৰ সংখ্যা বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি অধিক দৰ্জী নিয়োজিত কৰিছে । দোকানী আৰু দৰ্জীসকলে ক‘ৰণা ভাইৰাছৰ ফলত লোকচানৰ সন্মুখীন হোৱাৰ পাছত গ্ৰাহকসকলক সন্তুষ্ট কৰিবলৈ সকলো ধৰণৰ চেষ্টা অব্যাহত ৰাখিছে । দোকান সমূহত মাজ নিশালৈকে চিলাইৰ কাম চলি থকাৰ বিপৰীতে পুৱা দোকান সমূহ খোলাৰ লগে লগে গ্ৰাহকৰ ভিৰ পৰিলক্ষিত হয় ৷
উল্লেখ্য যে, এজন সাধাৰণ দৰ্জীয়ে দৈনিক সাত-আঠ যোৰ কুৰ্তা-পায়জামা প্ৰস্তুত কৰিব পাৰে ।
প্ৰায় ১০ বছৰ ধৰি দৰ্জী হিচাপে কাম কৰি থকা মকসুদ আলমে কয় যে, বিহাৰ নিৰ্বাচন ঘোষণাৰ পিছত কুৰ্তা-পায়জামা বিচৰা লোকৰ সংখ্যা বৃদ্ধি পাইছে।
মকসুদে কয় যে, "বহু নেতাই প্ৰতি দুই-তিনি ঘণ্টাত এক যোৰা কুৰ্তা-পায়জামা চিলাই কৰিব বিচাৰে। আমি তেওঁলোকক হতাশ নকৰোঁ । সাধাৰণ কুৰ্তা-পায়জামা 500 টকাত চিলাই কৰা হৈছে,"
পাটনাৰ উচ্চ ন্যায়ালয়ৰ সমীপত টেইলৰিং দোকান চলোৱা মোহাম্মদ সালিদে কয়, "এই নিৰ্বাচনটো আমাৰ বাবে এক বৰদান স্বৰূপ । কৰ‘ণা মহামাৰীৰ সময়ত আমি যথেষ্ট পৰিমাণে আৰ্থিক সংকটত ভুগিছিলো ৷ এতিয়া চহৰৰ বাহিৰৰ পৰাও গ্ৰাহকৰ আগমন ঘটিছে ৷ "
কাপোৰ বিক্ৰেতাসকলে কয় যে, বজাৰত বহু প্ৰকাৰৰ খাদি উপলব্ধ । কিন্তু, মানুহে চৰ্খা, মটকা, হেণ্ডলুম, আকবৰপুৰী আৰু মলমল খাদি পছন্দ কৰিছে ।
লগতে পঢ়ক :বিশ্বৰ দীৰ্ঘতম ৰাষ্ট্ৰীয় ঘাইপথ সুৰংগ "অটল টানেল" মুকলি কৰিলে প্ৰধানমন্ত্ৰীয়ে