নিউজ ডেস্ক, 8 মে': আগ্ৰাত বাতৰি কাকতৰ সাংবাদিক সহ আন এজন লোকৰ কৰ'ণা ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হয় । সাংবাদিক জন এছ এন চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছিল । এই মৃত্যুৰ ফলত আগ্ৰাত মুঠ নিহতৰ সংখ্যা 20 গৰাকীলৈ বৃদ্ধি হৈছে । এই তথ্য অৱগত কৰিছে জিলা দণ্ডাধীশ প্ৰভু এন সিঙে ।
আগ্ৰাত বৰ্তমান COVID-19 ত আক্ৰান্তৰ সংখ্যা 678 গৰাকী । 11 গৰাকী লোক বৃহস্পতিবাৰে নতুনকৈ আক্ৰান্ত হৈছিল । বৰ্তমানলৈ আগ্ৰাত 294 গৰাকী লোক আৰোগ্য হৈ উঠিছে ।