ETV Bharat / bharat

কলকাতাৰ ৰবীন্দ্ৰ সৰোবৰত অস্বাভাৱিক মৃত্যু বহু মাছ-কাছৰ

author img

By

Published : Nov 5, 2019, 5:09 AM IST

Updated : Nov 5, 2019, 11:56 AM IST

ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণৰ বাধা স্বত্বেও কলকাতাৰ ৰবীন্দ্ৰ সৰোবৰত পালন কৰা হয় ষট পূজা ৷ কিন্তু ষট পূজা পালনৰ পিচতেই সৰোবৰত ভাঁহি উঠে অসংখ্য মাছ আৰু কাছৰ মৃতদেহ ৷ ঘটনা সন্দৰ্ভত নিমাত কলকাতা প্ৰশাসন ৷

ৰবীন্দ্ৰ সৰোবৰত মৃত্যু বহুসংখ্যক মাছ-কাছৰ

নেশ্যনেল ডেস্ক, 5 নৱেম্বৰঃ সদ্যসমাপ্ত ষট পূজাৰ বাবেই কলকাতাত মৃত্যু হৈছে অসংখ্য মাছ আৰু কাছৰ ৷ ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণৰ নিষেধাজ্ঞাক কেৰেপ নকৰা কলকাতাবাসীয়ে ষট পূজা পালন কৰাৰ পিচতেই পৰিলক্ষিত হয় এই দৃশ্য ৷ ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণৰ বাধাৰ বাবেই বিগত সময়ত বন্ধ হৈ থকা ৰবীন্দ্ৰ সৰোবৰত সংঘটিত হৈছে এই ঘটনা ৷ সৰোবৰটো পৰিস্কাৰ কৰাৰ সময়তে পৌৰসভাৰ কৰ্মীয়ে প্ৰত্যক্ষ কৰে এই দৃশ্য ৷

লগতে পঢ়কঃ টাৱাঙৰ ভাৰত-চীন সীমান্তত তীব্ৰ তুষাৰপাত

ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণৰ বাধাক আওকান কৰি চলিত ষট পূজাত ভাঙি পেলোৱা হয় ৰবীন্দ্ৰ সৰোবৰৰ তলা ৷ তাৰ পিচতেই অসংখ্য ভক্তই পালন কৰে ষট পূজা ৷ ষট পূজাৰ বাবেই সৰোবৰটোত সৃষ্টি হোৱা ভয়ংকৰ জল প্ৰদূষণৰ ফলত মৃত্যু হয় অগণন সৰু-ডাঙৰ মাছৰ লগতে বিলুপ্তপ্ৰায় প্ৰজাতিৰ বহু কাছ ৷ ঘটনাৰ প্ৰাথমিক অনুসন্ধানত ষট পূজাত অৰ্পণ কৰা ফুলৰ লগতে তেল আৰু প্লাষ্টিকৰ সামগ্ৰীৰ বাবেই মৃত্যু হৈছে এইসমূহ জলজ প্ৰাণাৰ ৷ ঘটনাক অত্যন্ত নিন্দনীয় আখ্যা দিয়ে বিশিষ্ট পৰিৱেশকৰ্মী সুভাষ দত্তই ৷ ৰবীন্দ্ৰ সৰোবৰৰ জাতীয় সম্পদ নষ্ট কৰা এক অপৰাধ আখ্যা দি ইয়াৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণৰ বাবে আহ্বান জনায় পৰিৱেশ কৰ্মীগৰাকীয়ে ৷

Intro:Body:

ষট পূজাৰ পিচতে কলকাতাৰ ৰবীন্দ্ৰ সৰোবৰত মৃত্যু বহুসংখ্যক মাছ-কাছৰ

ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণৰ বাধা স্বত্বেও কলকাতাৰ ৰবীন্দ্ৰ সৰোবৰত পালন কৰা হয় ষট পূজা ৷ কিন্তু ষট পূজা পালনৰ পিচতেই সৰোবৰত ভাঁহি উঠে অসংখ্য মাছ আৰু কাছৰ মৃতদেহ ৷ ঘটনা সন্দৰ্ভত নিমাত কলকাতা প্ৰশাসন ৷

নেশ্বনেল ডেস্ক, 5 নৱেম্বৰঃ সদ্যসমাপ্ত ষট পূজাৰ বাবেই কলকাতা মৃত্যু অসংখ্য মাছ আৰু কাছৰ ৷ ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণৰ নিষেধাজ্ঞাক কেৰেপ নকৰা কলকাতাবাসীয়ে ষট পূজা পালন কৰাৰ পিচতেই পৰিলক্ষিত হয় এই দৃশ্য ৷ ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণৰ বাধাৰ বাবেই বিগত সময়ত বন্ধ হৈ থকা ৰবীন্দ্ৰ সৰোবৰত সংঘটিত হৈছে এই ঘটনা ৷ সৰোবৰটো পৰিস্কাৰ কৰাৰ সময়তে পৌৰসভাৰ কৰ্মীয়ে প্ৰত্যক্ষ কৰে এই দৃশ্য ৷

ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণৰ বাধা আওকান কৰি চলিত ষট পূজাত ভাঙি পেলোৱা হয় ৰবীন্দ্ৰ সৰোবৰৰ তলা ৷ তাৰ পিচতেই অসংখ্য ভক্তই পালন কৰে ষট পূজা ৷ ষট পূজাৰ বাবেই সৰোবৰটোত সৃষ্টি হোৱা ভয়ংকৰ জল প্ৰদূষণে নিধন কৰে অগণন সৰু-ডাঙৰ মাছৰ লগতে বিলুপ্তিৰ পথত আগবঢ়া কাছ ৷ ঘটনাৰ প্ৰাথমিক অনুসন্ধানত ষট পূজাত অৰ্পণ কৰা ফুলৰ লগতে তেল আৰু প্লাষ্টিকৰ সামগ্ৰীৰ বাবেই মৃত্যু হৈছে এইসমূহ জল পশুকুলৰ ৷ ঘটনাক অত্যন্ত নিন্দনীয় আখ্যা দিয়ে বিশিষ্ট পৰিৱেশকৰ্মী সুভাষ দত্তই ৷ ৰবীন্দ্ৰ সৰোবৰৰ জাতীয় সম্পদ নষ্ট কৰা এক অপৰাধ আখ্যা দি ইয়াৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণৰ বাবে আহ্বান জনায় পৰিৱেশকৰ্মীগৰাকীয়ে ৷

Conclusion:
Last Updated : Nov 5, 2019, 11:56 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.